• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ মুখ্য ন্যায়াধীশৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা অতিৰিক্ত উপায়ুক্ত পুলক মহন্তক নিলম্বন

ৰঞ্জন গগৈৰ অসম ভ্ৰমণৰ ধুমুহাত নিলম্বিত বিষয়াৰ সংখ্যা ৩জন হ'লগৈ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 22, 2018 10:37 pm

2 min read

ranjan-gogoi
887
VIEWS
Share on FacebookShare on Twitter

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে যোৱা ১৬ অক্টোবৰত অসম ভ্ৰমণ কৰাৰ তেওঁৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক মহন্তক চৰাকাৰে নিলম্বিত কৰে। মুখ্য মন্ত্ৰী সোণোৱালৰ নিৰ্দেশত বিষয়াজনক নিলম্বন কৰা হয়। ইয়াকে ধৰি ন্যায়াধীশ ৰঞ্জন গগৈৰ প্ৰতি যথোচিত মনোযোগ নিদিয়া আৰু অসন্মান প্ৰদৰ্শনৰ অভিযোগত নিলম্বিত বিষয়াৰ সংখ্যা তিনিজন হ’লগৈ।

অতিৰিক্ত উপায়ুক্ত পুলক মহন্তক তেওঁ ন্যায়াধীশজনৰ প্ৰতি কৰা অসন্মানজনক মন্তব্যৰ বাবে আজি নিলম্বন কৰা হয়। ইয়াৰ বিপৰীতে মুখ্য ন্যায়াধীশজনৰ নিৰাপত্তাৰ দায়িত্বত অৱহেলা কৰাৰ অভিযোগত যোৱা ২০ অক্টোবৰত ৰাজ্য প্ৰশাসনে গুৱাহাটী (পশ্চিম) উপ আৰক্ষী আয়ুক্ত ভৱৰলাল মীনা আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত কাঠকটীয়াক নিলম্বন কৰিছিল।

উল্লেখযোগ্য যে যোৱা ১৬ অক্টোবৰত ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্য চৰকাৰে ৰাজ্যিক মৰ্য্যাদাৰে বৰঝাৰত আদৰণি জনোৱাৰ সময়ত অতিৰিক্ত উপায়ুক্ত পুলক মহন্তই অসৌজন্যসূচক মন্তব্য কৰিছিল, যিটো পিছত ভাইৰেল হোৱা এটা ভিডিঅ’ত ধৰা পৰে।

https://assam.nenow.in/wp-content/uploads/2018/10/CJI_ranjan-gogoi.mp4

বহুল প্ৰচাৰিত ভিডিঅ’টোত তেওঁক ৰঞ্জন গগৈ গাড়ীৰ পৰা নমাৰ লগে লগে “সেইটো আহিছে, বন্ধ কৰি থ…। বজা, বজা, বজা…।” এইদৰে মন্তব্য কৰা দেখা যায়। এই বিষয়ে ইতিমধ্যে সবিস্তাৰে নৰ্থ-ইষ্ট নাওত প্ৰচাৰ হৈ গৈছে।

মন কৰিব লগীয়া যে যোৱা ৩ অক্টোবৰত অসম সন্তান ন্যায়াধীশ ৰঞ্জন গগৈ দেশৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হয়। গগৈ আছিল সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমজন ব্যক্তি যি দেশৰ ন্যায় ব্যৱস্থাৰ শীৰ্ষতম পদত আসীন হৈছে। এইটো নিঃসন্দেহে সমগ্ৰ অসমবাসীৰ বাবেই গৌৰৱৰ বিষয়। কিন্তু দেশৰ মুখ্য ন্যায়াধীশ হিচাপে পদ গ্ৰহণৰ পিছত প্ৰথমবাৰ নিজ ৰাজ্যলৈ আহি উপযুক্ত মনোযোগ, নিৰাপত্তা আৰু সন্মান নাপালে ন্যায়াধীশ গগৈয়ে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd