নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সম্প্ৰতি জুৰুলা কৰিছে সাধাৰণ ৰাইজক। কেৱল খাটি খোৱা লোকসকলেই নহয়েই, মূল্যবৃদ্ধিৰ আতিশয্যত যেন দিশহাৰা হৈ পৰিছে চৰকাৰী কৰ্মচাৰীসকলো!
এই কথাকেই যেন একপ্ৰকাৰে প্ৰমাণ কৰিলে অসম আৰক্ষীৰ এগৰাকী কনিষ্টবলে। ৰখাই থোৱা এখন ট্ৰাকৰ পৰা পিঁয়াজ চুৰি কৰি ধৰা পৰিছে কনিষ্টবলগৰাকী।
ধুবুৰী জিলাত সংঘটিত হৈছে এই ঘটনা।
কনিষ্টবলগৰাকীয়ে পিঁয়াজ চুৰি কৰা সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত। আৰু পিছমুহূৰ্ততে ভাইৰেল হৈ পৰে এই দৃশ্য।
আজি পুৱাৰ ভাগত এখন ৰখাই থোৱা ট্ৰাকৰ পৰা পিঁয়াজ চুৰি কৰি থকা অৱস্থাত চিচিটিভি কেমেৰাত ধৰা পৰে শিৱেশ সেন গুপ্তা নামৰ অসম আৰক্ষীৰ কনিষ্টবলগৰাকী।
ধুবুৰী জিলাৰ এটা গুদামৰ সন্মুখত ৰখাই থোৱা এখন ট্ৰাকৰ পৰা পিঁয়াজ চুৰি কৰি লৈ যায় শিৱেশ সেন গুপ্তাই।
এই কাণ্ড পোহৰলৈ অহাৰ পিছতে ধুবুৰী সদৰ আৰক্ষী থানাই তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰে আৰু অভিযুক্ত কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰে।