• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্রী-বিধায়কৰ কথা নুশুনে ৰাইজে; চেলিব্ৰেটি ব্ৰেণ্ড এম্বেছাডৰৰ ওপৰতেই ভৰসা চৰকাৰৰ!

দুলাল মিশ্ৰ by দুলাল মিশ্ৰ
August 9, 2020 9:33 am
jubeen
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহুতৰে বাবে গা বেজ বেজাই যোৱা কথা যেন লাগিলেও এয়া সঁচা যে বহু মন্ত্ৰী-বিধায়কৰ কথা এতিয়া বিশ্বাসত নোলোৱা হৈছে ৰাইজে।

কালান্তক বানৰ সংহাৰ,ক’ৰ’ণাতংকৰ বাবে সৃষ্টি হোৱা অচলাৱস্থা আদিৰ বাবে ৰাজ্যৰ সাধাৰণ জনতাৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা।

Apply Now

জনতাৰ দুখ প্ৰশমিত কৰাৰ বাবে চৰকাৰে বৰ্তমান পৰিস্থিতিত যেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেয়া পৰা নাই।

তৈল খাদৰ বিস্ফোৰণে সৰ্বস্বান্ত কৰা মানুহৰ খবৰ লবলৈ গৈ,বানাক্ৰান্তৰ খবৰ লবলৈ গৈ,বজাৰত মূল্য বৃদ্ধিৰ বুজ লবলৈ গৈ…আৰু বহু কিবা কিবি কৰিবলৈ গৈ এতিয়া বহু মন্ত্ৰী-বিধায়ক পৰিবলগীয়া হৈছে গণৰোষত।

বাঘজানৰ ঘটনাটোক সাধাৰণ ঘটনা হিচাবে প্ৰমাণ কৰিবলৈ গৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কম খন লটি-ঘটি হ’ল নে,বজাৰত ক’ত মূল্য বৃদ্ধি হৈছে বুলি প্ৰশ্ন কৰি প্ৰমাণ দিবলৈ কোৱা মন্ত্ৰীকো জনতাই উভতি ধৰাৰ কথা বহুতৰে মনত আছে।

নিৰ্বাচনৰ সময়ত ২৬ লাখ নিৱনুৱাৰ সংস্থাপনৰ কথা কোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ পুৰণি কথা মনত পৰি যাব বুলিয়েই পৰাপক্ষত ২৬ সংখ্যাটো মুখলৈ ননাৰ দৰেই হৈছে। জল সম্পদ বিভাগৰ মন্ত্ৰী গৰাকীকতো বানাক্ৰান্তই একো কব নোৱাৰাই হৈ পৰিছে।

খহনীয়াত সৰ্বস্বান্ত কোনোৱাই কিবা ক’লেই টিঙিচ কৈ খঙটো উঠি যায় জল সম্পদ মন্ত্ৰীৰ,কয়-মই য’লৈকে গৈছো তাতেই কাম হৈছে।অৰ্থাৎ মন্ত্ৰীৰ পদধূলি নপৰা ঠাইত উন্নয়ন আশা কৰি লাভ নাই।ক’ৰ’ণাতংকৰ পিছৰে পৰা বহু মন্ত্ৰী-বিধায়ক অসমতে আছে নে বেলেগ কোনো গ্ৰহলৈ গৈছে তাকে লৈয়ো বহুতৰে সন্দেহ।

কাৰণ দুখৰ দিনতো  বহু মন্ত্ৰী-বিধায়কৰ মুখ দৰ্শনৰ পৰা বঞ্চিত হৈছে জনতা।মন্ত্ৰী যোগেন মোহনৰ মতে আকৌ চৰকাৰৰ টকা আছে,বিষয়াই তথ্য দিয়া নাই বাবেহে বানাক্ৰান্তক সাহায্য দিব পৰা নাই।অৰ্থাৎ চৰকাৰে বানাক্ৰান্তক ঢালি বাকী দিছে টোপ ধৰিহে পৰা নাই।

মন্ত্ৰী যোগেন মোহনৰ কথাৰ পৰা স্পষ্ট হৈছে বহু বিষয়াৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ নাই।কংগ্ৰেছৰ দীঘলীয়া শাসনৰ কৰ্মকাণ্ডই আমুওৱা ৰাইজে যি পৰিৱৰ্তনৰ আশৰে বৰ্তমানৰ চৰকাৰখনক বহুৱাইছিল সেই পৰিৰ্ৱতন দেখা যোৱা নাই।

সেয়ে বহু মন্ত্ৰী-বিধায়কৰ কথা এতিয়া বিশ্বাসত নোলোৱা হৈছে ৰাইজে।এনে পৰিস্থিতিত ৰাইজে বিশ্বাসত লোৱা জনপ্ৰিয় চেলিব্ৰেটিক চৰকাৰে জনসম্পৰ্ক শক্তিশালী কৰাৰ বাবে নিয়োগ কৰিব বিচাৰিছে।

চৰকাৰৰ এনে কৌশল কিমান ফলৱতী হ’ব সেয়া সময়েহে কব।

জনতা জনাৰ্দনে এতিয়াও চৰকাৰৰ পৰিৱৰ্তনৰ সুমতি হ’ব বুলিয়েই আশা কৰি আছে।

দুলাল মিশ্ৰ

দুলাল মিশ্ৰ

Stay Connected

  • 117k Fans

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

August 12, 2026 7:43 pm
নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

August 12, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd