• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম সাহিত্য সভা পুৰস্কৃত? চৰকাৰে আগ বঢ়ালে ১০ কোটি টকা

ৰাজ্যৰ সকলো সাহিত্য সভালৈ কোটি টকাৰ সাহায্য ঘোষণা; নবীন লেখকলৈ ৫০ হাজাৰকৈ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2019 6:05 pm
Sahitya Sabha

বিভিন্ন সাহিত্য সভাৰ প্ৰতিনিধিৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠকৰ দৃশ্য।

1.8k
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ৰাজ্যত আঁচনি, আৰু বঁটা-বাহন, সাহায্যৰ ধল অনা অসম চৰকাৰে আজি অসম সাহিত্য সভাকে ধৰি ৰাজ্যৰ আন আন ভাষাৰ সাহিত্য সভাবোৰলৈ বিত্তীয় সাহায্য ঘোষণা কৰিছে।

আজি মুখ্য মন্ত্ৰীজনে অসম সাহিত্য সভা, খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসম, দেউৰী সাহিত্য সভা, ডিমাছা সাহিত্য সভা, অসম নেপালী সাহিত্য সভা, নিখিল ৰাভা সাহিত্য সভা, কাৰ্বি সাহিত্য সভা, মিচিং সাহিত্য সভা, নিখিল বিষ্ণুপুৰীয়া সাহিত্য সভা, পূৰ্বাঞ্চল তাই সাহিত্য সভা, তিৱা সাহিত্য সভা, অসম মণিপুৰী সাহিত্য পৰিষদ, গাৰো সাহিত্য সভা, মৰাণ সাহিত্য সভা, অসম চাহ জনগোষ্ঠী সাহিত্য সভা, সোণোৱাল কছাৰী সাহিত্য সভা, কুৰুখ সাহিত্য সভা, কোচ ৰাজবংশী সাহিত্য সভা, চাওঁতাল সাহিত্য সভা, মুণ্ডাৰি সাহিত্য সভা, শৰণীয়া কছাৰী সাহিত্য সভাৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত বহে।

বৈঠকৰ অন্তত মুখ্য মন্ত্ৰীয়ে ৰাজ্য চৰকাৰে অসম সাহিত্য সভালৈ ১০ কোটি টকা, বড়ো সাহিত্য সভালৈ ৫ কোটি টকা আৰু আন আন সাহিত্য সভাবোৰলৈ ৩ কোটিকৈ টকাৰ এক কালীন সাহায্য ঘোষণা কৰে।

মুখ্য মন্ত্ৰীৰ জন সম্পৰ্কৰক্ষী কোষে নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কোৱা হয় যে এই সাহায্যবোৰ সংশ্লিষ্ট সভাবোৰৰ স্থায়ী পুঁজিত জমা হ’ব, য’ৰ পৰা সভাবোৰে বছৰেকীয়া সুত লাভ কৰিব।

বিবৃতিটোৰ মতে, অসম সাহিত্য সভাই বাৰ্ষিক ৮০ লাখ টকা, বড়ো সাহিত্য সভাই ৪০ লাখ টকা আৰু আন আন জনগোষ্ঠীয় সাহিত্য সভাবোৰে বাৰ্ষিক ২৪ লাখ টকাকৈ সুত লাভ কৰিব পাৰিব।

বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যৰ নবীন লেখকসকলৈও বিত্তীয় সাহায্য ঘোষণা কৰে। সেই অনুসৰি ১ হাজাৰ নতুন লেখক “ভাষা গৌৰৱ” আঁচনিৰ অধীনত ৫০ হাজাৰকৈ টকা দিব।

“এই আঁচনিয়ে নতুন লেখকসকলক বিভিন্ন ভাষাত সাহিত্য কৰ্মত জড়িত হ’বলৈ অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে”, বিবৃতিটোত কোৱা হয়।

সোণোৱালে থলুৱা সাহিত্য অনুষ্ঠানবোৰক থলুৱা ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু উদগনিৰ বাবে গৱেষণামূলক কামত জোৰ দিবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহায় আগ বঢ়োৱাৰ আশ্বাসো দিয়ে মুখ্য মন্ত্ৰীজনে।

বৈঠকত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱালী, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিব প্ৰীতম শইকীয়া, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী আৰু মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীও উপস্থিত আছিল।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd