• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমত ৰঙালী বিহুৰ পূৰ্বেই বিধানসভা নিৰ্বাচনৰ সম্ভাৱনা: প্ৰস্তুতিৰ বুজ ল’বলৈ গুৱাহাটীত নিৰ্বাচন আয়োগৰ দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2026 6:24 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত আগন্তুক ৰঙালী বিহুৰ পূৰ্বেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা দিছে। নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’বলৈ শনিবাৰে নিৰ্বাচন আয়োগৰ এটা সঁজাতী দল দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছে। মনিষ গাৰ্গ, পৱন কুমাৰ শৰ্মা, সঞ্জয় কুমাৰ আৰু ভানু কুমাৰ য়াতুবক লৈ গঠিত এই দলটোৱে ৰাজ্যৰ উচ্চপদস্থ বিষয়া তথা বিভিন্ন পক্ষৰ সৈতে আলোচনাত মিলিত হ’ব।

গুৱাহাটীত উপস্থিত হৈ নিৰ্বাচন আয়োগৰ দলটোৱে প্ৰতিখন জিলাৰ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। ইয়াৰ উপৰি দলটোৱে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ (DGP) সৈতেও সুকীয়া বৈঠকত বহিব। সূত্ৰ অনুসৰি, আয়োগৰ এই দলটোৱে শাসক আৰু বিৰোধী উভয় পক্ষৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে।

Apply Now

অসম চৰকাৰে বিহুৰ পূৰ্বেই নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ আয়োগক ইতিমধ্যে আহ্বান জনাইছে। এনে পৰিপ্ৰেক্ষিতত, এই ভ্ৰমণসূচী সমাপ্ত কৰি দলটোৱে দিল্লীলৈ উভতি যোৱাৰ পিছত ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। অৱশ্যে তাৰ পূৰ্বে ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা পূৰ্ণ পৰ্যায়ৰ দল অসমলৈ অহাৰ কথা। উল্লেখযোগ্য যে, আগন্তুক নিৰ্বাচনৰ বাবে ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব।

অসমৰ লগতে পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত একে সময়তে নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰাপত্তাৰক্ষীৰ মোতায়েন আৰু আনুষঙ্গিক দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে প্ৰথমে অসম আৰু পশ্চিমবংগত ভোটগ্ৰহণ সম্পন্ন কৰাৰ পৰিকল্পনা কৰিছে। অসমত এইবাৰ নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা অধিক।

স্মৰ্তব্য যে, ২০২১ চনত ২৬ ফেব্ৰুৱাৰীত নিৰ্বাচন ঘোষণা কৰা হৈছিল আৰু অসমত তিনিটা পৰ্যায়ত (২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিল) ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। আনহাতে, ২০১৬ চনতো বিহুৰ পূৰ্বে দুটা পৰ্যায়ত (৪ এপ্ৰিল আৰু ১১ এপ্ৰিল) নিৰ্বাচন অনুষ্ঠিত হৈছিল। ৰাজ্যত বৰ্তমানৰ শান্তিপূৰ্ণ আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰো বিহুৰ পূৰ্বেই প্ৰক্ৰিয়াটো সমাপ্ত কৰাৰ লক্ষ্য লোৱা হৈছে।

এইবাৰৰ নিৰ্বাচনৰ আটাইতকৈ লক্ষণীয় বিষয়টো হ’ল সমষ্টি পুনৰ নিৰ্ধাৰণ । সমষ্টিৰ গাঁথনি আৰু সীমাৰ ব্যাপক পৰিৱৰ্তনৰ পাছত এয়া হ’ব ৰাজ্যৰ প্ৰথমটো বিধানসভা নিৰ্বাচন। সমষ্টিৰ মুঠ সংখ্যা (১২৬ খন আসন) একে থাকিলেও বহু পুৰণি সমষ্টি বিলুপ্ত হৈছে আৰু কেইবাটাও নতুন সমষ্টিৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

July 2, 2026 9:19 am
তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

July 2, 2026 9:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd