• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভালৈ ভাষা গৌৰৱ আঁচনিৰ অধীনত ১০ কোটি টকা : চৰকাৰক ধন্যবাদ সভাৰ প্ৰাক্তন বিষয়ববীয়াৰ

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
February 1, 2021 7:32 pm
asom
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে ভাষা গৌৰৱ আঁচনিৰ অধীনত অসম সাহিত্য সভালৈ আৰু লগতে বিভিন্ন জনগোষ্ঠীয় আৰু জনজাতীয় সাহিত্য সভালৈ মুঠ ৪৩ কোটি ২০ লাখ টকা আগবঢ়াইছে।

বিষয়টোত পৰম আনন্দ প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই।

Apply Now

আজি অসম সাহিত্য সভাৰ এই দুই প্ৰাক্তন বিষয়ববীয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত সাহিত্য সভাৰ ইতিহাসত কোনো যুগতে অসম চৰকাৰে ইমান বৃহৎ পৰিমাণৰ ধন আগবঢ়োৱাৰ নজিৰ নাই বুলি উল্লেখ কৰি অসম সাহিত্য সভালৈ ১০ কোটি টকা ভাষাৰ উৎকৰ্ষ সাধনৰ কাৰণে আগবঢ়োৱাত বৰ্তমানৰ চৰকাৰখনক ধন্যৱাদ জনাইছে।

চৰকাৰৰ এই পদক্ষেপ ঐতিহাসিক আৰু শলাগনীয় বুলি উল্লেখ কৰি বিবৃতিটোত বিশেষভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা, বিত্ত আদি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যৱাদ জনাইছে দুই প্ৰাক্তন বিষয়ববীয়াই।

বিবৃতিটোত লগতে কোৱা হৈছে যে ২০১৯ চনৰ পৰা ভাষা গৌৰৱ আঁচনি প্ৰসঙ্গত চৰকাৰী পৰ্যায়ত আলোচনা আৰম্ভ হৈছিল। অসমৰ থলুৱা ভাষা আৰু মুখ্যতঃ অসমীয়া ভাষাৰ সৰ্বাংগীণ বিকাশৰ বাবে অসম সাহিত্য সভাৰ অনুৰোধ মৰ্মে অসম বিধানসভাত শিক্ষা, স্বাস্থ্য, লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই  সুদূৰ প্ৰসাৰী ভাষা গৌৰৱ আঁচনি উত্থাপন কৰিছিল।

সাহিত্য সভাৰ হৈ ড° পৰমানন্দ ৰাজবংশীয়ে বিভিন্ন সময়ত এই আলোচনাত অংশগ্ৰহণ কৰি অসম চৰকাৰক অসমীয়া ভাষাৰ লগতে বিভিন্ন জনগোষ্ঠীয় আৰু জনজাতীয় ভাষাৰ বিকাশৰ বাবে শকত পৰিমাণৰ ধন আগবঢ়াবলৈ অনুৰোধ জনাইছিল। ড° ৰাজবংশীয়ে চৰকাৰলৈ সমুদায় ধন স্থায়ী বিত্তীয় নিধিত(Corpus fund)জমা কৰাৰ প্ৰস্তাৱ পৰামৰ্শ হিচাপে আগবঢ়াইছিল।

উল্লেখযোগ্য যে আৰম্ভণি পৰ্যায়ত কেৱল অসম সাহিত্য সভাৰ লগতে বড়ো, কাৰ্বি, তিৱা, ডিমাচা, মিচিং, গাৰো, ৰাভা আৰু দেউৰী এই আঠ জনজাতীয় সাহিত্য সভালৈ ধন আগবঢ়োৱাৰ কথা চলি আছিল।

কিন্তু মুখ্যমন্ত্ৰীৰ বাসগৃহত ২০১৯ ৰ ৩১ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ সৈতে শেষ আলোচনা সভাত বহাৰ পূৰ্বে অসম সাহিত্য সভাৰ ফালৰ পৰা সকলো জনগোষ্ঠীয় সাহিত্য সভালৈ ভাষা গৌৰৱ আঁচনিৰ ধন আগবঢ়াবলৈ অনুৰোধ জনোৱা হয়।

সেই অনুসৰি অসম সাহিত্য সভাৰ ফালৰ পৰা সকলো জনগোষ্ঠীয় সাহিত্য সভাৰ নাম তালিকা চৰকাৰলৈ প্ৰেৰণ কৰা হয়। অসম সাহিত্য সভাৰ সেই প্ৰচেষ্টাৰ ফলস্বৰূপেই ৩১ ডিচেম্বৰৰ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম সাহিত্য সভালৈ দহ কোটি, বড়ো সাহিত্য সভালৈ পাঁচ কোটি আৰু অন্যান্য জনগোষ্ঠীয়- জনজাতীয় সাহিত্য সভালৈ তিনি কোটিকৈ ধন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

মুৰুলী বৰুৱা

মুৰুলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd