• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথত পঞ্চায়তৰ নিৰ্বাচনী দায়িত্ববাহী কৰ্মচাৰীৰ ৩০টা পিক-আপ পইণ্ট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 2, 2018 10:43 pm

2 min read

assam panchayat election

প্ৰতীকী ছবি

388
VIEWS
Share on FacebookShare on Twitter

অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্ববাহী কৰ্মচাৰীৰ যাতায়াতৰ বাবে মুঠ ৩০ টা স্থান নিৰ্ণয় কৰা হৈছে।

পৰিবহণ কোষৰ পৰা যাব লগা বাহনসমূহে এই স্থানসমূহৰ পৰা বিষয়া-কৰ্মচাৰীসকলক সংগ্ৰহ কৰি উপায়ুক্ত কাৰ্য্যালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। জিলা তথ্য আৰু জনসংযোগ বিষয়াই দেওবাৰে নৰ্থ ইষ্ট নাও-ক এই কথা জনায়।

৪ ডিচেম্বৰৰ পুৱা ৬ বজাত নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকলে নিৰ্দ্ধাৰিত ৩০ টা স্থান ক্ৰমে টৌভঙা চেণ্টাৰ, জামুগুৰিহাট চেন্টাৰ-১ আৰু ২, ইটাখোলা চেণ্টাৰ, নাগশংকৰ চেণ্টাৰ, দলংগুৰি চেণ্টাৰ, কৰৈয়নী চেণ্টাৰ, ৰঙাচকুৱা চেণ্টাৰ, চতিয়া চেণ্টাৰ, বালিচাং চেলাইখাটি চেণ্টাৰ, পাভৈ চেণ্টাৰ, তিনিসূঁতি চেণ্টাৰ, লাওদলনি চেণ্টাৰ, গেলাপুখুৰী চেণ্টাৰ, বিশ্বনাথঘাট চেণ্টাৰ, কুমলীয়া চেণ্টাৰ, গহপুৰ নগৰ চেণ্টাৰ, বটিয়ামাৰী চেণ্টাৰ, বিহমাৰী বনগাঁও চেণ্টাৰ, গাংমৌথান চেণ্টাৰ, বৰগাং চেণ্টাৰ, বৰঝাৰণি চেণ্টাৰ, নাচবৰ চেণ্টাৰ, বিহালী থানা চেণ্টাৰ, জিনজিয়া চেণ্টাৰ, জয়পুৰ বনগাওঁ চেণ্টাৰ, বাঘমাৰী চেণ্টাৰ, কাঠনীবাৰী চেণ্টাৰ, মাজুলীগড় চেণ্টাৰ আৰু জয়সিদ্ধিৰ পৰা জিলা প্ৰশাসনে প্ৰেৰণ কৰা গাড়ীৰে আহিব পাৰিব।

নিৰ্বাচনী কামৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে ৬০০ খনৰো অধিক সৰু-বৰ গাড়ীৰ ব্যৱস্থা কৰিছে। ভোটগ্ৰহণ কৰিবলৈ যোৱা নিৰ্বাচনী বিষয়া–কৰ্মচাৰীৰ বাবে ৩৬৬ খন, মাণ্ডলিক আৰু ক্ষেত্ৰীয় বিষয়াসকলৰ বাবে ৫৪ খন, আৰক্ষী আৰু নিৰাপত্তা কৰ্মচাৰীৰ বাবে ১৫০ খন আৰু অন্যান্য নিৰ্বাচনী কামৰ বাবে কমেও ৩০ খন বাহন ব্যৱহাৰ হ’ব। ইয়াৰোপৰি মহকুমাটোত ৩ খন উদ্ধাৰকাৰী বাহন, ৬ খন ট্ৰেক্টৰ, ১ খন জে চি বি, ২ খন নাও আৰু বিশ্বনাথ–বিহালী সমষ্টি দুটাৰ বাবে ২ খনকৈ মুঠ ৪ খন এম্বুলেঞ্চৰ ব্যৱস্থা কৰিছে।

জিলাখনৰ বিশ্বনাথ মহকুমাৰ অধীনৰ ৯ খন জিলা পৰিষদ, ৫ খন আঞ্চলিক পঞ্চায়ত আৰু ৪২ খন গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ বাবে পৰিবহণ কোষে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

এই সন্দৰ্ভত সবিশেষ তথ্যৰ বাবে নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকলে বিশ্বনাথ জিলা প্ৰশাসনৰ নিয়ন্ত্ৰণ কক্ষৰ ৮৪০২৮২৫০৩৮ নম্বৰত যোগাযোগ কৰিব পাৰিব।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd