NORTHEAST NOW (Assamese)

চোপ লৈ থকা নাগা বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণত অসম ৰাইফলছৰ ২জন জোৱান নিহত, ৪জন আহত

May 25, 2019 6:51 pm · অনুপ শৰ্মা
Updated: May 25, 2019 7:19 pm
যোৱা ২৫ মে'ত সন্দেহযুক্ত এন এছ চি এন (কে)ৰ আক্রমণত আহত জোৱান।

নাগালেণ্ডৰ মন জিলাত চোপ লৈ থকা সশস্ত্ৰ বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণত অসম ৰাইফলছৰ দুজন জোৱানৰ থিতাতে মৃত্যু হোৱাৰ লগতে আহত হৈছে ৪জনকৈ জোৱান।

আক্ৰমণৰ ঘটনাটো ২৫ মে’ত দুপৰীয়া ১ বজাৰ আশে-পাশে ৰাজ্যখনৰ মন জিলাৰ চাংলাংচো নামৰ ঠাইত সংঘটিত হয়, নৰ্থ-ইষ্ট নাওক জনালে প্ৰতিৰক্ষা বাহিনীৰ এজন মুখপাত্ৰই।

সূত্ৰটোৰ মতে, চোপ লৈ থকা সশস্ত্ৰ বিদ্ৰোহীসকলে আছাম ৰাইফলছৰ এটা কনভয়ৰ ওপৰত জধে-মধে গুলীয়ায়, ফলত দুজন জোৱানৰ মৃত্যু হয় আৰু তিনিজন জখম হয়।

কোনো বিদ্ৰোহী সংগঠনে আক্ৰমণটোৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও, ইয়াক এন এছ চি এন (কে)ৰ কাম হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।

আঘাতপ্ৰাপ্ত চাৰিজন জোৱানক উন্নত চিকিৎসাৰে ঘটনাস্থলীৰ পৰা হেলিকপ্তাৰেৰে অনা হয়, জনালে মন জিলাৰ উপায়ুক্ত থাভছীলেন কেই।

একে স্থানতে ২০১৫ চনতো নাগা সশস্ত্ৰ বিদ্ৰোহীয়ে একেদৰে এটা ভয়ংকৰ এম্বুছ কৰিছিল আছাম ৰাইফলছৰ ওপৰত, য’ত ৯জন জোৱানৰ মৃত্যু হৈছিল।

উল্লেখযোগ্য যে মাত্ৰ চাৰিদিন পূৰ্বে সন্দেহযুক্ত এন এছ চি এন (আই এম)ৰ সশস্ত্ৰ বিদ্ৰোহীয়ে তিৰাপ জিলাৰ পথতে গুলীয়াই হত্যা কৰিছিল অৰুণাচল প্ৰদেশৰ বিধায়ক তিৰং আবহ, তেওঁৰ পুত্ৰকে ধৰি মুঠ ১১জন লোকক।

Related News