• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঋণৰ সাগৰত ডুব গৈছে অসম: শপত লৈয়েই পুনৰ ৭৫০ কোটিৰ ধাৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2026 3:29 pm
167
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উন্নয়নৰ জিলিকা ছবি দেখুৱাই ক্ষমতা দখল কৰা বিজেপি নেতৃত্বাধীন নতুন চৰকাৰখনে কাৰ্যকালৰ আৰম্ভণিতেই ৰাজ্যখনক এক ভয়ংকৰ ঋণৰ গৰাহলৈ ঠেলি দিছে। নিৰ্বাচনী বৈতৰণী পাৰ হৈয়েই জনসাধাৰণৰ মূৰত মাধমাৰ শোধাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অহা ২৬ মে’ত পুনৰ ৭৫০ কোটি টকাৰ বৃহৎ ঋণ ল’বলৈ সাজু হৈছে। চৰকাৰী বণ্ড বন্ধকত থৈ ল’বলগীয়া এই ঋণৰ বিপৰীতে বছৰি ৭.৬২ শতাংশ হাৰত বৃহৎ পৰিমাণৰ সুত ভৰিব লাগিব ৰাজ্যৰ জনসাধাৰণে। এই সন্দৰ্ভত বিত্ত বিভাগে ইতিমধ্যে জাননীও জাৰি কৰিছে।

আটাইতকৈ আশ্বৰ্যজনক কথাটো হ’ল, যোৱা ১২ মে’ত যিটো সময়ত নতুন চৰকাৰখনে আড়ম্বৰপূৰ্ণভাৱে শপত গ্ৰহণ কৰি আছিল, ঠিক সেই দিনাই চৰকাৰে ১,০০০ কোটি টকাৰ ঋণ লৈ নিজৰ কাৰ্যকালৰ ‘অভিষেক’ কৰিছিল। অহা ২৬ মে’ত ল’বলগীয়া ৭৫০ কোটি টকাৰ ঋণ হ’ব এই নতুন চৰকাৰখনৰ মাত্ৰ দুটা সপ্তাহৰ ভিতৰত লোৱা দ্বিতীয়টো ডাঙৰ ঋণ।

Apply Now

কেৱল চলিত বৰ্ষতে (বর্তমানলৈকে) বিজেপি চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ হৈছে ১১,৮০০ কোটি টকা।

বিগত ৫ বছৰীয়া কাৰ্যকালত এই এন ডি এ চৰকাৰখনে অসমৰ জনসাধাৰণক ইমানেই ঋণগ্ৰস্ত কৰি তুলিছে যে বৰ্তমান ৰাজ্যৰ মুঠ ঋণৰ পৰিমাণে ২ লাখ কোটি টকাৰ সীমা ইতিমধ্যে অতিক্ৰম কৰিছে। বিত্তীয় অনুশাসন সম্পূৰ্ণৰূপে ভংগ কৰি চৰকাৰে কেৱল ধাৰৰ টকাৰে হিতাধিকাৰী সৃষ্টি আৰু চমক সৃষ্টিৰ ৰাজনীতি চলাই থকাৰ অভিযোগ উত্থাপন হৈছে।

যিখন চৰকাৰে কাৰ্যকালৰ প্ৰথম মাহটোতে দুবাৰকৈ বৃহৎ ঋণ ল’বলগা হৈছে, সেইখন চৰকাৰে অনাগত দিনবোৰত ৰাজ্যৰ অৰ্থনীতি কেনেকৈ চম্ভালিব, তাক লৈ ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি হৈছে। ‘ডাবল ইঞ্জিন’ চৰকাৰৰ ফোপোলা স্বৰূপটো এতিয়া উদং হৈ পৰিছে। ৰাজ্যৰ ৰাজহ বৃদ্ধিৰ কোনো সুনিৰ্দিষ্ট পৰিকল্পনা নকৰি, কেৱল ধাৰে-ঋণে চৰকাৰ চলোৱাৰ এই ভয়ংকৰ প্ৰৱণতাই অসমক এক দেউলীয়া ৰাজ্যৰ দিশে গতি কৰোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am
পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

October 4, 2026 10:28 am
সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

October 4, 2026 9:52 am
আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am
পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

October 4, 2026 10:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd