• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উজনি অসমৰ প্ৰলয়ংকাৰী বান: চৰকাৰৰ বিফলতা ঢাকিবলৈ ‘ডাৱৰ বিস্ফোৰণ’ৰ ভুৱা দাবী, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৬ সংগঠনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2026 3:25 pm
63
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ৬০ বছৰৰ অভিলেখ ভংগ কৰি উজনি অসমত ধনশিৰি, জাঁজী আৰু দিখৌ নদীয়ে সৃষ্টি কৰা জলপ্ৰলয়ে একপ্ৰকাৰ ধ্বংসস্তূপত পৰিণত কৰিছে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাক। এই প্ৰলয়ংকৰী বানত ৯৫ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১০-১২ লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে আৰু ৪৫ হাজাৰ হেক্টৰ কৃষিভূমি ধ্বংস হৈছে। কেৱল শিৱসাগৰ জিলাতেই প্ৰায় ৬০০ খন গাঁও বিধ্বস্ত হোৱাৰ লগতে চাৰিখন জিলাৰ ভিতৰত শিৱসাগৰ আৰু চৰাইদেউ জিলাত সৰ্বাধিক ক্ষতি হৈছে। এই ভয়াৱহ পৰিস্থিতিক কেৱল প্ৰাকৃতিক দুৰ্যোগ বুলি আখ্যা নিদি ইয়াৰ আঁৰত থকা চৰকাৰী ব্যৰ্থতাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ৰাজ্যৰ কেইবাটাও পৰিৱেশ আৰু জন-বিজ্ঞান সংগঠনে।

 

Apply Now

‘ডাৱৰ বিস্ফোৰণ’ৰ তথ্য খণ্ডন আৰু চৰকাৰী ব্যৰ্থতা

 

চৰকাৰী বিভাগসমূহে প্ৰকৃত সত্য লুকুৱাই এই বানক নাগালেণ্ডৰ মন জিলাত হোৱা আৰু কাৰো নিয়ন্ত্ৰণ নথকা ‘ডাৱৰ বিস্ফোৰণ’ৰ ফল বুলি ঘোষণা কৰিছিল। কিন্তু ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) এই দাবী অস্বীকাৰ কৰি স্পষ্টকৈ উল্লেখ কৰিছে যে নাগালেণ্ডৰ মন জিলাত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাছিল, বৰঞ্চ আটাইকেইদিন ধৰি ২৩৯ মিলিমিটাৰ বৰষুণহে হৈছিল। সংগঠনকেইটাই অভিযোগ কৰিছে যে, প্ৰয়োজনৰ সময়ত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA) সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ বাবেই চৰকাৰে নিজৰ বিফলতা ঢাকিবলৈ ইয়াক নিয়ন্ত্ৰণৰ বাহিৰৰ প্ৰাকৃতিক পৰিঘটনাৰ ৰূপ দিব বিচাৰিছিল।

 

আগতীয়া সতৰ্কবাণী প্ৰেৰণত শোচনীয় বিফলতা

 

বৰ্তমান উপগ্ৰহ, ডপ্লাৰ ৰাডাৰ, আৰু ডিজিটেল তথ্য আদান-প্ৰদানৰ দৰে ব্যৱস্থা থকাৰ পিছতো দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নামনিৰ ৰাইজক সময়মতে সতৰ্ক কৰাত বিফল হয়। অসমত এতিয়াও উপগ্ৰহৰ পৰা পোৱা তথ্য ছফ্টৱেৰৰ পৰা ছফ্টৱেৰলৈ (API Integration) আদান-প্ৰদান কৰাৰ সলনি পুৰণি হাতেৰে ফাইলৰ যোগেদি যোগাযোগ (Manual Channel) কৰা ব্যৱস্থাই চলি আছে। ১৯ জুলাইৰ দিনৰ ১১ মান বজাত নাগালেণ্ডৰ মন জিলাৰ আয়ুক্তই অত্যাধিক বৰষুণৰ ফলত জাঁজী নৈয়ে সৃষ্টি কৰা বানৰ উদ্ধাৰ কাৰ্যৰ বাবে নাও বিচাৰি শিৱসাগৰৰ আয়ুক্তলৈ ফোন কৰিছিল। ইয়াৰ পিছতো জিলা বা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা কোনো আগতীয়া সতৰ্কবাণী পঠোৱা নহ’ল আৰু সন্ধিয়া ৬-৭ বজাত দিখৌ নৈ ওফন্দি সমগ্ৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা বুৰাই পেলায়, যাৰ ফলত ৰাইজৰ হাতত একো কৰিবলৈ বাকী নাথাকিল। উৰিষ্যা চৰকাৰে আগতীয়া সতৰ্কবাণীৰে লাখ লাখ লোকক সুৰক্ষিত স্থানলৈ নিয়াৰ সফলতাৰ দৃষ্টান্ত থকাৰ পিছতো অসম চৰকাৰে আৰু ASDMA-এ বছৰে বছৰে অহা বানৰ পৰা কোনো শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম নহ’ল।

 

পৰিৱেশ ধ্বংস আৰু অবৈধ খনন

 

দিখৌ, জাঁজী আৰু ধনশিৰি নদীৰ উৎপত্তিস্থল নাগালেণ্ডৰ পাহাৰীয়া অঞ্চলৰ লগতে নাজিৰাৰ ওচৰৰ বিহুবৰ, চণ্টক আদি স্থানত অবৈধভাৱে শিলৰ কুৱেৰী স্থাপন আৰু বালি খনন কৰি নৈখন তৰাং কৰাৰ ফলত নদীৰ পানী ধৰি ৰখাৰ ক্ষমতা হ্ৰাস পাইছে। ইয়াৰ ফলতে নামনি অংশত বিপদসীমাৰ ২ মিটাৰ ওপৰেদি বোৱা পানী মানুহৰ ঘৰৰ মুধচৰ ওপৰেদি ববলৈ ধৰে। চৰকাৰী বিষয়াৰ মদতপুষ্ট চিণ্ডিকেট চক্ৰৰ এই অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে ‘বন সুৰক্ষা টাস্ক ফৰ্চ’ গঠনৰ নিৰ্দেশ দিয়াৰ পিছতো চৰকাৰে কোনো ফলদায়ক পদক্ষেপ গ্ৰহণ নকৰিলে। তদুপৰি, চৰকাৰৰ জলবায়ু পৰিৱৰ্তনৰ ৰাজ্যিক কৰ্ম-আঁচনি-২ (S.A.P.C.C.-2)ৰ অধীনত মথাউৰি নিৰ্মাণত আধুনিক প্ৰযুক্তি (যেনে Geo Cell, Geogrid) ব্যৱহাৰৰ কথা উল্লেখ থাকিলেও বিগত ৬ বছৰে কোনো কাম নহ’ল। লগতে ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়া ‘বানমুক্ত অসম’ৰ ঘোষণাও বাস্তৱায়িত নহ’ল বুলি বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে।

এই ভয়াৱহ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংগঠনকেইটাই চৰকাৰৰ ওচৰত চাৰিটা মূল দাবী উত্থাপন কৰিছে। প্ৰথমতে, যোৱা ১৯ জুলাইৰ পৰা উজনি অসমৰ চাৰিখন জিলাত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে এক উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত ঘোষণা কৰাৰ লগতে ভৱিষ্যতে এনে দুৰ্যোগৰ পৰা ৰাইজক সুৰক্ষা দিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা হৈছে। দ্বিতীয়তে, বানাক্ৰান্ত লোকসকলক উচিত সাহায্য আৰু পুনৰ সংস্থাপন প্ৰদান কৰাৰ উপৰি মহামাৰী প্ৰতিৰোধৰ বাবে জনস্বাস্থ্যৰ দিশত ব্যাপক পদক্ষেপ ল’বলৈ চৰকাৰক আহ্বান জনোৱা হৈছে। তৃতীয়তে, বানৰ আগতীয়া সতৰ্কবাণী প্ৰেৰণত ব্যৰ্থ হোৱা সংশ্লিষ্ট বিভাগ আৰু বিষয়াসকলক জগৰীয়া কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক (ASDMA) আধুনিক প্ৰযুক্তিৰে অধিক শক্তিশালী কৰিবলৈ দাবী উত্থাপন কৰা হৈছে। চতুৰ্থতে, যিহেতু এই বানৰ কাৰণসমূহ মূলতঃ আন্তঃৰাজ্যিক সীমা আৰু পৰিৱেশ তন্ত্ৰৰ ধ্বংসৰ সৈতে জড়িত, সেয়েহে চুবুৰীয়া নাগালেণ্ড চৰকাৰৰ সৈতে এই সন্দৰ্ভত তাৎক্ষণিকভাৱে আলোচনাৰ মেজত বহিবলৈ দাবী জনোৱা হৈছে। উল্লেখযোগ্য যে, জনসাধাৰণৰ স্বাৰ্থত এই গুৰুত্বপূৰ্ণ প্ৰেছ বিবৃতিটো মুকলি কৰিছে ‘আৰ্লি বাৰ্ডছ’ৰ সভাপতি মলয় বৰুৱা, ‘নাগৰিক অধিকাৰ সমাজ, অসম’ৰ (নাছা) সম্পাদক শংকৰ শইকীয়া, ‘সদৌ ভাৰত জন-বিজ্ঞান নেটৱৰ্ক, অসম’ৰ সভাপতি অমৃত গোস্বামী আৰু সম্পাদক নজিব আহমেদ, ‘ইলোৰা বিজ্ঞান মঞ্চ’ৰ সাধাৰণ সম্পাদক মনোজ ৰয় আৰু ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ মুখ্য আহ্বায়ক মহেশ ডেকাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

September 5, 2026 7:50 am
দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

September 5, 2026 7:00 am
‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

September 5, 2026 7:50 am
দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

September 5, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd