DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ্তব্যত গফিলতি কৰা বিষয়া-কৰ্মচাৰী সকলক ৰেহাই দিয়া নহ’ব; বৰপেটাত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম

শংশাক তালুকদাৰ by শংশাক তালুকদাৰ
June 2, 2020 11:36 pm
Lockodown: No politics, help poor, says Assam minister Pramilarani Brahma

প্ৰমীলাৰাণী ব্ৰহ্ম।

542
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম‌ই শিশু আৰু প্ৰসূতি মহিলা সকলৰ মাজত বিভাগৰ দ্বাৰা দিবলগীয়া খাদ্য সামগ্ৰী সমূহৰ বিতৰণত হীন-দেৰি কৰা সকলক ৰেহাই দিয়া নহ’ব বুলি পুণৰ বাৰ সকীয়াই দিছে।

বৰপেটা জিলাৰ একাংশ অংগনবাড়ী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ বুজ লবলৈ আজি ততাতৈয়াকৈ বৰপেটাত আহি উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে এখন পৰ্যালোচনা সভাত অংশলৈ এইদৰে কয়।

সভাত তেওঁ সংহত শিশু বিকাশ প্ৰকল্প বিষয়া সকলৰ উপৰি অঙ্গনবাড়ী কৰ্মী-সহায়িকা সকলক এই কাম চাকৰি হিচাপে গ্ৰহণ নকৰি সমাজৰ সেৱা হিচাবে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

এই ক্ষেত্ৰত গফিলতি কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ সকলোকে স্পষ্ট কৰি দিয়ে।

”ল’কডাউনৰ সময়ত অভাৱগ্ৰস্ত শিশু আৰু প্ৰসূতি সকলক ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণৰ বাবে নিৰ্দেশ দিয়া হৈছিল। বহুতে এই কাম ভালদৰে কৰিছে যদিও কিছুমানে কৰা নাই বুলি অভিযোগ পোৱাটো অতি দুৰ্ভাগ্যজনক,” মন্ত্ৰী গৰাকীয়ে কয়।

তেওঁ বিভাগটোক ৰাইজৰ সেৱাত, দুখীয়া পৰিয়ালৰ লোক সকলৰ শিশু-মাতৃসকলৰ পৰিপুষ্টি আৰু শিক্ষা লাভত আত্মনিয়োগ কৰাৰ বাবে প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়।

প্ৰমীলাৰাণী ব্ৰহ্মৰ সৈতে এই ভ্ৰমণৰ সময়ত সমাজ কল্যাণ বিভাগৰ সঞ্চালক দেবলীনা দেবীয়েও সংগ দিয়ে।

উল্লেখযোগ্য যে, বাঘবৰ সমষ্টিৰ মন্দিয়াৰ এটা অঙ্গনবাড়ী কেন্দ্ৰত সমিতি গঠন আৰু খাদ্য বিতৰণক কেন্দ্ৰ কৰি কালি একাংশ লোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱা ঘটনাত উদ্বিগ্ন হৈ মন্ত্ৰী গৰাকীয়ে আজি ততাতৈয়াকৈ বৰপেটালৈ আহি ঘটনাৰ বুজ লোৱাৰ লগতে গোটেই ঘটনাটোত গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে।

সভাত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা,  জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া সোণাশ্ৰী ব্ৰহ্ম উপৰি সকলো সংহত শিশু বিকাশ প্ৰকল্প বিষয়া আৰু অঙ্গনবাড়ী কেন্দ্ৰৰ মুখ্য সহায়িকা সকলো উপস্থিত থাকে।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd