• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনৰ বাবে চৰকাৰী বিদ্যালয়ে ৩দিনৰ ভিতৰত ঘোষণা কৰিব লাগিব পৰীক্ষাৰ ফলাফল

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2018 8:24 am
IMG-20181009-WA0097
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে  চৰকাৰী বিদ্যালয়সমূহে পৰীক্ষা অনুষ্ঠিত কৰি দুই-তিনিদিনৰ ভিতৰতে পৰীক্ষাৰ ফলৰ ঘোষণা কৰিব লাগিব বুলি শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনাই চৰকাৰী শিক্ষা ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীৰ প্ৰতি শিক্ষা বিভাগৰ দায়িত্বহীনতা তথা অৱহেলাৰ কথাকে উদঙাই দিছে।

অসম চৰকাৰৰ শিক্ষা বিভাগৰ মাধ্যমিক আৰু প্ৰাথমিক শিক্ষাৰ আয়ুক্ত সচিবে যোৱা ১ নৱেম্বৰত স্মাৰক নং ‘এ এছ ই ৮৩১/২০১৮/১০-এ’ৰ জৰিয়তে দিয়া নিৰ্দেশ মৰ্মে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বছৰেকীয়া পৰীক্ষাৰ সময়সূচী সাল-সলনি কৰাৰ বিষয়ে জিলাসমূহৰ শিক্ষা বিভাগৰ সংশ্লিষ্ট বিষয়ালৈ জাননী প্ৰেৰণ কৰিছে।

Apply Now

জাননী অনুসৰি চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ বাৰ্ষিক পৰীক্ষা ১৫ৰ পৰা ২৮ ডিচেম্বৰৰ ভিতৰত সম্পন্ন কৰাৰ লগতে ২০১৯ চনৰ শৈক্ষিক বৰ্ষ পূৰ্বৰ সূচী মতেই আৰম্ভ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এই নিৰ্দেশনাই নিম্ন প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ মাধ্যমিক পৰ্যায়ৰ সংশ্লিষ্ট বিদ্যালয়সমূহৰ শিক্ষকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰায়বোৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক পঞ্চায়ত নিৰ্বাচনৰ কামত জড়িত হোৱাৰ লগতে বহু বিদ্যালয়ত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন হোৱাৰ বাবে তাত পূৰ্বৰে পৰা প্ৰশাসনে নিৰ্বাচন সংক্ৰান্তীয় কামকাজ আৰম্ভ কৰিব। এনে ক্ষেত্ৰত পাঠদান তথা পৰীক্ষাৰ প্ৰস্তুতি স্বাভাৱিকতে বাধাপ্ৰাপ্ত হ’ব।

শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি ১৫ৰ পৰা ২৮ ডিচেম্বৰৰ ভিতৰত বছৰেকীয়া পৰীক্ষা সম্পন্ন কৰি ৩১ ডিচেম্বৰৰ ভিতৰত উত্তৰ বহী মূল্যায়নেৰে ফল ঘোষণা কৰিব লাগিব। তদুপিৰ, পূৰ্বৰ সূচী অনুসৰি ২০১৯ চনৰ পহিলা জানুৱাৰিৰ পৰাই নতুন শৈক্ষিক বৰ্ষ আৰম্ভ হ’ব।

আনহাতে, এই নিৰ্দেশনা অনুসৰি ২৮ ডিচেম্বৰত পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছত ৩১ ডিচেম্বৰলৈকে তিনিদিনৰ ভিতৰতে উত্তৰ বহী মূল্যায়ন কৰাৰ লগতে ফলো ঘোষণা কৰিব লাগিব। শিক্ষা বিভাগৰ এনে অবিবেচক কাণ্ডই ছাত্ৰ-ছাত্ৰী, শিক্ষক-অভিভাৱকৰ তথা শিক্ষানুৰাগী ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

চৰকাৰী শিক্ষা ব্যৱস্থাত চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক এনেদৰে ‘গিনিপিগ’ সজাই চৰকাৰী শিক্ষাক প্ৰহসনলৈ পৰিগণিত কৰিব বিচৰা কাৰ্যই চৰকাৰৰ শিক্ষাৰ প্ৰতি থকা অনীহাৰ কথাকে প্ৰতীয়মান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd