NORTHEAST NOW (Assamese)

কৈৱৰ্ত লৰালৈ বিয়া হোৱা যুৱতীৰ পৰিয়ালক পৰাচিতৰ নিৰ্দেশ সত্ৰাধিকাৰৰ

May 23, 2019 7:59 am · পার্শ্বজোতি গগৈ
Updated: May 23, 2019 8:00 am

কিছুদিন পূৰ্বে শংকৰ সংঘই গাহৰি, কুকুৰা পুহি স্বাৱলম্বী হ’ব বিচৰা বিশ্বনাথৰ এজন যুৱকৰ পৰিয়ালক সংঘৰ পৰা বহিষ্কাৰ কৰা ঘটনাৰ উত্তেজনা মাৰ নৌ যাওঁতেই এইখন অসমতে পুনৰ তেনে এক ঘটনা সংঘটিত হৈছে। এইবাৰ ঘটনাৰ স্থান যোৰহাট জিলাৰ ভগলীয়া গাঁও।

জানিব পৰা মতে ভগলীয়া গাঁৱৰ জনৈক বৰা উপাধিৰ ব্যক্তি এজনৰ কন্যাই পৰিয়ালৰৰ অমতত কৈৱৰ্ত সম্প্ৰদায়ৰ লৰা এজনৰ লগত বিয়া হৈছিল। যাৰ বাবে এতিয়া যুৱতীগৰাকীৰ পৰিয়ালটোক পৰাচিত কৰাৰ নিৰ্দেশ দিয়ে দীঘলী সত্ৰৰ সত্ৰাধিকাৰ হেমচন্দ্ৰ মহন্তই।

আনহাতে সত্ৰাধিকাৰ গৰাকীৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা। সংগঠনটোৰ সভাপতি পৰশজ্যোতি দাসে এক প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে এজন কৈৱৰ্ত সম্প্ৰদায়ৰ লৰালৈ অন্য জাতিৰ ছোৱালী এগৰাকী বিয়াহৈ অহাৰ পাছত তেওঁৰ পৰিয়ালক দীঘলী সত্ৰৰ সত্ৰাধিকাৰে দিয়া পৰাচিতৰ নিৰ্দেশ গৰিহণাৰ যোগ্য।

এজন কৈৱৰ্ত লৰাৰ লগত আন জাতিৰ ছোৱালী বিয়া হোৱাটো পাপ বা অপৰাধ হ’ব পাৰে নেকি বুলি প্ৰশ্ন কৰাৰ লগতে তেওঁ এয়া কৈৱৰ্তসকলৰ প্ৰতি চৰম অপমান বুলি মন্তব্য কৰে।

ইয়াক কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি সকীয়াই দি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই দীঘলী সত্ৰৰ সত্ৰাধিকাৰৰ বিৰুদ্ধে আইনৰ দ্বাৰাস্থ হ’ব বুলিও পৰশ জ্যোতি দাসে কয়। তদুপৰি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই অসম চৰকাৰক বিষয়তটোত হস্তক্ষেপ কৰিবলৈ দাবী জনায়।

Related News