নিয়োগৰ দিশত ৰাজ্যৰ ইতিহাসত এক নজিৰ সৃষ্টি কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিত ৰাজ্যখনৰ ২৯৭০১ গৰাকী শিক্ষকলৈ আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ বিতৰণ কৰে।
ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত এই সৰ্ববৃহৎ নিযুক্তি সমাৰোহত আজি ১৬৮৮৪ গৰাকী শিক্ষকক শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ জৰিয়তে, ১৩,২১৭ গৰাকী মেধাভিত্তিক টে’ট উত্তীৰ্ণ প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰা হয়।
এই নিযুক্তি পদক্ষেপে শিক্ষানুষ্ঠানত শিক্ষকৰ নাটনি দূৰ কৰি এক গতিশীল শিক্ষাৰ বাতাৱৰণ সূচনা কৰাৰ দিশত এক ইতিবাচক পৰিৱেশৰ সূচনা কৰিব বুলি চৰকাৰে আশা ব্যক্ত কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰীয়ে কয় যে ৰাজ্যৰ শিক্ষাখণ্ডত এক বৃহৎসংখ্যক শিক্ষক নিযুক্তিৰ জৰিয়তে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ৰাজ্যখনৰ সামগ্ৰিক শৈক্ষিক উত্তৰণৰ বাবে নিষ্ঠাসহকাৰে পদক্ষেপ লৈছে সেই কথা পুনৰবাৰ প্ৰতীয়মান কৰিছে।
চলিত বছৰৰ ভিতৰতে ৫০ হাজাৰ পদত নিযুক্তি দিয়া হ’ব বুলি বিগত স্বাধীনতা দিৱসৰ দিনা ৰাজ্য চৰকাৰে যি ঘোষণা কৰিছিল তাক বাস্তৱায়িত কৰাত শিক্ষা বিভাগে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ বাবে মুখ্য মন্ত্ৰীয়ে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগটোৰ বিষয়া-কৰ্মচাৰী সকলক ধন্যবাদ জ্ঞাপন কৰে।
বিদ্যালয় প্ৰাদেশিকীকৰণৰ জৰিয়তে নিযুক্তি লাভ কৰা শিক্ষকসকলৰ উপৰি মেধাভিত্তিত টে’ট উত্তীৰ্ণ শিক্ষকসকলে সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি আজিৰ অনুষ্ঠানত উপস্থিত থকা শিক্ষকসকলক তেওঁ জ্ঞান গভীৰতা আৰু বৌদ্ধিক বিশালতাৰ এক অন্যতম প্ৰতিচ্ছবি বুলি অভিহিত কৰে।
শিক্ষক সকলক উদ্দেশ্যি মুখ্য মন্ত্ৰীয়ে কয় যে শিক্ষাগুৰুসকল যদি সদায় সন্মানৰ আসনত উপৱিষ্ট হৈ থাকে তেতিয়াহে সমাজৰ সংস্কাৰ সম্ভৱ হয়। শিক্ষকতাৰ দৰে মৰ্যাদাসম্পন্ন বৃত্তিৰ আৰু শিক্ষকৰ আসনখনৰ গৰিমা যাতে সদায়ে আটুট থাকে তাৰ বাবে শিক্ষক সমাজ সদায়ে সটেষ্ট হ’ব লাগিব বুলি উল্লেখ কৰি সোণোৱালে কয় যে সমাজত অস্থিৰতা সৃষ্টিৰ সময়ত স্থিৰতা ঘূৰাই অনাৰ সামৰ্থ্যও শিক্ষকৰ থাকিব লাগিব।
আজি নিযুক্তিপ্ৰাপ্ত প্ৰতিগৰাকী শিক্ষকেই এনে মানৱ সম্পদ গঢ়ি তোলাৰ দায়িত্ব ল’ব লাগিব, যি বিশ্বৰ প্ৰতিখন কৰ্মপথাৰতে নিজৰ যোগ্যতা আৰু দক্ষতা প্ৰমাণ কৰিব পাৰিব।