• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিৰোধীৰ মিত্ৰতাৰ পিছতে মুখ্যমন্ত্ৰীৰ অংক জংক-পংক হৈছে: সৰুপথাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2026 10:19 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী বতাহত কঁপিছে ৰাজ্য। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিত বিৰোধী মিত্ৰজোঁটৰ সমৰ্থিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জীৱন চুতীয়াৰ হৈ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শাসকীয় বিজেপিক তীব্ৰ সমালোচনা কৰে। বিৰোধী ঐক্যমঞ্চ শক্তিশালী হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সমীকৰণ খেলিমেলি হৈ পৰা বুলি কংগ্ৰেছ নেতাজনে দাবী কৰে।

সৰুপথাৰ সমষ্টিৰ চুঙাজানত মিত্ৰদলসমূহৰ সমৰ্থিত প্ৰাৰ্থী জীৱন চুতীয়াৰ উপস্থিতিত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে বিৰোধীৰ মিত্ৰতা সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ উল্লেখ কৰে যে এইবাৰ বিৰোধী দলসমূহৰ মিত্ৰতা কেৱল কাগজ-কলমতে সীমাৱদ্ধ হৈ থকা নাই, বৰঞ্চ ই নিৰ্বাচনী পথাৰতো প্ৰতিফলিত হৈছে। শাসকীয় পক্ষক তীব্ৰ সমালোচনা কৰি গগৈয়ে কয় যে এইবাৰৰ নিৰ্বাচনী যুঁজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ আৰু প্ৰয়াত তৰুণ গগৈৰ আদৰ্শ পালন কৰা কংগ্ৰেছৰ মাজত হ’ব। ৰাইজৰ মাজলৈ এটা নতুন কংগ্ৰেছ দল লৈ যোৱাই তেওঁলোকৰ প্ৰধান লক্ষ্য বুলিও তেওঁ সদৰী কৰে।

Apply Now

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক স্থিতিক কটাক্ষ কৰি গগৈয়ে অভিযোগ কৰে যে যিজন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভৰি চুই হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰিছিল, পৰৱৰ্তী সময়ত তেওঁ সেইজন কট্টৰ বিজেপি নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰে পাখি কাটি দিলে। বৰ্তমান ৰাজ্যবাসীয়ে পৰিৱৰ্তন বিচাৰিছে আৰু ন্যায়, উন্নয়ন তথা গণতন্ত্ৰৰ সুৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছ মিত্ৰজোঁটৰ পক্ষত থিয় দি ৰাইজে সঠিক সিদ্ধান্ত ল’ব বুলি তেওঁ দৃঢ়তা প্ৰকাশ কৰে।

ইয়াৰ পাছতে উৰিয়ামঘাটত অনুষ্ঠিত আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে সমষ্টিটোৰ ৰাইজৰ সৈতে থকা তেওঁৰ পুৰণি সম্পৰ্কৰ কথা সুঁৱৰে। যোৱা দহ বছৰ ধৰি সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২০১৪ আৰু ২০১৯ চনত ‘মোদী ঢৌ’ থকাৰ মাজতো সমষ্টিবাসীয়ে তেওঁক বিপুল সঁহাৰিৰে জয়ী কৰাইছিল। সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ফলত বৰ্তমান তেওঁ যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হোৱা বুলি উল্লেখ কৰি গগৈয়ে কয় যে যোৱা দহ বছৰত সীমিত ক্ষমতাৰে তেওঁ ৰাইজৰ সেৱা কৰিবলৈ পাৰ্যমানে চেষ্টা চলাইছিল। এই পুৰণি চিনাকি আৰু মৰমৰ ভিত্তিত এইবাৰো মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰাবলৈ তেওঁ ৰাইজক আহ্বান জনায়।

বিৰোধী শিবিৰ ক্ৰমাৎ শক্তিশালী হৈ উঠা বুলি দাবী কৰি গৌৰৱ গগৈয়ে কয় যে ৰাইজে এতিয়া পৰিস্থিতি বুজি উঠিছে আৰু বৰ্তমানৰ চৰকাৰক বিদায় দিয়াৰ সময় সমাগত। উল্লেখ্য যে, সৰুপথাৰ সমষ্টিত অনুষ্ঠিত আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাসমূহত কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ লগতে মিত্ৰদল অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু বাওঁপন্থী দলসমূহৰ কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd