• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভালৈ ভাষা গৌৰৱ আঁচনিৰ অধীনত ১০ কোটি টকা : চৰকাৰক ধন্যবাদ সভাৰ প্ৰাক্তন বিষয়ববীয়াৰ

NE NOW NEWS মুৰুলী বৰুৱা
নগাঁও , February 1, 2021 7:32 pm

2 min read

asom
157
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে ভাষা গৌৰৱ আঁচনিৰ অধীনত অসম সাহিত্য সভালৈ আৰু লগতে বিভিন্ন জনগোষ্ঠীয় আৰু জনজাতীয় সাহিত্য সভালৈ মুঠ ৪৩ কোটি ২০ লাখ টকা আগবঢ়াইছে।

বিষয়টোত পৰম আনন্দ প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই।

আজি অসম সাহিত্য সভাৰ এই দুই প্ৰাক্তন বিষয়ববীয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত সাহিত্য সভাৰ ইতিহাসত কোনো যুগতে অসম চৰকাৰে ইমান বৃহৎ পৰিমাণৰ ধন আগবঢ়োৱাৰ নজিৰ নাই বুলি উল্লেখ কৰি অসম সাহিত্য সভালৈ ১০ কোটি টকা ভাষাৰ উৎকৰ্ষ সাধনৰ কাৰণে আগবঢ়োৱাত বৰ্তমানৰ চৰকাৰখনক ধন্যৱাদ জনাইছে।

চৰকাৰৰ এই পদক্ষেপ ঐতিহাসিক আৰু শলাগনীয় বুলি উল্লেখ কৰি বিবৃতিটোত বিশেষভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা, বিত্ত আদি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যৱাদ জনাইছে দুই প্ৰাক্তন বিষয়ববীয়াই।

বিবৃতিটোত লগতে কোৱা হৈছে যে ২০১৯ চনৰ পৰা ভাষা গৌৰৱ আঁচনি প্ৰসঙ্গত চৰকাৰী পৰ্যায়ত আলোচনা আৰম্ভ হৈছিল। অসমৰ থলুৱা ভাষা আৰু মুখ্যতঃ অসমীয়া ভাষাৰ সৰ্বাংগীণ বিকাশৰ বাবে অসম সাহিত্য সভাৰ অনুৰোধ মৰ্মে অসম বিধানসভাত শিক্ষা, স্বাস্থ্য, লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই  সুদূৰ প্ৰসাৰী ভাষা গৌৰৱ আঁচনি উত্থাপন কৰিছিল।

সাহিত্য সভাৰ হৈ ড° পৰমানন্দ ৰাজবংশীয়ে বিভিন্ন সময়ত এই আলোচনাত অংশগ্ৰহণ কৰি অসম চৰকাৰক অসমীয়া ভাষাৰ লগতে বিভিন্ন জনগোষ্ঠীয় আৰু জনজাতীয় ভাষাৰ বিকাশৰ বাবে শকত পৰিমাণৰ ধন আগবঢ়াবলৈ অনুৰোধ জনাইছিল। ড° ৰাজবংশীয়ে চৰকাৰলৈ সমুদায় ধন স্থায়ী বিত্তীয় নিধিত(Corpus fund)জমা কৰাৰ প্ৰস্তাৱ পৰামৰ্শ হিচাপে আগবঢ়াইছিল।

উল্লেখযোগ্য যে আৰম্ভণি পৰ্যায়ত কেৱল অসম সাহিত্য সভাৰ লগতে বড়ো, কাৰ্বি, তিৱা, ডিমাচা, মিচিং, গাৰো, ৰাভা আৰু দেউৰী এই আঠ জনজাতীয় সাহিত্য সভালৈ ধন আগবঢ়োৱাৰ কথা চলি আছিল।

কিন্তু মুখ্যমন্ত্ৰীৰ বাসগৃহত ২০১৯ ৰ ৩১ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ সৈতে শেষ আলোচনা সভাত বহাৰ পূৰ্বে অসম সাহিত্য সভাৰ ফালৰ পৰা সকলো জনগোষ্ঠীয় সাহিত্য সভালৈ ভাষা গৌৰৱ আঁচনিৰ ধন আগবঢ়াবলৈ অনুৰোধ জনোৱা হয়।

সেই অনুসৰি অসম সাহিত্য সভাৰ ফালৰ পৰা সকলো জনগোষ্ঠীয় সাহিত্য সভাৰ নাম তালিকা চৰকাৰলৈ প্ৰেৰণ কৰা হয়। অসম সাহিত্য সভাৰ সেই প্ৰচেষ্টাৰ ফলস্বৰূপেই ৩১ ডিচেম্বৰৰ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম সাহিত্য সভালৈ দহ কোটি, বড়ো সাহিত্য সভালৈ পাঁচ কোটি আৰু অন্যান্য জনগোষ্ঠীয়- জনজাতীয় সাহিত্য সভালৈ তিনি কোটিকৈ ধন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd