• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলফা(স্বা)ৰ উপ মুখ্য সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাক অসম আৰক্ষীৰ হাতত গতালে মেঘালয় আৰক্ষীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 12, 2020 9:23 am
deputycommander-750x375
4.3k
VIEWS
Share on FacebookShare on Twitter

সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন), আলফা(স্বা)ৰ উপ মুখ্য সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাক অসম আৰক্ষীৰ হাতত অৰ্পণ কৰিছে মেঘালয় আৰক্ষীয়ে।

উল্লেখ্য যে, বুধবাৰে আলফা(স্বা)ৰ মুখ্য সেনাধক্ষ্য তথা উপ সভাপতি পৰেশ অসমৰ অতি ঘনিষ্ঠ আলফা(স্বা)ৰ দুধৰ্ষ নেতা দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই মেঘালয়ৰ দক্ষিণ গাৰো হিলছ জিলাৰ ব’লব’গক্ৰে গাঁৱত মেঘলায় আৰক্ষী আৰু  এছএফ-10 কামাণ্ডৰ ওচৰত অন্য চাৰি সতীৰ্থসহ আত্মসমৰ্পণ কৰিছিল।

বিশেষ সূত্ৰৰ খবৰ অনুসৰি দৃষ্টি ৰাজখোৱাৰ দলটোৱে মেঘালয় আৰক্ষী আৰু এছএফ-10 কামাণ্ডৰ যুটীয়া অভিযানকাৰী বাহিনীৰ সৈতে আধাঘণ্টা জোৰা সংঘৰ্ষৰ পিছত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল।

আত্মসমৰ্পণ কৰাৰ পিছত দৃষ্টি ৰাজখোৱাৰ লগতে তেওঁৰ সৈতে আত্মসমৰ্পণ কৰা দলটো মেঘালয় আকক্ষীৰ জিম্মাত আছিল।

ইফালে কালি এই খবৰ লাভ কৰাৰ লগে লগে অসম আৰক্ষীৰ এটা দলে মেঘালয়লৈ ৰাওনা হয়।

বুধবাৰে সন্ধিয়া মেঘালয় আৰক্ষীয়ে আলফা(স্বা)ৰ শীৰ্ষ নেতা দৃষ্টি ৰাজখোৱাক অসম আৰক্ষীৰ হাতত অৰ্পণ কৰাৰ কথা টুইটাৰ যোগে জনাইছে।

Deputy Commander-in-Chief of United Liberation Front of Assam-Independent (ULFA-I) Dhristi Rajkhowa has been handed over to @assampolice and Security Forces, after he surrendered on Wednesday evening to Meghalaya Police. pic.twitter.com/YeMFNIvTPJ

— Meghalaya Police (@MeghalayaPolice) November 12, 2020

অৱেশ্যে এই সন্দৰ্ভত অসম আৰক্ষীয়ে এই প্ৰতিবেদন প্ৰস্তুত কৰি থকালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

আলফা(স্বা)ৰ দুধৰ্ষ নেতা দৃষ্টি ৰাজখোৱা বিৰুদ্ধে অসম আৰক্ষীত হত্যা আৰু অপসৰহণৰ প্ৰায় দুই ডজন গোচৰ ৰুজু হৈ আছে।

বাংলাদেশৰ পৰা মেঘালয়ত প্ৰৱেশ কৰি বিগত কিছু দিন ধৰি আলফা(স্বা) উপ মুখ্য সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাই মেঘালয়ৰ দক্ষিণ গাৰো হিলছ জিলাত বাহৰ পাতি আছিল বুলি ভাৰতীয় চোৰংচোৱা নিশ্চিত হৈছিল।

“২০ অক্টোবৰত দক্ষিণ গোৰা হিলছ জিলাৰ ব’লব’গক্ৰে গাঁৱত কামাণ্ড’ আৰু মেঘালয় আৰক্ষীয়ে চলোৱা অভিযানৰ পিছৰে তেওঁ পলায়ন কৰি আছিল।” মেঘালয়ৰ আৰক্ষীৰ এক টুইটত এইদৰে কোৱা হৈছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd