• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তবলিগী জামাতৰ নেতাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 6, 2020 10:24 am

2 min read

People-found-positive-for-COVID19-being-taken-to-hospital.-Image-credit-www.indiatoday.in_-1140x570

প্ৰতিনিধিত্বমূলক ফটো

6.8k
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ নেতাকে ধৰি ইয়াৰ ৰাজ্যিক শাখাৰ কেইবাজনো নেতাৰ বিৰুদ্ধে দেওবাৰে অসম আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।

ৰাজ্যখনৰ এতিয়ালৈকে চিনাক্ত হোৱা COVID-19 আক্ৰান্ত ২৬ জনৰ ভিতৰত ২৫ জনেই যোৱা মাহত নিজামুদ্দিন মাৰ্কাজত অনুষ্ঠিত সমাৱেশৰ সৈতে জড়িত থকাটো নিশ্চিত হোৱাৰ পাছত অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

অভিযোগ উঠিছে যে উক্ত অনুষ্ঠানৰ পৰা উভতি অহা কেইবাজনো লোকে আত্মগোপন কৰি আছে আৰু এতিয়ালৈকে আত্মপ্ৰকাশ কৰা নাই।

ইশাংকুৰ শইকীয়া নামৰ এজন ব্যক্তিৰ এক এজাহাৰৰ ভিত্তিত কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাত গোচৰটো ৰুজু কৰা হৈছে।

শইকীয়াই অভিযোগ কৰিছে যে মাৰ্কাজৰ সদস্যসকলে জৈৱ-সন্ত্ৰাস বিয়পাই ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে।

দিল্লীৰ মাৰ্কাজৰ মুখ্য সদস্যৰ উপৰি এজাহাৰখনত ‘সন্ধানহীন’ হৈ থকাৰ অভিযোগ থকা সমাৱেশত অংশ লোৱা ৰাজ্যখনৰ আন পাঁচজন লোকৰ নামো দিয়া হৈছে।

‘মেলিগনেন্ট এক্ট লাইকলি টু স্প্ৰেড ইনফেকশ্যন অফ ডিজিজ ডেঞ্জাৰাছ টু লাইফ’আৰু পাৰ্ছপোৰ্ট আইনৰ সৈতে জড়িত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৭০ৰ অধীনত গোচৰটো ৰুজু কৰা হৈছে।

এজাহাৰখনত আন এখন ৰাজ্য বা বাহিৰৰ পৰা উভতি আহি তথ্য গোপনে ৰাখি অসমৰ তথা গোটেই দেশতে মানৱ জীৱনৰ বাবে ভয়াবহ ৰোগ বিয়পোৱাত সহায় কৰা সেইসকল লোকৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা কৰাটো বিচৰা হৈছে।

ইয়াৰ মাজতে ৰাজ্য চৰকাৰে ধৰ্মীয় সমাৱেশটোত উপস্থিত থকা সকলোকে COVID-19 পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ সোমবাৰলৈকে সময়সীমা বান্ধি দিছে।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে স্বেচ্ছাই উপস্থিত নহ’লে তেওঁলোকৰ বিৰুদ্ধ অপৰাধমূলক গোচৰ তৰিব বুলি দেওবাৰে সতৰ্ক কৰি দিছে।

Tags: COVID19

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd