অসমৰ বিভিন্ন প্ৰান্তত প্ৰকাশ হোৱাৰ পাছত প্ৰচাৰবিমুখভাৱে সিঁচৰতি হৈ থকা গ্ৰন্থ, ক্ষুদ্ৰ আলোচনী আৰু পৰিপূৰিকাসমূহ শৃংখলিতভাৱে নথিভুক্ত কৰি উপযুক্তভাৱে সংৰক্ষণ কৰাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰকল্প গ্ৰহণ কৰিছে অসম সাহিত্য সভাই। সাহিত্য সভাৰ ক্ষুদ্ৰ আলোচনী, শিক্ষানুষ্ঠান আৰু মুখপত্ৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা উপ-সমিতিৰ উদ্যোগত অসম ৰাজ্যিক সংগ্ৰহালয় সঞ্চালকালয়ৰ সহযোগত ৰূপায়িত হ’ব লগা এই গুৰুত্বপূৰ্ণ প্ৰকল্প প্ৰসংগত বিস্তৃতভাৱে আলোচনা কৰাৰ উদ্দেশ্যে ১৩ মাৰ্চত অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ পৌৰোহিত্যত এখন সভা মহেন্দ্ৰ বৰা সোঁৱৰণি সভাকক্ষত অনুষ্ঠিত হয়।
সভাত আগন্তুক ২০২০ চনৰ জানুৱাৰী মাহৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই গোটেই প্ৰকল্পৰ কাম পৰ্যেবক্ষণৰ বাবে সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী, প্ৰধান সম্পাদক পদুম ৰাজখোৱা, ৰাজ্যিক সংগ্ৰহালয়ৰ সঞ্চালক ৱাই এছ উলুংলিংটন, অনিল কাকতি, অবণ্টিকা পৰাশৰ (প্ৰকল্প বিষয়া), দেৱজিৎ বৰা (আহ্বায়ক) হিচােপ মনোনীত কৰে।
আলোচনা অনুসৰি সাহিত্য সভাৰ বিভিন্ন জিলা সভা তথা শাখা সভাৰ দ্বাৰা সংগৃহীত এই দুষ্প্ৰাপ্য-দুৰ্লভ গ্ৰন্থ, ক্ষুদ্ৰ আলোচনী,পৰিপূৰিকােবাৰ পৰ্যায়ক্ৰমে পৃথকে পৃথকে ভৱিষ্যত প্ৰজন্ম তথা গৱেষকসকলৰ বৃহত্তৰ স্বাৰ্থৰ খাটিৰত ডিজিটেল পদ্ধতিৰে তথ্যভুক্ত কৰি সংৰক্ষণৰ কৰাৰ লগতে এই তথ্যসমূহ সহজতে পাব পৰাকৈ ৱেবচাইট তথা বিভিন্ন সামাজিক মাধ্যমৰ যোগেদি মুকলি কৰা হ’ব।
ইয়াৰ উপৰি উদ্যোক্তাসকলে গ্ৰন্থাৰ মূল কপিসমূহ অসম সাহিত্য সভা আৰু অসম ৰাজ্যিক সংগ্ৰহালয়ত পৰিকল্পিতভাৱে সংৰক্ষণৰ কৰি ৰাখিব পৰাকৈ ব্যৱস্থা কৰিব। এই সন্দৰ্ভত আজিৰ আলোচনাত অহা এপ্ৰিল মাহৰ এক তাৰিখৰ পৰা পাঁচমাহৰ ভিতৰত শেহতীয়া ২০ বছৰৰ অসমীয়া তথা খিলঞ্জীয়া ভাষাসমূহত প্ৰকাশিত গ্ৰন্থসমূহ সংগ্ৰহ কৰা হ’ব। প্ৰথমাৱস্থাত সাহিত্য সভাই এই গ্ৰন্থসমূহ সংগ্ৰহ কৰি তাৰ পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে ডিজিটেল পদ্ধতিৰে তথ্যভুক্ত কৰা হ’ব।
আনহাতে আজিৰ সভাতে সাহিত্য সভাৰ তৰফৰ পৰা অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কাম-কাজত ভাষা আইন অনুসৰি অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে অনা-অসমীয়া বিষয়াসকলক অসমীয়া ভাষা শিক্ষণৰ বাবে সভাই ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।