অসম চৰকাৰে অৱশেষত ২০২৬ বৰ্ষৰ বাবে চৰকাৰী বন্ধৰ তালিকা মুকলি কৰিছে। এই তালিকা অনুসৰি, নতুন বৰ্ষত বিভিন্ন ৰাষ্ট্ৰীয় উৎসৱ, ধৰ্মীয় অনুষ্ঠান আৰু ৰাজ্যিক দিৱস উপলক্ষে অসম চৰকাৰৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। তালিকাখনত নতুন বছৰৰ প্ৰথম মাহৰ পৰা শেষ মাহলৈকে কেতিয়া কেতিয়া বন্ধ লাভ কৰিব, তাৰ সবিশেষ উল্লেখ কৰা হৈছে।
তলত ২০২৬ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাৰ মূল অংশসমূহ উল্লেখ কৰা হ’ল:
জানুৱাৰী মাহ
বৰ্ষটোৰ আৰম্ভণিতেই মাঘ বিহু আৰু তুছু পূজাৰ বাবে ১৪ আৰু ১৫ জানুৱাৰী দুদিন বন্ধ পোৱা যাব। ইয়াৰ উপৰি, ২৩ জানুৱাৰীত নেতাজীৰ জন্মদিন, ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস, ২৭ জানুৱাৰীত বাথৌ পূজা আৰু ৩১ জানুৱাৰীত মে-ডাম-মে-ফিৰ বাবে চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।
ফেব্ৰুৱাৰী আৰু মাৰ্চ
- ১ ফেব্ৰুৱাৰী: বীৰ চিলাৰায় দিৱস
- ৩ মাৰ্চ: দৌলযাত্ৰা
- ২১ মাৰ্চ: ঈদ-উল-ফিটৰ
এপ্ৰিল মাহ
এই মাহটোত ব’হাগ বিহুৰ দীঘলীয়া বন্ধকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বন্ধ আছে। ১৪, ১৫ আৰু ১৬ এপ্ৰিলত ব’হাগ বিহু উপলক্ষে তিনিদিন বন্ধ পোৱা যাব। আন বন্ধসমূহ হ’ল— ৩ এপ্ৰিলত গুড ফ্ৰাইডে, ১৮ এপ্ৰিলত দামোদৰদেৱৰ তিথি, আৰু ২১ এপ্ৰিলত সতী সাধিনী দিৱস।
মে‘ আৰু জুন মাহ
- ১ মে‘ত: মে’ দিৱস আৰু বুদ্ধ পূৰ্ণিমাৰ যুটীয়া বন্ধ।
- ২৭ মে‘ত: ঈদ-উজ-জোহাৰ বন্ধ।
- ১ জুনত: মাধৱদেৱৰ জন্মোৎসৱৰ বন্ধ।
আগষ্ট আৰু ছেপ্টেম্বৰ
আগষ্ট মাহত ১৫ আগষ্টত স্বাধীনতা দিৱসৰ বন্ধ থাকিব। ছেপ্টেম্বৰ মাহত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিথি উপলক্ষে কেইবাটাও বন্ধ পোৱা যাব:
- ১ ছেপ্টেম্বৰ: মাধৱদেৱৰ তিৰোভাৱ তিথি
- ৪ ছেপ্টেম্বৰ: জন্মাষ্টমী
- ১২ ছেপ্টেম্বৰ: শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি
- ২১ ছেপ্টেম্বৰ: শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ
- ২২ ছেপ্টেম্বৰ: কৰম পূজা
অক্টোবৰ মাহত দুৰ্গা পূজাৰ বন্ধ
অক্টোবৰ মাহত দুৰ্গা পূজা উপলক্ষে ৰাজ্যিক কৰ্মচাৰীসকলে দীঘলীয়া বন্ধৰ সুবিধা পাব।
- ২ অক্টোবৰ: গান্ধী জয়ন্তী
- ১৮ অক্টোবৰ: কাতি বিহু আৰু দুৰ্গা পূজাৰ আৰম্ভণি
- ১৯, ২০ আৰু ২১ অক্টোবৰ: দুৰ্গা পূজা আৰু বিজয়া দশমীৰ বন্ধ
নৱেম্বৰ আৰু ডিচেম্বৰ
বৰ্ষটোৰ শেষৰ ফালে দীপাৱলী আৰু খ্ৰীষ্টমাছকে ধৰি কেইবাটাও বন্ধ তালিকাভুক্ত কৰা হৈছে:
- ৮ নৱেম্বৰ: দীপাৱলী আৰু কাতি বিহু
- ১১ নৱেম্বৰ: ভাতৃ দ্বিতীয়া
- ১৫ নৱেম্বৰ: ষট পূজা
- ২৪ নৱেম্বৰ: গুৰু নানক জয়ন্তী আৰু লাচিত দিৱস
- ২ ডিচেম্বৰ: অসম দিৱস
- ২৫ ডিচেম্বৰ: খ্ৰীষ্টমাছ





