অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা আজি ২ মে’ তাৰিখে নিজৰ চৰকাৰী আৱাসগৃহৰ সন্মুখত এক স্বচ্ছতা অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই অভিযানৰ জৰিয়তে তেওঁ গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মীসকলৰ প্ৰতি সন্মান জনোৱাৰ লগতে তেওঁলোকৰ নিৰন্তৰ প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে চহৰখন পৰিষ্কাৰ আৰু বাসোপযোগী কৰি ৰখাৰ ক্ষেত্ৰত এই চাফাই কৰ্মীসকলে যি কষ্ট কৰি আহিছে, সেইয়া সঁচাকৈয়ে শলাগিবলগীয়া।
স্বচ্ছতা অভিযানৰ কিছু দৃশ্য ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে যে চাফাই কৰ্মীসকলৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ বাবে আজি আমাৰ চহৰখন সুন্দৰ হৈ আছে। তেওঁলোকৰ এই অৱদানৰ বাবে সমাজৰ প্ৰতিজন লোকে তেওঁলোকক শ্ৰদ্ধা আৰু মৰম কৰা উচিত। চাফাই কৰ্মীসকলৰ প্ৰতি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে তেওঁলোকৰ নিস্বাৰ্থ সেৱাই গুৱাহাটীবাসীক এক সুস্থ পৰিৱেশ উপহাৰ দিছে।
কেৱল চাফাই কৰ্মীৰ ওপৰত নিৰ্ভৰ নকৰি চহৰখন নিকা কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ ভূমিকাৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এখন পৰিষ্কাৰ চহৰ গঢ়ি তোলাটো প্ৰতিগৰাকী নাগৰিকৰে এক যুটীয়া দায়িত্ব। আমি সকলোৱে মিলি সচেতন হ’লেহে গুৱাহাটী চহৰখন অধিক সুন্দৰ হৈ পৰিব।
এই স্বচ্ছতা অভিযানৰ সময়ত মন্ত্ৰীগৰাকীক নিজেই হাতে-কামে চাফাই অভিযানত নামি পৰা দেখা যায়। ইয়াৰ জৰিয়তে তেওঁ গুৱাহাটীৰ ৰাইজক পৌৰসভাৰ দায়িত্বৰ লগতে সামাজিক দায়িত্ব পালন কৰিবলৈকো এক বিশেষ বাৰ্তা প্ৰেৰণ কৰে। তেওঁৰ এই পদক্ষেপক উপস্থিত ৰাইজ আৰু চাফাই কৰ্মীসকলে আদৰণি জনাইছে।





