• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাতত লেম্প, চিলিণ্ডাৰ লৈ ৰাজপথত মূল্য বৃদ্ধিৰ বিৰুদ্ধে অসম মহিলা কংগ্ৰেছৰ প্ৰতিবাদ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 3, 2018 10:14 pm

2 min read

হাতত লেম্প, চিলিণ্ডাৰ লৈ ৰাজপথত মূল্য বৃদ্ধিৰ বিৰুদ্ধে অসম মহিলা কংগ্ৰেছৰ প্ৰতিবাদ
186
VIEWS
Share on FacebookShare on Twitter

‘মোদীয়ে আদানী আম্বানিক সন্তুষ্ট কৰাত লাগিছে, দুখীয়া গৃহিনীসকলৰ দুখৰ প্ৰতি কোনো কাণষাৰ দিয়া নাই।‘ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।

উল্লেখযোগ্য যে বুধবাৰে অসম মহিলা প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত গুৱাহাটীৰ এবিছিস্থিত ৰাজীৱ ভৱনৰ সন্মুখৰ ৰাজপথৰ কাষত পেট্ৰ’ল, ডিজেল ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

এই প্ৰতিবাদী কাৰ্য্যসূচীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অংশগ্ৰহণ কৰি কান্ধত চিলিণ্ডাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।

পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে ‘ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ ফলত মহিলাসকলে পাকঘৰ চলাব পৰা নাই। যিসকলৰ গেছ নাই, খৰি নাই সেইসকলে ষ্ট’ভত ভাত ৰান্ধি খায়, কেৰাচিন মুক্ত কৰিলে সেইসকলৰ অৱস্থা কি হ’ব?‘

তাৰোপৰি সভাপতি গৰাকীয়ে কয় যে, ‘জেটলী, সুষমা স্বৰাজে কংগ্ৰেছ চৰকাৰ শাসনত থাকোতে চিলিণ্ডাৰৰ মূল্য ৩০০ টকা হওঁতেই প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তেওঁলোক শাসনলৈ আহিলে ৰন্ধন গেছৰ মূল্য আধালৈ হ্ৰাস কৰি দিব বুলি কৈছিল। কিন্তু আজি চিলিণ্ডাৰৰ মূল্য হ’লগৈ ৯৪৭ টকা।‘

আনহাতে উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থকা মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী শ্বেহনাজ হক চৌধুৰীয়ে ৰাজ্যিক বিজেপিক প্ৰশ্ন কৰি কয় ‘ৰাজ্য চৰকাৰে যদি কেৰাচিন মুক্ত অসম গঢ় দিব খুজিছে, তেন্তে বিদ্যুৎ যোগান নিয়মীয়া কৰিব পৰা নাই কিয়?’

লগতে সভানেত্ৰী গৰাকীয়ে কয় যে, ’২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ শ্ল’গান দিছিল বিজেপি চৰকাৰে। যদি কেৰাচিন মুক্ত কৰি দিয়ে তেন্তে বিদ্যুতৰ লোড-শ্বেডিং হ’লে দুখীয়া লোকসকলে কেনেকৈ লেম্প জ্বলাব?’

প্ৰায় আধা ঘণ্টা ধৰি ৰাজীৱ ভবনৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদকাৰীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী শ্বেহনাজ হক চৌধুৰীৰ লগতে প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া আৰু সেৱাদলৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।

Recent News

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

Modi-2

দেশৰ ৩০০৬ টা কেন্দ্ৰত প্ৰদান কৰা হ’ব কোভিড ভেকচিন,এইসকল লোকে ল’ব নোৱাৰিব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd