অসমীয়া ভাষা সম্প্ৰসাৰণৰ বাবে আত্মনিয়োগ কৰা অসমৰ বহুজাতিক ব্যৱসায়-প্ৰতিষ্ঠানক ভাষা চহিদ ৰঞ্জিৎ বৰপূজাৰী বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে অসম সাহিত্য সভাই।
সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত এই কথা উল্লেখ কৰি কয়, ‘মাতৃভাষা সকলোৰে জন্মস্বত্ত্ব, মৌলিক অধিকাৰ। অসমত সৰ্বস্তৰতে ১৯৬০ চনৰ চৰকাৰী ভাষা আইন অনুসৰি অসমীয়া ভাষাৰ যথোচিত ব্যৱহাৰ হ’বই লাগিব। তাৰ কাৰণে অসম সাহিত্য সভাই ২০১৯ বৰ্ষক অসমীয়া আৰু খিলঞ্জীয়া মাতৃভাষাৰ সংৰক্ষণ-সংবৰ্ধনৰ সংকল্প বৰ্ষ হিচাপে গ্ৰহণ কৰিছে।
সেইসূত্ৰে অসম আৰক্ষীৰ প্ৰধানৰ লগতে বিভিন্ন বিভাগীয় মুৰব্বী, জিলা প্ৰশাসনৰ মুৰব্বী তথা অসমত থকা চৰকাৰী-বেচৰকাৰী সকলো অনুষ্ঠান-প্ৰতিষ্ঠানক ‘অসমীয়া ভাষা আৰু খিলঞ্জীয়া মাতৃভাষাৰ সংৰক্ষণ-সংবৰ্ধনৰ কাৰণে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে’ বুলি তেওঁ লগতে জানিবলৈ দিয়ে।
বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে যে ভাষা চহিদগৰাকীৰ নামত দুবছৰৰ মূৰে মূৰে প্ৰদান কৰিবলগীয়া এই বঁটাটো এইবছৰৰ পৰাই প্ৰদান কৰা হ’ব। গতিকে, যিসমূহ প্ৰতিষ্ঠানে অসমীয়া ভাষা সম্প্ৰসাৰণৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে, তেওঁলোকক নথি-পত্ৰসহ পদুম ৰাজখোৱা, প্ৰধান সম্পাদক, অসম সাহিত্য সভা, ভগৱতীপ্ৰসাদ বৰুৱা ভৱন, গুৱাহাটী-১ এই ঠিকনাত প্ৰতিবেদন পঠিয়াবলৈ সাহিত্য সভাই অনুৰোধ জনাইছে।
আনহাতে যিসমূহ অনা-অসমীয়া বিষয়া-কৰ্মচাৰীয়ে অসমীয়া ভাষাৰ জ্ঞান আহৰণ কৰিব খোজে, তেওঁলোকক অসম সাহিত্য সভাই তিনিমহীয়া, ছয়মহীয়া আৰু এবছৰীয়া পাঠ্যক্ৰমৰ জৰিয়তে অসমীয়া ভাষাৰ জ্ঞান প্ৰদান কৰিব বুলিও বিজ্ঞপ্তিটোত জনোৱা হয়।