• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অতুল বৰাক প্ৰত্যাহ্বান জনাই বোকাখাতত লুৰিণজ্যোতি গগৈৰ উপস্থিতিত অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাবেশ

উত্তম শইকীয়া by উত্তম শইকীয়া
February 19, 2021 7:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“যি মানুহে জাতিক ভালপায়, যি মানুহে জাতিক বিক্ৰী কৰিব নোৱাৰে তেওঁলোকে বিজেপি, অসম গণ পৰিষদ দলৰ দৰে ৰাজনীতি কেতিয়াও কৰিব নোৱাৰে। অসম গন পৰিষদ দলৰ সভাপতিজনে মাতৃৰ আহ্বান শুনি কা বিৰোধিতাৰে মন্ত্ৰীত্ব ত্যাগ কৰি পুনৰ মন্ত্ৰীত্ব গ্ৰহণ কৰাৰ সময়ত মাতৃয়ে কৰা আহ্বান উঠাই লৈছিল নেকি?’’ আজি বোকাখাতত অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৱেশত অংশ লৈ এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷

লগতে দুমুখীয়া নীতিৰে পুনৰ মন্ত্ৰীত্ব গ্ৰহণ কৰা নেতাৰ জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ কথা কোৱাৰ কোনো অধিকাৰ নাই বুলি জনসভাত অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে সমালোচনা কৰি ‘কা’ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰা জনতাক আভুৱা ভাৰিবলৈহে অগপৰ তিনি মন্ত্ৰীয়ে এখন নাটকহে ৰছনা কৰিছিল বুলি কয়।

Apply Now

‘‘আমাৰ বাবে মন্ত্ৰীত্ব প্ৰথম কথা নহয়, আমাৰ বাবে জাতিৰ সুৰক্ষা নিশ্চিত কৰাতোহে প্ৰথম কথা। বিজেপিয়ে এশ আসন পাব নে পেট্ৰলৰ দাম এশ কৰিব, সেইয়া মই বুজিব পৰা নাই। বোকাখাত সমষ্টিত এইবাৰ জাতীয় পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব অগপৰ সভাপতি, স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা,’’ লুৰিণ জ্যোতি গগৈয়ে পুনৰ কয়।

সভাত আজিৰ বোকাখাতৰ  জাতীয় জাগৰণ সমাৱেশ সভালৈ মানুহ অনাৰ বাবে আয়োজক সমিতিয়ে  ব্যৱস্থা কৰা গাড়ীত মানুহ অহাত মন্ত্ৰী অতুল বৰাই পৰোক্ষভাৱে বাধা দিয়াৰ অভিযোগ উত্থাপন কৰে লুৰিণজ্যোতি গগৈয়ে ৷

ইপিনে, আঞ্চলিকতাবাদী শক্তিৰে অসম জাতীয় পৰিষদে এইবাৰ অসমত চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে অসম লুৰীণজ্যোতি গগৈয়ে৷

অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈ, এই তিনি গগৈৰ সন্মিলিত শক্তিয়ে অসমত এখন বিজেপি বিৰোধী চৰকাৰ গঠনৰ বাবে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে জনোৱা আহ্বান পোনচাটেই নাকচ কৰে লুৰীণজ্যোতি গগৈয়ে।

আজি বোকাখাতত কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে সেই আহ্বান পুনৰ জনাইছিল লুৰীণজ্যোতি গগৈক  কিন্তু গৌৰৱ গগৈৰ এই আহ্বান প্ৰত্যাখান কৰে লুৰীণজ্যোতিয়ে।

আজিৰ সমাবেশৰ পূৰ্বে  বোকাখাতৰ লতাবাৰীৰ পৰা এখন সুসজ্জিত জীপছী গাড়ীত লুৰীণজ্যোতি গগৈক আদৰি অনাৰ পাছত কেন্দ্ৰীয় বিহুতলীলৈ যোৱা পথত গায়ন-বায়ন, বিহুদল, ঝুমুইৰ দল আৰু বেণ্ডপাৰ্টিৰে লুৰিণজ্যোতি গগৈক সভাকক্ষলৈ আদৰি অনা হয়।

সভাপতি লুৰিণজ্যোতি গগৈৰ লগতে সম্পাদকদ্বয় ৰাজু ফুকন, দীপক হাজৰিকা, যুৱ শক্তিৰ ৰাজ্যিক মুখ্য আহ্বায়ক ৰিদীপ ভূষণ নাথ, নাৰী শক্তিৰ ৰাজ্যিক সাংগঠনিক সম্পাদিকা ভাৰতী দত্তৰ লগতে কেইবাগৰাকীও ৰাজ্যিক বিষয়ববীয়া উপস্থিত থাকে ৷ সমাৱেশত বোকাখাত সমষ্টিৰ প্ৰায় পাঁচশতাধিক লোকে অংশগ্ৰহণ কৰে ৷

 

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd