• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চৰকাৰৰ ‘খিলঞ্জীয়া’ স্বীকৃতি: সমাধান নে বিভাজনৰ পথ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2022 5:45 pm
indigenous mushlim of assam
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোন খিলঞ্জীয়া কোন বহিৰাগত? খিলঞ্জীয়াৰ সংজ্ঞা কি? ধৰ্মৰ ভিত্তিত খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপন কৰিব পাৰিনে? অসমৰ কোনকেইটা জনগোষ্ঠী প্ৰকৃতাৰ্থত খিলঞ্জীয়া? এইসমূহৰ উত্তৰ প্ৰকৃততে আছেনে? কোনো জনগোষ্ঠীক খিলন্জীয়া ঘোষণা কৰাৰ অধিকাৰ অসম চৰকাৰক কোনে দিলে? চাও আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে পাঁচটা সংখ্যালঘু জনগোষ্ঠীক খিলঞ্জীয়া হিচাপে ঘোষণা কৰিছে। জনগোষ্ঠীকেইটা হৈছে-গৰিয়া, মৰিয়া, দেশী, ছৈয়দ আৰু জলহা জনগোষ্ঠী। ইয়াকে লৈ সৰ্বত্ৰে উত্তাল হৈ আছে। বহুতে ক’ব বিচাৰিছে ৰাজ্য চৰকাৰৰ এই পদক্ষেপ অত্যন্ত ত্ৰুটিপূৰ্ণ। খিলঞ্জীয়া শব্দটোৱেই বেমেজালিৰে ভৰা। ভাৰতীয় সংবিধানে খিলঞ্জীয়াৰ ধাৰণাটোতকৈ ভাৰতীয় নাগৰিকৰ ধাৰণাৰ ওপৰত জোৰ দিছে।

Apply Now

ৰাষ্ট্ৰসংঘৰ মতে, যিসমূহ জনগোষ্ঠীয়ে প্ৰাকঔপনিৱেশিক কালৰে পৰা একেটা অঞ্চলতে বসবাস কৰি আহিছে, তেওঁলোকেই খিলঞ্জীয়া। কিন্তু ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘৰ এই সিদ্ধান্ত সম্পূৰ্ণভাৱে গ্ৰহণ কৰা নাই। আনহাতে, খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপনৰ ক্ষেত্ৰত অসমৰ ইতিহাসত এক সূদীৰ্ঘ চৰ্চা চলি আহিছে। অসম চুক্তিৰ ছয় নং দফা অনুযায়ী খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপনৰ বাবে ব্যৱস্থা লোৱা হৈ আহিছে।

সেই অনুসৰি কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিয়ে খিলন্জীয়াৰ সংজ্ঞা নিৰ্দ্ধাৰণৰ চেষ্টা কৰিছিল। বিশেষজ্ঞ সমিতিয়ে অসমৰ খিলঞ্জীয়াসকলৰ সুৰক্ষাৰ কেইবাটাও প্ৰস্তাৱ আগবঢ়াইছিল। তাৰ ভিতৰত অন্যতম হৈছে ৮০% বিধানসভা আৰু লোকসভা সমষ্টি সংৰক্ষণৰ পৰামৰ্শ।

তদুপৰি অৰ্থনৈতিক সংস্থাপনৰ ক্ষেত্ৰতো এওঁলোকে অগ্ৰাধিকাৰ পাব লাগে বুলি পৰামৰ্শ দিয়া আছে। সেই সমিতিৰ পৰামৰ্শাৱলীসমূহ এতিয়া চৰকাৰী ফাইলতে আবদ্ধ৷ অৰ্থাৎ অসমত কোন খিলঞ্জীয়া, খিলঞ্জীয়াৰ সংজ্ঞা কি সেই লৈ বৰ্তমানেও কোনো মীমাংসা হোৱা নাই। তেনেস্থলত এতিয়া বিজেপি চৰকাৰে হঠাৎ সেই পাঁচটা জনগোষ্ঠীক খিলন্জীয়া আখ্যা দি সমগ্ৰ বিষয়টোকে অধিক সমস্যাৰ গৰ্ভলৈ ঠেলি দিছে৷

চৰকাৰে খিলঞ্জীয়া স্বীকৃতি দিয়া কেওটা জনগোষ্ঠীয়েই বাংলাভাষী মুছলমান নহয়। ইয়াৰ দ্বাৰা চৰকাৰে বাংলাভাষী মুছলমান আৰু অসমীয়া মুছলমানসকলৰ মাজত বিভাজন কৰিব বিচাৰিছে নেকি? গৰিয়া আৰু মৰিয়াসকল আহোমৰ দিনৰে পৰা উজনি অসমত বাস কৰি আহিছে।

উজনি অসমৰে আন এটা জনগোষ্ঠী চৈয়দসকল হৈছে ইছলাম ধৰ্মীয় পীৰ তথা ধৰ্মগুৰুসকলৰ বংশধৰ। ইয়াৰ বিপৰীতে নামনি অসমৰ দেশী জনগোষ্ঠী মুছলমান হোৱাৰ পূৰ্বে কোঁচ ৰাজবংশী আৰু মেচ জনজাতীয় লোক আছিল। ১৩শ শতিকাত তেওঁলোক ইছলাম ধৰ্মলৈ ৰূপান্তৰিত হৈছিল।

সেইবাবেই দেশী আৰু কোচ ৰাজবংশীসকলৰ ভাষাৰ মাজত কোনো বিশেষ প্ৰাৰ্থক্য নাই। আনহাতে, জলহাসকল ব্ৰিটিছে বিহাৰৰ পৰা আনিছিল। চাহ জনগোষ্ঠীয় লোকসকলৰ স’তে এওঁলোকক তুলনা কৰিব পাৰি। ব্ৰিটিছে অসমত ৰেললাইন প্ৰসাৰণ কৰাৰ সময়ত শ্ৰমিক হিচাপে এই জলহাসকলক আনিছিল।

উল্লেখযোগ্য যে অসমত ১ কোটিৰো অধিক মুছলিম ধৰ্মাৱলম্বী লোক আছে। ইয়াৰ ভিতৰত ৪২ লাখ লোকহে অসমীয়াভাষী মুছলমান। এডৱাৰ্ড গেটৰ A History of Assamৰ মতে, অসমৰ মুছলমানসকলৰ আগমণৰ ইতিহাস আহোমৰ সমসাময়িক। ১২০৫ খ্ৰীষ্টাব্দত যেতিয়া বখতিয়াৰ খিলজীয়ে কামৰূপ আক্ৰমণ কৰিছিল, তেতিয়াৰে পৰা অসমলৈ মুছলমানসকলৰ আগমণ ঘটিবলৈ আৰম্ভ কৰিছিল।

এতিয়া প্ৰশ্ন হৈছে- যিকেইটা মুছলমান জনগোষ্ঠীক বিজেপি চৰকাৰে ‘খিলঞ্জীয়া’ বুলি স্বীকৃতি দি দিছে, তেওঁলোকক অসমীয়াই পূৰ্বতে খিলঞ্জীয়া বুলি গণ্য কৰা নাছিল নেকি? আজান পীৰ, চৈয়দ আব্দুল মালিক, মফিজুদ্দিন আহমেদ হাজৰিকাই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ অংশ হোৱা নাছিল নেকি? তেওঁলোক অসমীয়া নাছিল নেকি? তেন্তে ইয়াক নতুনকৈ ঘোষণা কৰাৰ অৰ্থ ক’ত?

কোনটো জনগোষ্ঠী খিলঞ্জীয়া, কোনটো জনগোষ্ঠী খিলঞ্জীয়া নহয়, তাক বিচাৰ কৰাৰ অধিকাৰ চৰকাৰক কোনে দিলে? চৰকাৰৰ এই পদক্ষেপৰ পৰা উমান পোৱা যায় যে কেৱল ভোটৰ অংকতে এই কাম কৰা হৈছে। এয়া “Devide and Rule” নীতিৰ বাহিৰে আন একো নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd