অসমত নিমখৰ নাটনি হোৱা বুলি এটা ভুৱা বাতৰি বিয়পিছে।
অসম আৰক্ষীয়ে এই সন্দৰ্ভত সতৰ্কীকৰণ আগবঢ়াইছে।
“একাংশ দুষ্ট চক্ৰই অসমত নিমখৰ নাটনি হোৱা বুলি উৰাবাতৰি বিয়পোৱাৰ বাবে চেষ্টা চলাইছে। এই বাতৰি সম্পূৰ্ণ ভিত্তিহীন আৰু ভুৱা। অসমত নিমখৰ কোনো নাটনি হোৱা নাই,” অসম আৰক্ষীৰ স্পষ্টীকৰণ।
ভুৱা বাতৰিৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ
সতৰ্কীকৰণ !@CMOfficeAssam @himantabiswa @mygovassam @KrSanjayKrishna pic.twitter.com/MeYthECzAx— Assam Police (@assampolice) April 17, 2020
অসম আৰক্ষীয়ে এই বাতৰিত গুৰুত্ব নিদিবলৈ ৰাইজক আহ্বান জনাইছে।
অসম আৰক্ষীয়ে স্পষ্ট কৰি দিয়ে যে ৰাজ্যত নিমখকে ধৰি অত্যাৱশ্যকীয় সকলো সামগ্ৰী পৰ্য্যাপ্ত পৰিমাণে মজুত আছে।