• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি, ১৪ খন জিলাত উচ্চ সতৰ্কতা জাৰি

ৰাজ্যত বান পৰিস্থিতি ক্ৰমাৎ অধিক শোচনীয় হৈ পৰিছে। বিগত ২৪ ঘণ্টাত বানপানীৰ ফলত পুনৰ ৬ জন লোকে প্ৰাণ হেৰুওৱাৰ পিছত বানত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা ৯৫ জনলৈ বৃদ্ধি পাইছে। দুৰ্যোগ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা প্ৰণালীৰ (DRIMS) শেহতীয়া প্ৰতিবেদন অনুসৰি, ৰাজ্যখনৰ ১৪ খন জিলাৰ ৫৬৩ খন গাঁৱৰ ১.৬ লাখতকৈয়ো অধিক লোক বৰ্তমান বানৰ কৱলত পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2026 8:02 am
108
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত বান পৰিস্থিতি ক্ৰমাৎ অধিক শোচনীয় হৈ পৰিছে। বিগত ২৪ ঘণ্টাত বানপানীৰ ফলত পুনৰ ৬ জন লোকে প্ৰাণ হেৰুওৱাৰ পিছত বানত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা ৯৫ জনলৈ বৃদ্ধি পাইছে। দুৰ্যোগ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা প্ৰণালীৰ (DRIMS) শেহতীয়া প্ৰতিবেদন অনুসৰি, ৰাজ্যখনৰ ১৪ খন জিলাৰ ৫৬৩ খন গাঁৱৰ ১.৬ লাখতকৈয়ো অধিক লোক বৰ্তমান বানৰ কৱলত পৰিছে। গ্ৰামাঞ্চলৰ লগতে কেইবাখনো জিলাত কৃত্ৰিম বানে ভয়াবহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে এই জিলাসমূহত উচ্চ সতৰ্কতা জাৰি কৰিছে।

 

Apply Now

বুধবাৰে পোহৰলৈ অহা ৬ টা নতুন মৃত্যুৰ ঘটনাৰ ভিতৰত ৫ জনৰ সাধাৰণ বানৰ ফলত মৃত্যু হৈছে। ইয়াৰে দুজন বিশ্বনাথৰ, দুজন শিৱসাগৰৰ আৰু এজন গোলাঘাট জিলাৰ। আনহাতে, মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰত কৃত্ৰিম বানৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ওদালগুৰিত এজন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। বৰ্তমান নুমলীগড়ত ধনশিৰি নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। বানৰ ফলত প্ৰভাৱিত হোৱা জিলাসমূহৰ ভিতৰত গোলাঘাট, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, বিশ্বনাথ, ধেমাজি, কামৰূপ (মহানগৰ), যোৰহাট, শোণিতপুৰ, তিনিচুকীয়া, নগাঁও, দৰং, কাৰ্বি আংলং আৰু ওদালগুৰি অন্যতম। চৰকাৰী তথ্য অনুসৰি, ৫৭ হাজাৰতকৈ অধিক ক্ষতিগ্ৰস্ত লোকেৰে শিৱসাগৰ জিলা বানত আটাইতকৈ বেছি প্ৰভাৱিত হৈছে আৰু ইয়াৰ পিছতেই আছে গোলাঘাট আৰু যোৰহাট জিলা।

 

এই প্ৰলয়ংকৰী বানে ৰাজ্যৰ আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন কৰিছে। বিশ্বনাথৰ ব্ৰহ্মাজানত ৫ টা আৰু দৰঙৰ মঙলদৈত ২ টাকৈ মথাউৰি ছিগাৰ লগতে চৰাইদেউত এখন তীখাৰ দলং আৰু ওদালগুৰিত এখন পদযাত্ৰীৰ দলং ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ ১৬,৯৫১ হেক্টৰ কৃষিভূমি পানীৰ তলত বুৰ যোৱাৰ লগতে ৩৫ হাজাৰৰো অধিক পশুধন ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় ৮,৫০০ পশুধন বানত উটি গৈছে। ইয়াৰ সমান্তৰালকৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো চহৰত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। কামৰূপ, কামৰূপ (মহানগৰ), মৰিগাঁও আৰু যোৰহাটত কৃত্ৰিম বানৰ ফলত ৭৩৪ জন লোক প্ৰভাৱিত হৈছে। কামৰূপ (মহানগৰ) জিলাৰ সাতগাঁও আৰু হাতীগাঁৱৰ দৰে জলমগ্ন অঞ্চলৰ পৰা এছ ডি আৰ এফ আৰু ডি ডি আৰ এফ বাহিনীয়ে নাও ব্যৱহাৰ কৰি ৮০ জন লোকক নিৰাপদ স্থানলৈ উদ্ধাৰ কৰিছে। গুৱাহাটীৰ জুৰিপাৰ আৰু অনিল নগৰ অঞ্চলত আংশিক জলবদ্ধতাই এতিয়াও জনজীৱন ব্যাহত কৰি ৰাখিছে।

 

প্ৰকাশিত তথ্য অনুসৰি বৰ্তমান ৪৫ টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে য’ত ১২,৩৫৬ জন লোকে আশ্ৰয় গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও ৫৯ টা বিতৰণ কেন্দ্ৰৰ জৰিয়তে ৩২ হাজাৰৰো অধিক লোকক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই জলমগ্ন অঞ্চলসমূহত অধিক বৰষুণৰ আগজাননী দিয়াৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি অধিক শোচনীয় হোৱাৰ আশংকা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd