অৱশেষত আগন্তুক পঞ্চায়ত নিৰ্বাচনত এককভাৱে প্ৰতিদ্বন্দ্বিতাত নমাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম গণ পৰিষদ দলে। আজি অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সাধাৰণ পৰিষদৰ সভাত দলটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখযোগ্য যে বিগত বিধানসভা নিৰ্বাচনত অগপই বিজেপিৰে মিত্ৰতা কৰি ৰাজ্যত মিত্ৰজোঁট চৰকাৰ গঠন কৰিছিল যদিও পৰৱৰ্তী সময়ত বিজেপি চৰকাৰৰ কেতবোৰ জনবিৰোধী নীতিয়ে দলটোক শলঠেকত পেলাইছিল।
বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত বিজেপি আৰু অগপৰ মাজত কিছু মতানৈক্য সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল।
ইয়াৰ মাজতে আজিৰ সভাই সাধাৰণ পৰিষদৰ পূৰ্বৰ সিদ্ধান্ত বাহাল ৰাখি ‘আঞ্চলিকতাবাদী ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে’ এককভাৱে পঞ্চায়ত নিৰ্বাচন খেলাৰ সিদ্ধান্ত লয়। অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এই কথা সদৰী কৰে।
জিলা সমিতি সমুহৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত আজিৰ সাধাৰণ সভাই ‘প্ৰয়োজন সাপেক্ষে বিভিন্ন দল-সংগঠনৰ লগত আলোচনা কৰি সঠিক ৰণকৌশল তৈয়াৰৰ বাবে সমষ্টি সমিতি আৰু জিলা সমিতিসমূহক সৰ্বসন্মতিক্ৰমে কৰ্তৃত্ব প্ৰদান কৰে।‘
এইক্ষেত্ৰত সমষ্টি সমিতিয়ে প্ৰাৰ্থী বাছনি কৰিব আৰু সেই প্ৰাৰ্থী তালিকা জিলা সমিতিয়ে অনুমোদন জনাই কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।
তদুপৰি সভাৰ মাজতে সাংবাদিকৰ আগত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অগপই চৰকাৰৰ ভিতৰে বাহিৰে প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে জাতীয় দল-সংগঠনৰে বৈঠকত বহিব।
আনহাতে, এন আৰ চি প্ৰসংগত প্ৰতীক হাজেলাই লোৱা স্থিতিৰ প্ৰতি অগপই পূৰ্ণ সমৰ্থন আগবঢ়ায়।
আজিৰ এই সভাতে অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক কৃষ্ণ কান্ত বৈশ্যৰ লগতে চাহ জনগোষ্ঠীৰ তিনিজনকৈ কংগ্ৰেছ নেতা ক্ৰমে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ সম্পাদক তথা আদিবাসী উন্নয়ন পৰিষদৰ অধ্যক্ষ ৰাফেল কুজুৰ, মজদুৰ কংগ্ৰেছৰ দুই অন্যতম সম্পাদক বিক্ৰম এক্কা আৰু ভিমছেন কুজুৰে অগপত যোগদান কৰে।