• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

মহেশ ডেকা by মহেশ ডেকা
August 22, 2026 3:52 pm
83
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত জব্দ কৰা ৰঙাচন্দন কাঠৰ নিলাম আৰু বিক্ৰীত বৃহৎ খেলিমেলি হোৱা বুলি ৰাজ্য চৰকাৰে কৰা অভিযোগক লৈ এতিয়া গুৰুতৰ প্ৰশ্ন উত্থাপিত হৈছে। বন বিভাগে শেহতীয়াকৈ চৰকাৰৰ ওচৰত দাখিল কৰা এখন প্ৰতিবেদনত পোহৰলৈ আহিছে যে এই সমগ্ৰ নিলাম প্ৰক্ৰিয়াটো চৰকাৰী অনুমোদন আৰু নিৰ্ধাৰিত নিয়ম অনুসৰিয়েই সম্পন্ন কৰা হৈছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই সমগ্ৰ প্ৰক্ৰিয়াটো যিগৰাকী বিষয়াৰ কাৰ্যকালত আৰম্ভ আৰু অনুমোদিত হৈছিল, তেওঁ হৈছে বন বিভাগৰ তদানীন্তন প্ৰধান মুখ্য বন সংৰক্ষক (PCCF) এম কে যাদৱ। আশ্চৰ্যজনকভাৱে, বৰ্তমান বন বিভাগৰ বিশেষ মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা এইগৰাকী যাদৱৰ বিভাগটোৱেই এতিয়া এই নিলামৰ নথিপত্ৰ পুনৰ পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে আৰু ৰঙাচন্দনৰ সৰবৰাহত স্থগিতাদেশ জাৰি কৰিছে।

 

Apply Now

সংবাদ মাধ্যমৰ বাতৰি আৰু অসম আৰক্ষীৰ গোপন তথ্যৰ পম খেদি যোৱা ১৩ আগষ্টত বন বিভাগৰ যুটীয়া সচিব শচীন্দ্ৰ দাসে বৰ্তমানৰ প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰলৈ এক নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনাত নিলামৰ সকলো নথিপত্ৰ বিচৰাৰ লগতে ৰঙাচন্দন কাঠৰ সৰবৰাহ তৎকালীনভাৱে বন্ধ কৰিবলৈ কোৱা হৈছিল। কিন্তু সন্দীপ কুমাৰে চৰকাৰক দাখিল কৰা প্ৰতিবেদনখনে এক বিপৰীত ছবিহে দাঙি ধৰিছে। প্ৰতিবেদনখনত উল্লেখ থকা অনুসৰি মূল্য নিৰ্ধাৰণৰ পৰা আৰম্ভ কৰি নিলাম আৰু সৰবৰাহলৈকে প্ৰতিটো গুৰুত্বপূৰ্ণ পৰ্যায়তে চৰকাৰৰ পূৰ্ণ অনুমোদন আছিল। কোনো নীতি-বহিৰ্ভূতভাৱে এই নিলাম হোৱা নাছিল আৰু ইয়াৰ সৰ্বাধিক কাম এম কে যাদৱৰ কাৰ্যকালতেই হৈছিল।

 

চৰকাৰী নথি অনুসৰি, ৰঙাচন্দন কাঠৰ এই নিলাম কোনো হঠাতে লোৱা সিদ্ধান্ত নাছিল। ২০২২ চনৰ ২৫ জুলাইত কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়ে এই জব্দ কৰা  ৰঙাচন্দন কাঠৰ ঘৰুৱা ব্যৱহাৰৰ বাবে অনুমোদন জনাইছিল। ইয়াৰ পিছত ২০২৩ চনৰ ২০ ডিচেম্বৰত অসম চৰকাৰেও ইয়াত সন্মতি দিয়ে। ২০২৪ চনৰ ১৯ জানুৱাৰীত তেতিয়াৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে এই প্ৰক্ৰিয়া তদাৰক কৰিবলৈ এখন সমিতি গঠন কৰি দিছিল। পৰৱৰ্তী সময়ত সকলো চৰকাৰী প্ৰক্ৰিয়া আৰু ই-নিলামৰ জৰিয়তে ২০২৫ চনৰ ডিচেম্বৰ মাহত ইয়াৰ নিলাম সম্পন্ন হৈছিল।

 

আনকি শেহতীয়াকৈ ধুবুৰীত আৰক্ষীয়ে জব্দ কৰা কাঠখিনিও কোনো নতুন চোৰাং কাঠ নাছিল, বৰঞ্চ পুৰণি জব্দকৃত কাঠহে আছিল, যিবোৰ চৰকাৰী নিৰ্দেশমৰ্মে হিচাপ-নিকাচৰ বাবে গুৱাহাটীলৈ সৰবৰাহ কৰি থকা হৈছিল। ইয়াৰ  বাবেও ৰাজ্য চৰকাৰে ২০২৬ চনৰ এপ্ৰিল মাহত ৰে’লযোগে সৰবৰাহৰ অনুমোদন জনাইছিল।

 

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, যদি সকলো কাম চৰকাৰী নিয়ম মতেই হৈছিল, তেন্তে এতিয়া হঠাৎ কিয় এই বৃহৎ খেলিমেলিৰ অভিযোগ উঠিছে? চৰকাৰে প্ৰকৃততে নিলামটোক লৈ সন্দেহ কৰিছে নে পৰিবহণক লৈ সন্দেহ কৰিছে, সেয়া এতিয়াও স্পষ্ট নহয়। সকলোতকৈ ডাঙৰ কথাটো হ’ল, যিগৰাকী এম কে যাদৱৰ নেতৃত্বত এই নিলাম প্ৰক্ৰিয়া চলিছিল, তেওঁৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা লোৱা হোৱা নাই? বৰ্তমান বন বিভাগৰ নিজা প্ৰতিবেদনেই স্পষ্ট কৰি দিছে যে ৰঙাচন্দনৰ এই নিলাম গোপনে হোৱা নাছিল আৰু ইয়াত চৰকাৰী ছীল-মোহৰ আছিল। চৰকাৰে সঁচাকৈয়ে কোনো কেলেংকাৰীৰ তদন্ত কৰিছে নে চৰকাৰীভাৱে অনুমোদিত এটা প্ৰক্ৰিয়াত কেৱল ভুল উলিয়াবলৈ চেষ্টা কৰিছে সেইলৈ সচেতন মহলত উদ্বেগৰ সৃষ্টি কৰিছে

মহেশ ডেকা

মহেশ ডেকা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd