• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিয়ে বান সাহায্যৰ নামত অসমবাসীক মাথো ভুৱা প্ৰতিশ্ৰুতি দি আহিছে : কংগ্ৰেছ

৩ আগষ্টত চৰকাৰৰ বিৰুদ্ধে ‍‘প্ৰতাৰণা দিৱস’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিব কংগ্ৰেছে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 1, 2020 9:49 am

2 min read

বিজেপিয়ে বান সাহায্যৰ নামত অসমবাসীক মাথো ভুৱা প্ৰতিশ্ৰুতি দি আহিছে : কংগ্ৰেছ
208
VIEWS
Share on FacebookShare on Twitter

সাম্প্রতিক ৰাজ্যখনৰ প্ৰলয়ংকাৰী বান আৰু গৰাখহনীয়াৰ মোকাবিলা কৰাত কেন্দ্র আৰু ৰাজ্যৰ বিজেপি চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে।

কংগ্ৰেছে অভিযোগ কৰি কয় যে বানপীড়িত ৰাইজৰ দুখ- দুৰ্দশা আৰু অভাৱ-অভিযোগৰ লগতে সাহায্য প্রদান কৰাৰ ক্ষেত্রতো চৰম অৱহেলা প্ৰদৰ্শন কৰিছে।

বিগত বছৰবোৰত বান সমস্যা সমাধানৰ বাবে প্ৰকৃতাৰ্থত তৎপৰতা প্রদর্শন কৰাৰ পৰিৱর্তে প্ৰধান মন্ত্ৰী মোদী, একাংশ কেন্দ্রীয় মন্ত্রী আৰু আমাৰ মুখ্য মন্ত্রী সোণোৱাল ডাঙৰীয়াই মাথো দি গৈছে কিছুমান ভুৱা প্ৰতিশ্ৰুতিহে।

উল্লেখ্য যে ২০১৭ চনৰ ১ আগষ্টত বানপানীৰ খবৰ ল’বলৈ আহি গুৱাহাটীত অসম আৰু উত্তৰ পূবৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিছিল মোদীয়ে।

প্ৰদেশ কংগ্ৰেছ সমিতিয়ে প্ৰধান মন্ত্ৰী আৰু অসম চৰকাৰক প্ৰশ্ন কৰিছো যে সেই ঘোষণা কৰা অনুসৰি অসমকে ধৰি উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ বানপানীৰ ক্ষয়-ক্ষতিৰ বাবে ২৩৫০ কোটি টকাৰ প্ৰতিশ্ৰুতিৰ কি হ’ল? অসমৰ বাবে তৎকালীন ভাৱে দিম বুলি কোৱা ২৫০ কোটিৰে কি ৰূপায়ণ কৰিলে?

ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে ঘোষণা কৰা ৪০০ কোটি আৰু ব্ৰহ্মপুত্ৰ অৱবাহিকা অধ্যয়নৰ বাবে ১০০ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতিৰ কি হ’ল?

ঠিক তেনেদৰে ২০১৬ চনৰ ২৪ অক্টোবৰত নতুন দিল্লীত মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী ডাঙৰীয়াই অসমৰ বান নিয়ন্ত্ৰণৰ বাবে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ১ লাখ কোটি বিনিয়োগ কৰি Express Highway নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতিৰ কি হ’ল?

২০১৪ চনৰ বিজেপি দলৰ ৰাষ্ট্রীয় ইস্তাহাৰ আৰু ২০১৬ ৰ অসম বিধানসভা নির্বাচনত বাবে প্ৰকাশ কৰা Vision Document ত অসমৰ বান সমস্যা নিয়ন্ত্ৰণৰ বাবে দিয়া প্ৰতিশ্ৰুতি সমূহৰ কিমান ৰূপায়ণ কৰিলে?

ড্ৰেজাৰেৰে ব্ৰহ্মপুত্ৰৰ খনন কৰিলেনে? নমামী ব্ৰহ্মপুত্ৰ আৰু নমামী বৰাক উৎসৱে বান-খহনীয়া নিয়ন্ত্রণত কিমান সহায় কৰিলে ? নে অভিযোগ উঠাৰ দৰে এইসমূহ বিজেপি চৰকাৰৰ ভূৱা প্ৰতিশ্ৰুতিহে আছিল?

এইবিষয়ে প্ৰকৃত তথ্যসহ অসমবাসী ৰাইজক চৰকাৰে অৱগত কৰক।

অসম প্রদেশ কংগ্রেছে বিজেপি চৰকাৰৰ এই চুড়ান্ত ব্যৰ্থতা, বানাক্ৰান্ত ৰাইজৰ প্ৰতি অৱহেলা, ভুৱা প্ৰতিশ্ৰুতিৰ এই বিষয় বিলাক সামগ্রিকভাৱে অসমবাসী ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে অহা ৩ আগষ্ট সোমবাৰে সমগ্র ৰাজ্যজুৰি “প্ৰতাৰণা দিৱস ” শীর্ষক কাৰ্য্যসূচী ৰূপায়ণ কৰিব।

কাৰ্য্যসূচী অনুসৰি ৰাজ্যখনৰ প্ৰতিখন ব্লক কংগ্রেছ কমিটিয়ে নিজ নিজ কাৰ্যালয়ৰ সমীপত নতুবা ৰাজহুৱা স্থানত প্লে কাৰ্ড, বেনাৰ আদি লৈ ধৰ্ণা প্ৰদৰ্শন কৰি ভুৱা প্ৰতিশ্ৰুতি সমূহৰ প্ৰতিলিপি দাহ কৰিব।

অসম আৰু অসমবাসীৰ স্বাৰ্থত প্ৰতিজন কংগ্রেছ কৰ্মীকে এই কাৰ্য্যসূচীত উপস্থিত থাকি সফল কৰি তুলিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই আহ্বান জনাইছে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd