• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত বহু দশকজোৰা সফল অভিযানে অসম আৰক্ষীৰ যোগ্যতাক প্ৰমাণ কৰিছে : কেন্দ্ৰীয় মন্ত্ৰী জি কে ৰেড্ডী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 21, 2019 7:48 pm

2 min read

HOM-

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী জি কে ৰেড্ডী

2.8k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰ চৰকাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰৰ গৃহ ৰাজ্যিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সোমবাৰে ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থা উন্নত হোৱা বুলি মন্তব্য কৰে।

ৰেড্ডীয়ে ইয়াৰ ফলত আৰক্ষী বিষয়া আৰু সাধাৰণ নাগৰিকৰ হতাহত হোৱা ঘটনাও হ্ৰাস পাইছে বুলি কয়।

সোমবাৰে অসমত আৰক্ষী স্মৰণ দিৱস উপলক্ষ্যে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰেড্ডীয়ে এনেদৰে মত প্ৰকাশ কৰে।

ভাৰতীয় সুৰক্ষা বাহিনীয়ে দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতি আহিব পৰা সকলো ধৰণৰ ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ সম্পুৰ্ণৰূপে সক্ষম বুলিও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়।

‘‘অসম আৰক্ষীৰ জোৱানসকলে আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে হোৱা সংঘৰ্ষত, সীমান্ত অঞ্চলৰ সুৰক্ষা ব্যৱস্থা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিজৰ আত্মবলিদান দি আহিছে,’’ ৰেড্ডীয়ে কয়।

ভাষণ প্ৰসংগত ৰেড্ডীয়ে ১৯৬৪ চনৰ পৰা বৰ্তমানলৈ ৮৭৯ গৰাকী অসম আৰক্ষীৰ জোৱানে আইন শৃংখলা ৰক্ষাৰ নিমিত্তে প্ৰাণ আহুতি দিয়া বুলি উল্লেখ কৰে।

বহু দশক ধৰি অসম আৰক্ষীয়ে উগ্ৰবাদী আৰু সন্ত্ৰাসবাদীৰ বিপক্ষে শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চলাই অহা অভিযানত নিজৰ দক্ষতা আৰু সক্ষমতাৰো প্ৰমাণ দাঙি ধৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীক প্ৰশংসা কৰে।

আৰক্ষী জোৱান সকলৰ আত্মবলিদানে অসমৰ সুৰক্ষা ব্যৱস্থাৰ মান সম্পুৰ্ণৰূপে সলনি কৰি তোলাৰ লগতে ৰাজ্যখনত শান্তি আৰু সমৃদ্ধি প্ৰতিষ্ঠাৰে নিয়োগৰ সুযোগ বৃদ্ধি কৰাত উল্লেখযোগ্য বৰঙণি যোগাই আহিছে বুলি ৰেড্ডীয়ে মত প্ৰকাশ কৰে।

সমগ্ৰ অসমে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূবলৈ চোৱা নীতিক সঁচা অৰ্থত প্ৰয়োগেৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়।

আনহাতে, সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূবৰ সকলো উগ্ৰপন্থী সংগঠনক অস্ত্ৰ সম্বৰণ কৰি মূল সুতিলৈ উভতি আহি দেশৰ প্ৰগতিত অৰিহণা যোগাবলৈ আহ্বান জনায়।

Recent News

WhatsApp Image 2021-01-17 at 11.51.37 AM

পুনৰ কৰ’নাৰ তাণ্ডৱ! চীনে ৫দিনৰ ভিতৰতে নিৰ্মাণ কৰিলে ১৫০০ কোঠাৰ হাস্পাতাল

373268-pm-cares-fund-2

স্বচ্ছতাৰ অভাৱ! পি এম কেয়াৰ্ছ ফাণ্ডক লৈ প্ৰাক্তন আমোলাৰ প্ৰশ্নৰ সন্মুখীন প্ৰধানমন্ত্ৰী মোদী

Bogamati protest

বনভোজস্থলী বগামাটিত মদ বন্ধৰ দাবীত উত্তাল বাঙালীপাৰা চাৰিআলি; ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা

natkhat-vidya-1200

অস্কাৰৰ দৌৰত এইবাৰ শ্বৰ্ট ফিল্ম ‘নটখট’; উৎফুল্লিত বিদ্যা বালান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd