উত্তৰ মেৰু বা সুমেৰুলৈ যোৱা এটা অভিযানকাৰী দলত অন্তৰ্ভুক্ত অসমৰ ঋতুৰাজ ফুকনক সফলতাৰে অভিযান সম্পূৰ্ণ কৰাৰ বাবে অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবদ্যই অভিনন্দন জনায়।
উল্লেখযোগ্য যে ঋতুৰাজ ফুকনে ক্লাইমেট ফ’ৰ্চ আৰ্কটিক এক্সপেডিশ্যন ২০১৯ (Climate force arctic expedition 2019)ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
কালি অৰ্থাৎ দেওবাৰে এই টুইট যোগে মন্ত্ৰী পৰিমল শুক্লবদ্যই ঋতুৰাজক অভিনন্দন জ্ঞাপন কৰে।
I wholeheartedly congratulate Mr. Rituraj Phukan of Green Guard Nature Organization for his remarkable & propitious expedition in Antarctic to traverse the insights of climate change impacts in the global conference in Arctic region pic.twitter.com/l0gTpqm9Mb
— Parimal Suklabaidya (@ParimalSuklaba1) July 8, 2019
এই উদ্দেশ্যে যোৱা ১৩ জুনত গুৱাহাটীৰ পৰা নৰৱেৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰা ঋতুৰাজে ১৫ জুনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গৱেষকৰ দলৰ সৈতে নৰৱেৰ পৰা সুমেৰু অভিমুখে অভিযান আৰম্ভ কৰে।
লগতে পঢ়ক ক্লাইমেট ফৰ্চ আৰ্কটিক এক্সপেডিশ্যনত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ ঋতুৰাজে
ঋতুৰাজ ফুকন পৰিৱেশ সংৰক্ষণ. বন্যপ্ৰাণী উদ্ধাৰ আৰু পৰিৱেশ সম্পৰ্কীয় আন বিভিন্ন কামৰ সৈতে জড়িত গ্ৰীন গাৰ্ড (Green guard) নামৰ পৰিৱেশ সংস্থাটোৰ সাধাৰণ সম্পাদাক। ইয়াৰ উপৰি তেওঁ জলবায়ু পৰিৱৰ্তন সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে গঠন হোৱা The Climate Reality Projectৰ এগৰাকী মেণ্টৰ।
উক্ত অভিযান কালত তেওঁলোকৰ দলটোৱে বতৰ পৰিৱৰ্তন আৰু সুমেৰুৰ বৰফ গলাৰ সম্পৰ্কে অধ্যয়ন কৰিছিল। অহা ১০ জুলাইত তেওঁ অসম আহি পাবহি।