NORTHEAST NOW (Assamese)

মণিপুৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত অসম ৰাইফলছৰ কমাণ্ডিং অফিচাৰৰ পৰিয়ালসহ জোৱানক চিনাক্ত, প্ৰধান মন্ত্ৰীৰ শোক প্ৰকাশ

November 13, 2021 6:43 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 13, 2021 9:21 pm

মণিপুৰত আজি আসাম ৰাইফলছৰ কনভয়ত সন্ত্ৰাসবাদীৰ ভয়ংকৰ এম্বুশ্বত নিহত কামাণ্ডিং অফিচাৰ জনৰ পৰিয়ালসহ জোৱান কেইজনক চিনাক্ত কৰা হৈছে।

৪৬ AR ৰ কামাণ্ডিং অফিচাৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী শ্ৰীমতী অনুজা ত্ৰিপাঠী আৰু ছয় বছৰীয়া পুত্ৰ সন্তান অবীৰ ত্ৰিপাঠীৰ এই ভয়ংকৰ এম্বুশ্বত মৃত্যু হৈছে। আনহাতে নিহত আন চাৰিজন আসাম ৰাইফলছৰ জোৱান হৈছে সুমন স্বৰ্গীয়াৰী, খাটনেই কন্যাক, আৰ পি মিনা আৰু শ্যামল দাস।

এই আক্ৰমণক তীব্ৰ গৰিহণা দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰে। টুইটটোত তেও কয়, “আজি শ্বহীদ হোৱা সৈনিক আৰু পৰিয়ালৰ সদস্যসকলক মই শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁলোকৰ ত্যাগ কেতিয়াও পাহৰিব নোৱাৰিম। এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালবোৰৰ প্ৰতি মোৰ সমবেদনা।”

 

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে আক্ৰমণত ছত্তীশগড়ৰ এজন ব্যক্তি নিহত হৈছে বুলি সদৰী কৰিছে। “তেওঁৰ ত্যাগ বৃথা নহ’ব। মই পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিছো,” সংবাদ সংস্থা ANI ৰ আগত বাঘেলে কয়।

ইয়াৰ পূৰ্বে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সেনা কৰ্ণেল আৰু তেওঁৰ পৰিয়ালৰ মৃত্যু নিশ্চিত কৰিছিল আৰু এক প্ৰতিৰোধ অভিযান আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিছিল।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰ যোগে এই মৰ্মান্তিক ঘটনাৰ সমবেদনা জ্ঞাপন কৰিছে। টুইটত তেওঁ কয়, “মণিপুৰৰ চুৰাচান্দপুৰত অসম ৰাইফলছৰ কনভয়ত হোৱা কাপুৰুষোচিত আক্ৰমণ অত্যন্ত বেদনাদায়ক আৰু নিন্দনীয়। দেশখনে চিঅ’ ৪৬ এআৰ আৰু পৰিয়ালৰ দুজন সদস্যকে ধৰি ৫ জন সাহসী সৈনিক হেৰুৱাইছে। শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা। অপৰাধীসকলক সোনকালেই ন্যায়ৰ সন্মুখীন কৰা হ’ব।”

এই আক্ৰমণ PLA ৰ দ্বাৰা সংঘটিত হৈছে বুলি অনুমান কৰা হৈছে। আনহাতে আসাম ৰাইফলছে এই আক্ৰমণৰ আঁৰত উগ্ৰপন্থী গোট PREPAK জড়িত থাকিব পাৰে বুলি সন্দেহ কৰিছে। আসাম ৰাইফলছে সন্দেহ কৰা অনুসৰি ১২ আৰু ১৩ নৱেম্বৰৰ PREPAK ৰ স্মৃতি দিৱসৰ অংশ হিচাপে এনে আক্ৰমণ সংঘটিত কৰে।

Related News