• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংসদ ভৱনৰ পৰাই অসমীয়াক গুলীয়াই মৰাৰ ভাবুকি দিয়া মিজো সাংসদলৈ অসম আৰক্ষীৰ চমন

সাংসদ ভানলালভেনাক নাপাই ঘৰৰ সন্মুখৰ দেৱালতে আঁৰি থৈ আহিল চমন

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2021 5:02 pm
Mizoram-MP-Vanlalvena-750x375
336
VIEWS
Share on FacebookShare on Twitter

সংসদ ভৱনৰ বাকৰিৰ পৰাই অসমীয়াক গুলীওৱাৰ হুংকাৰ প্ৰদান কৰা মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনালৈ অসম আৰক্ষীয়ে প্ৰেৰণ কৰিলে চমন।

চমনত অসম আৰক্ষীয়ে সাংসদগৰাকীক জবানবন্দী গ্ৰহণৰ বাবে কাচাৰৰ ধলাই থানালৈ মাতি পঠিয়াইছে।

সাংসদ কে ভানলালভেনাই সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰৰ সময়তে অসমীয়াক গুলীওৱাৰ ভাবুকি দিছিল। ইয়াৰ পিছতে অসম আৰক্ষীৰ চিআইডিৰ চাৰি জনীয়া দল এটাই দিল্লীলৈ গৈছিল।

বিতৰ্কিত মন্তব্য কৰাৰ পিছৰে পৰা আত্মগোপন কৰা ভানলালভেনাৰ চৰকাৰী বাসভৱন আৰু দিল্লীস্থ মিজোৰাম ভৱনলৈ অসম আৰক্ষীৰ দলটোৱে সাংসদগৰাকীক বিচাৰি গৈছিল যদিও তেওঁক নাপাই বাসভৱন আৰু মিজোৰাম হাউচৰ দেৱালতে চমন খন আঁৰি থৈ আহে।

অসম আৰক্ষীৰ দলটোৱে সাংসদ কে ভানলালভেনাৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত দিল্লী আৰক্ষীৰো সহায় বিচাৰিছে।

উল্লেখ্য কিছুদিন পূৰ্বে মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাই সংবাদ মাধ্যমৰ আগত সাক্ষাৎকাৰ দি থকাৰ সময়তে অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত অসম আৰক্ষীক গুলীয়াই হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

সাংসদ ভানলালভেনাই কৈছিল—’আমি তাত তেওঁলোকক গুলীয়াইছিলো। তেওঁলোকে পুনৰ আমাৰ সীমা অতিক্ৰম কৰিলেই আকৌ গুলীয়াম।ভাগ্য ভাল যে আমি আটাইবোৰকে মাৰি নেপেলালো, তেওঁলোকে যদি পুনৰ আহে আমি এইবাৰ সকলোকে হত্যা কৰিম’।

অসম আৰক্ষীক এনেদৰে মুকলি প্ৰত্যাহ্বান জনোৱা সাংসদগৰাকীৰ ভাষ্যই দেশ জুৰি তোলপাৰ লগাইছে।

সাংসদ কে ভানলালভেনাই সংসদ ভৱনৰ পৰাই তেনে স্পৰ্শকাতৰ মন্তব্য কৰাৰ পিছতে অসম চৰকাৰৰ চিআইডিৰ দল এটা দিল্লীলৈ ৰাওনা হৈছিল।

ইপিনে সীমান্তত অসম আৰক্ষীৰ ওপৰত কৰা আক্ৰমণ সন্দৰ্ভত অস্ত্ৰ আইন 25(1-A) আৰু ৰাজহুৱা সম্পত্তি ধ্বংস প্ৰতিৰোধ আইনৰ ৩ নং ধাৰাৰ অধীনতো ভাৰতীয় দণ্ডবিধিৰ 120B, 447, 336, 379, 333, 307, 302ত ধলাই থানাত ২৭ জুলাইত গোচৰ ৰুজু কৰা হৈছে ৷

অসম আৰক্ষীয়ে সীমান্তত  গুলীচালনা কৰা লোকৰ সন্ধান দিব পৰা জনক পাঁচ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব বুলিও ঘোষণা কৰিছে।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd