• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী পৰ্য্যটন থলী সমূহৰ উন্নয়নৰ বাবে চামগুৰিৰ লুংচুংত পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
October 1, 2020 1:49 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাকৃতিৰ ৰম্যভূমি হিচাবে পৰিচিত নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী ঐতিহ্যমণ্ডিত চাপানালা, নীলাপানী, বৰজুৰি আদিকে ধৰি বিভিন্ন অঞ্চল। চাপানালাৰ ইতিহাস প্ৰসিদ্ধ চম্পাৱতী জলপ্ৰপাতৰ পিছতেই বৃহত্তৰ সীমান্তৱৰ্ত্তী অঞ্চলটোৰ আন এক সৌন্দৰ্য্যশালী জলপ্ৰপাত হ’ল লুংচুং স্থিত হদহদী জলপ্ৰপাত।

অপৰূপ সৌন্দৰ্য্যৰে ভৰপূৰ এই জলপ্ৰপাতটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে যদিও জলপ্ৰপাতটোলৈ অহা-যোৱা কৰা সুদীৰ্ঘ পথ চোৱাৰ দুৰৱস্থাৰ বাবে ক্ৰমশঃ হ্ৰাস পাই অহা পৰিলক্ষিত হৈছে পৰ্যটকৰ ভিৰ তথা বনভোজকাৰীৰ সংখ্যা।

Apply Now

মনোমোহা হদহদী জলপ্ৰপাতটোৰ লগতে সমগ্ৰ পৰ্য্যটন থলীখনৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘অসম দৰ্শন’ আঁচনিৰ অধীনত জলপ্ৰপাতটোলৈ অহা-যোৱা কৰা পথ চোৱা নিৰ্মাণৰ বাবে লুংচুং চাহ বাগিছাত উপস্থিতহৈ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এটি আধাৰশিলা স্থাপন কৰে।

বিশেষ পৰ্যটনস্থলী খনক সংযোগ কৰা পথৰ নিৰ্মাণ আগন্তুক তিনি/চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আধাৰশিলা স্থাপনৰ অনুষ্ঠানটোত স্পষ্ট কৰে মন্ত্ৰী গৰাকীয়ে।

অৱশ্যে, কৰ্ম ব্যস্ততাৰ মাজতো কিছু সময় ধৰি প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ প্ৰয়াস কৰা দেখা গ’ল কলিয়াবৰ মহকুমাধিপতিকে ধৰি কেইবাজনো অভিযন্তা সহ জলপ্ৰপাতটোৰ কাষত উপস্থিত হোৱা ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তক।

ইফালে, সম্প্ৰতি অতি শোচনীয় অৱস্থালৈ গতি কৰা চাপানালাৰ ঐতিহাসিক চম্পাৱতী পৰ্যটনস্থলীখনৰো গৃহ সমষ্টি বঢ়হমপুৰৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তয়ে আগন্তুক দিনত নিশ্চয় বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।

লগতে অতি আশ্চৰ্যজনকভাৱে চাপানালাৰ জীয়াজুৰি চাহ বাগিছাৰ মেনেজাৰ বাংলাৰ চৌহদত শোভাবৰ্দ্ধন কৰি থকা বুৰঞ্জী প্ৰসিদ্ধ কাছাৰী ৰজা হংসধ্বজৰ দিনৰে পুৰাতাত্বিক সমল শিলৰ তোৰণ খন সৰ্বসাধাৰণক দৰ্শন কৰিবলৈ বাগিছা কতৃপক্ষয়ে বাধা প্ৰদান কৰি অহা বিষয়টোৰ সন্দৰ্ভত চাহ বাগিছা খনৰ কতৃপক্ষৰ সৈতে নগাঁও জিলা প্ৰশাসনক আলোচনা মাধ্যমৰে অতি সোনকালেই সু-ব্যৱস্থা কৰি দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে নিৰ্দেশ প্ৰদান কৰা দেখা যায় মন্ত্ৰী কেশৱ মহন্তই।

লক্ষণীয়ভাৱে আগন্তুক বিধানসভাৰ নিৰ্বাচনত চামগুৰি সমষ্টিৰ বাবে অগপৰ প্ৰক্ষেপিত প্ৰাৰ্থী মণিমাধৱ মহন্ত হ’ব নে নাই তাক ৰাজহুৱা কৰিবলৈ অপ্ৰস্তুত হোৱা মন্ত্ৰী কেশৱ মহন্তই কিন্তু বঢ়হমপুৰ সমষ্টিটো এইবাৰো পূৰ্বৰ দৰেই অগপৰে দখলত থাকিব বুলি সংবাদ মাধ্যমৰ সন্মুখত পূৰ্বানুমান কৰা দেখা যায়।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd