DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব মাতৃভাষা দিৱসৰ দিনাই ‘ইউনিক’ড ফ্ৰ’ণ্ট’ আৰু ‘ৰসৰাজ ৰূপান্তৰক’ মুকলি অসম প্ৰকাশন পৰিষদৰ

অসম প্রকাশন পৰিষদৰ উদ্যোগে ‘মোৰ ভাষা মোৰ গৌৰৱ’ ধ্বনিক আধিক শক্তিশালী কৰিলে : ড‘ কুলধৰ শইকীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2021 6:23 pm
21-02-2021 Photo
333
VIEWS
Share on FacebookShare on Twitter

অসম প্ৰকাশন পৰিষদৰ এলানি অভিলাষী প্রকল্পৰ ভিতৰত দুটা ভাষা প্ৰযুক্তি ভিত্তিক গুৰুত্বপূৰ্ণ ছপাযোগ্য ‘বাণীকান্ত অসমীয়া ইউনিক’ড ফ্ৰ’ণ্ট’ আৰু ‘ৰসৰাজ ৰূপান্তৰক’ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ৰ সভাগৃহত আজি অনুষ্ঠিত এটা অনুষ্ঠানত এই প্ৰকল্প দুটা মুকলি কৰে ক্ৰুমে অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু অসম সাহিত্য সভাৰ সভাপতি ডঃ  কুলধৰ শইকীয়াই।

আজি এই প্ৰকল্প দুটা মুকলি অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ভাষা প্ৰযুক্তি বিকাশ পৰিষদৰ সহযোগিতাত অসমীয়া লিপি ইউনিক’ড সমৰ্থিত ছপা উপযোগী এটা ফ্ৰ’ণ্ট পৰিয়াল (Front Family) নিৰ্মাণ কৰি উলিওৱা হৈছে।

বাণীকান্ত অসমীয়া ইউনিক’ড ফ্ৰ’ণ্ট মুকলি কৰি অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই কয়, ‘অসম প্ৰকাশন পৰিষদৰ আজিৰ এই পদক্ষেপে অসমীয়া ভাষা তথা লিপিৰ উত্তৰণৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব।

ভাষণ প্ৰসংগত লগতে চলিহাই আৰু কয় ‘অসমীয়া ভাষা জননীৰ বাবে আজি এটা ঐতিহাসিক দিন হিচাপে বিবেচিত হ’ব।’

ইফালে আজিৰ অনুষ্ঠানতে নন্‌ ইউনিক’ড ফ্ৰ’ণ্টৰ আখৰ ইউনিক’ডলৈ ৰূপান্তৰ কৰিব পৰা ‘ৰসৰাজ ৰূপান্তৰক (NON UNICODE TO UNICODE CONVERTOR) মুকলি কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই।

ভাষণ গ্ৰসংগত ডঃ শইকীয়াই কয়, “অসম প্ৰকাশন পৰিষদৰ উদ্যোগে অসম সাহিত্য সভাৰ ‘মোৰ ভাষা মোৰ গৌৰৱ’ ধ্বনিক আজি অধিক শক্তিশালী কৰিলে। ভাষা তথা লিপিৰ বিকাশ বিস্তৃতিৰ বাবে অসম প্ৰকাশন পৰিষনে গ্ৰহণ কৰা এই পদক্ষেপক ভূয়সী প্রশংসা কৰে আৰু সকলোকে এনে পদক্ষেপৰ প্ৰতি সঁহাৰি জনাবলৈ মুকলি আহ্বান জনায় সভাপতি ডঃ শইকীয়াই।

উল্লেখ্য যে, অসম চৰকাৰৰ উচ্চশিক্ষা বিভাগৰ অন্তৰ্গত অসম প্ৰকাশন পৰিষদে যোৱা ডেৰ বছৰীয়া প্ৰচেষ্টাৰ অন্তত অসমীয়া ভাষাৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে ‘ভাষা প্ৰযুক্তি বিকাশ পৰিষদ’ৰ সহযোগত অসমীয়া ‘ফ্ৰ’ণ্ট ফেমিলি’ নিৰ্মাণ কৰি উলিয়াইছে।

অসমীয়া নৰ্মেল, অসমীয়া ইটালিক, অসমীয়া ব’ল্ড আৰু ইংৰাজী ফণ্টৰ লগতে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা IPA এই ইউনিক’ড ফ্ৰ’ণ্টে অসমীয়া ভাষাৰ কাৰিকৰী সমস্যা নাইকিয়া কৰিব বুলি আশা প্রকাশ কৰা হৈছে।

প্ৰণিধানযোগ্য যে অসমীয়া ভাষাৰ ভেটি গঢ়োতা গৱেষক ডঃ বাণীকান্ত কাকতিৰ নামত উৎসৰ্গিত এই ফ্ৰ’ণ্ট নিৰ্মাণৰ প্ৰকল্পত অসম প্রকাশন পৰিষদৰ উদ্যোগত ভাষা প্রযুক্তি বিকাশ পৰিষদৰ গুণদীপ চেতিয়া, ৰাজু গোহাঁই আৰু ডঃ ভাস্কৰজ্যোতি শৰ্মাই আগভাগ লৈছিল।

আজি ‘বিশ্ব মাতৃভাষা দিৱস’ৰ লগত সংগতি ৰাখি অসম প্ৰকাশন পৰিষদে এই ফ্ৰ’ণ্ট অসমীয়া ছপা মাধ্যমত ইউনিক’ডত প্রয়োগৰ বাবে মুকলি কৰি দিয়ে।

অসমীয়া ভাষাৰ বাবে কাৰিকৰী দিশত এক যুগান্তকাৰী সংযোজন হিচাপে চিহ্নিত হোৱা এই ছপাযোগ্য ‘বাণীকান্ত অসমীয়া ইউনিক’ড ফ্ৰ’ণ্ট’ আৰু ‘ৰসৰাজ ৰূপান্তৰক’ (NON UNICODE TO UNICODE CONVERTOR) অসম প্রকাশন পৰিষদৰ www.publicationboardassam.com বেৱছইটত বিনামূলীয়াকৈ উপলব্ধ হ’ব।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd