• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত ফিল্মফেয়াৰ এৱৰ্ডছ ২০২০ ৰ চুক্তি সম্পাদন; বলিউদৰ নামি-দামী অভিনেতা-অভিনেত্ৰীৰে ভৰিব গুৱাহাটী

মুম্বাইৰ বাহিৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ফিল্মফেয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 25, 2019 6:55 pm
Filmfare_Awards

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্রী সর্বানন্দ সোণোৱাল, পর্যটন মন্ত্রী চন্দন ব্রহ্ম, বেনেট, কলমেন এণ্ড কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক বিনীত জৈনৰ উপস্থিত সোমবাৰে মহানগৰীৰ টাজ ভিভান্টাত ২০২০ চনৰ ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৬৫ তম ফিল্ম ফেয়াৰ এৱাৰ্ডৰ বাবে অসম পর্যটন উন্নয়ন নিগম(এটিডিচি) আৰু দ্যা টাইমছ গ্রুপৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

উল্লেখযোগ্য যে, এই সন্মানীয় ফিল্ম ফেয়াৰ এৱার্ড অনুষ্ঠানত প্ৰথমবাৰৰ বাবে মুম্বাইৰ বাহিৰত অনুষ্ঠিত হ’ব।

Apply Now

চুক্তি স্বাক্ষৰিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে ১৯৩৫ চনত ‘জয়মতী’ চলচ্চিত্ৰৰ মাধ্যমেৰে ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া চলচ্চিত্ৰৰ যি যাত্ৰাৰ সূচনা কৰিছিল, তাৰ জৰিয়তে অসমীয়া চলচ্চিত্রই প্রাণ পাই উঠিছিল।

বিষ্ণু ৰাভা, ফণীশৰ্মা, ড° ভূপেন হাজৰিকা, নিপ বৰুৱা, ব্ৰজেন বৰুৱা, মুনীন বৰুৱা, আব্দুল মজিদ, ভৱেন্দ্ৰ নাথ শইকীয়া, আইদেউ সন্দিকৈকে ধৰি অসমৰ চলচ্চিত্র জগতৰ বৰেণ্য ব্যক্তিসকলে আগবঢ়াই যোৱা অৰিহণাৰ জৰিয়তে অসমীয়া চলচ্চিত্রই শক্তিশালী পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে বুলিও সোণোৱালে লগতে কয়।

টাইমছ গ্র’পে ফিল্ম ফেয়াৰ এৱার্ড অনুষ্ঠান অসমত অনুষ্ঠিত কৰাৰ জৰিয়তে অসমৰ শক্তি আৰু সম্ভাৱনাক আৱিস্কাৰ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ জৈৱ বৈচিত্ৰতা আৰু চহকী ঐতিহ্যৰ মাজত শক্তিশালী সাংস্কৃতিক শৈলী জড়িত হৈ আছে।

মুখ্য মন্ত্ৰীয়ে কয় যে ফিল্ম ফেয়াৰ এৱার্ড অনুষ্ঠান অনুষ্ঠিত কৰাৰ জৰিয়তে বিশ্বৰ ২০০ কোটি মানুহে অসমৰ বর্ণাঢ্য সংস্কৃতি আৰু পর্যটন শক্তিৰ উমান পাবলৈ সক্ষম হ’ব।

মুখ্য মন্ত্ৰীয়ে লগতে কয় যে মহাপুৰুষ শংকৰদেৱকে ধৰি আমাৰ আধ্যাত্মিক গুৰু সকলে দি যোৱা আদর্শ বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰো সুযোগ লাভ কৰা যাব।

বিশ্ব দৰবাৰত অসমক শক্তিশালীভাবে আত্মপ্রকাশ কৰাৰ এই অপূর্ব সুযোগ গ্রহণ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে অসমৰ জনসাধাৰণক আহ্বান জনায়।

জুবিন গাৰ্গৰ কাঞ্চনজংঘা, যতীন বৰাৰ ৰত্নাকৰ, ৰীমা দাসৰ বুল বুল কেন ছিঙৰ প্ৰসংগ উল্লেখ কৰি সোণোৱালে অসমত এতিয়া চলচ্চিত্ৰৰ এক অনুকূল পৰিৱেশ নিৰ্মাণ হৈছে বুলিও মন্তব্য কৰে।

মুখ্য মন্ত্ৰীয়ে টাইমছ গ্রুপে অসমত ফিল্ম ফেয়াৰ এৱার্ড অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে লোৱা উদ্যোগকো প্রশংসা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।

পর্যটন বিভাগৰ আয়ুক্ত সচিব ড° এম অংগমুথুৱে আদৰণি ভাষণ দিয়া অনুষ্ঠানত পর্যটন বিভাগৰ মন্ত্রী চন্দন ব্রহ্ম, বেনেট, কলমেন এণ্ড কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক বিনীত জৈন, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, ৱর্ল্ড ৱাইড মিডিয়া লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক লাম্বাইও ভাষণ প্রদান কৰে।

অনুষ্ঠানত অসম পর্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদীপ কলিতা, পর্যটন বিভাগৰ উচ্চপদস্থ বিষয়া আৰু চলচ্চিত্র জগতৰ সৈতে জড়িত বহু সংখ্যক শিল্পী উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd