• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত ৭ ৰাজনৈতিক দলৰ প্ৰাক-নিৰ্বাচনী মিত্ৰতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2025 8:35 am
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজনীতিত এক ঐতিহাসিক পট পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। শাসক বিজেপিক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিহত কৰিবলৈ একত্ৰিত হৈছে বিৰোধী ঐক্য। শেহতীয়া খবৰ অনুসৰি, বিৰোধী দলসমূহৰ নেতৃবৃন্দই কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে এখন বৈঠকত মিলিত হৈছে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ অপশাসনৰ পৰা ৰাজ্যক মুক্তি দি এখন সমৃদ্ধ আৰু ন্যায়ভিত্তিক চৰকাৰ গঠন কৰাৰ লক্ষ্যৰে এই বৈঠকত সকলোৱে ঐক্যমতত উপনীত হয়।

কংগ্ৰেছৰ আহ্বানত ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আঞ্চলিক গণ মৰ্চা, চিপিএম, চিপিআই, চিপিআই(এমএল) আৰু এপিএইচএলচিৰ সভাপতি আৰু ৰাজ্যিক সম্পাদকসকলে অংশগ্ৰহণ কৰা এই বৈঠকত অসমৰ ৰাজনৈতিক দৃশ্যপট পৰিৱৰ্তন কৰাৰ প্ৰতিশ্ৰুতি দিছে।

Apply Now

সভাপতি গৌৰৱ গগৈয়ে কয়, “বিজেপিৰ অন্যায়, অত্যাচাৰ আৰু দুৰ্নীতিৰ পৰা অসমবাসীক মুক্ত কৰি নতুন যুগৰ সূচনা কৰিবলৈ আমি সকলো একত্ৰিত হৈছো।”

বিধায়ক মনোৰঞ্জন তালুকদাৰ, বিধায়ক অখিল গগৈ, সাংসদ অজিত কুমাৰ ভূঞা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই সিদ্ধান্তক সমৰ্থন কৰি কয় যে, এই ঐক্যই অসমৰ উন্নয়নৰ নতুন দুৱাৰ উন্মোচন কৰিব।

সাংসদ অজিত কুমাৰ ভূঞা (আঞ্চলিক গণ মৰ্চা), ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, চিপিএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, চিপিআইৰ কনক গগৈ, চিপিআই(এমএল)-ৰ বিবেক দাস আৰু এপিএইচএলচিৰ বিক্ৰম হাঞ্চে বৈঠকত অংশগ্ৰহণ কৰে। ইয়াৰোপৰি, বৈঠকত বহুকেইজন জ্যেষ্ঠ কংগ্ৰেছ নেতাও অংশগ্ৰহণ কৰে।

ইয়াৰ পূৰ্বে, আজিৰে ৰাজীব ভৱনত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকতো একাধিক ইতিবাচক সিদ্ধান্ত গৃহীত হৈছে, যিবোৰে জনগণৰ সৈতে সীমাহীন সংযোগ স্থাপন কৰিব।

সভাপতি গৌৰৱ গগৈয়ে সংবাদমেলত জনায় যে, ৰাইজৰ সুখ-দুখ বুজিবলৈ ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক বিশেষ অভিযান আৰম্ভ কৰা হৈছে।

গগৈয়ে কয়, “অসমৰ চুকে-কোণে, গাঁৱে-ভূঞে গৈ কংগ্ৰেছ নেতাসকলে সাধাৰণ মানুহৰ সৈতে আলোচনা কৰিব আৰু তেওঁলোকৰ ঘৰত নিশা কটাব। বাগানীয়া, চৰঅঞ্চল, পাহাৰীয়া বা জনজাতীয় অঞ্চলসমূহতো এই সংযোগ স্থাপন কৰি আমি জনগণৰ হৃদয় জয় কৰিম।”

তেওঁ লগতে কয় যে, অসমৰ প্ৰতিটো অঞ্চলত বিশেষ সভাসমূহ অনুষ্ঠিত কৰা হ‘ব, য‘ত দলীয় সীমা অতিক্ৰম কৰি উদাৰমনা সমাজ সচেতক লোকসকলক আমন্ত্ৰণ জনোৱা হ‘ব। এই সভাসমূহ ৰাইজৰ মঞ্চ হিচাপে কাম কৰিব আৰু স্থানীয় বুদ্ধিজীৱী, সাহিত্যিক আৰু অৰ্থনীতিবিদসকলৰ মতামত গ্ৰহণ কৰি অৰ্থনৈতিক আৰু সাংস্কৃতিক উন্নয়নৰ পথ নিৰ্ধাৰণ কৰা হ‘ব।

ইয়াৰ উপৰি, ভোট চুৰি ৰোধৰ বাবে প্ৰায় ২৯ হাজাৰ বুথত ৮০-৯০ শতাংশ বিএলএ (Booth Level Agent) নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এই মাহৰ শেষলৈ সেই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ‘ব।

গগৈয়ে লগতে যোগ কৰে, “কাজবোৰ সুন্দৰকৈ চলি আছে; এই ব্যৱস্থাই গণতন্ত্ৰক অধিক মজবুত কৰিব।”

দলটোৱে সাংস্কৃতিক ঐক্যৰ প্ৰতি সমৰ্থন জনাই অহা ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ জন্মদিন উদযাপনৰ সৈতে সংগতি ৰাখি “কাঞ্চনজঙ্ঘা – সংস্কৃতি হওক মৈত্ৰীৰ মন্ত্ৰ” শীৰ্ষক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিছে।

লগে লগে, তেওঁৰ প্ৰকৃতিপ্ৰেমৰ স্মৃতিত অসমৰ প্ৰতিটো বুথত নাহৰ পুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰি পৰিৱেশ সংৰক্ষণৰ প্ৰতি কংগ্ৰেছৰ প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd