• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিক্ষানুষ্ঠানৰ বাছৰ নামত ৰাজ্যত চলিছে কি? পৰিবহণ বিভাগৰ চৰম গাফিলতি উদঙালে কেগৰ প্ৰতিবেদনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2026 4:57 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্ধাৰিত নীতি-নিয়ম উলংঘা কৰি ৰাজ্যৰ পৰিবহণ বিভাগে ২০১৯-২৪ বৰ্ষৰ ভিতৰত অসমৰ আঠখন জিলাত ‘শিক্ষানুষ্ঠানৰ বাছ’ৰ অনুজ্ঞাপত্ৰৰ পৰিৱৰ্তে ‘ঠিকাভিত্তিক পৰিবহণ’ৰ (কণ্ট্ৰেক্ট কেৰেজ) অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল। এই জিলাকেইখন হৈছে ক্ৰমে যোৰহাট, ডিব্ৰুগড়, কোকৰাঝাৰ, ওদালগুৰি, বিশ্বনাথ চাৰিআলি, শ্ৰীভূমি, কামৰূপ (মেট্ৰ’) আৰু ডিমা-হাছাও।

বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে বিধানসভাত দাখিল কৰা ২০২৩-২৪ বৰ্ষৰ কেগৰ ৰাজ্যিক ৰাজহ সম্পৰ্কীয় প্ৰতিবেদনত পৰিবহণ বিভাগৰ এই গুৰুতৰ গাফিলতিৰ তথ্য পোহৰলৈ আহিছে।

Apply Now

কেগৰ প্ৰতিবেদনত উল্লেখ থকা অনুসৰি, “২০১৯-২৪ বৰ্ষৰ ভিতৰত ৰাজ্যৰ আঠখন জিলাত স্কুল বাছসমূহক ‘শিক্ষানুষ্ঠান বাছ’ (EIB) অনুজ্ঞাপত্ৰৰ সলনি ঠিকাভিত্তিক পৰিবহণৰ অনুজ্ঞাপত্ৰ (Contract Carriage)প্ৰদান কৰাৰ ফলত বাধ্যতামূলক পৰীক্ষাসমূহ সুকৌশলে এৰাই চলা হৈছিল। ছাত্ৰ-ছাত্ৰীৰ যাতায়াতৰ সুৰক্ষা সুনিশ্চিত কৰাৰ স্বাৰ্থত প্ৰৱৰ্তন কৰা ই.আই.বি. অনুজ্ঞাপত্ৰৰ যি মূল উদ্দেশ্য আছিল, সেয়া ইয়াৰ ফলত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। নিয়মৰ এনে বিচ্যুতিৰ কোনো লিখিত কাৰণ নথকাটোৱে জিলা পৰিবহণ বিষয়া সকলৰ দায়িত্বহীনতা, নিয়ন্ত্ৰণমূলক গাফিলতি আৰু সাম্ভাব্য প্ৰক্ৰিয়াগত অনিয়মৰ প্ৰতি গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।”

অসমৰ চতুৰ্থ সৰ্বাধিক ৰাজহ সংগ্ৰহকাৰী বিভাগ হিচাপে পৰিচিত পৰিবহণ বিভাগৰ ‘জিলা পৰিবহণ কাৰ্যালয়সমূহৰ কাৰ্যপ্ৰণালী’ৰ ওপৰত চলোৱা এক পৰ্যালোচনাত (Audit) কেইবাটাও গুৰুতৰ বিসংগতি ধৰা পৰিছে। প্ৰতিবেদনখনত বিভাগটোৰ গুৰুত্বপূৰ্ণ কাৰ্যক্ষেত্ৰসমূহত প্ৰণালীগত অদক্ষতা, নীতি-নিয়মৰ ব্যাপক উলংঘন আৰু ৰাজহ লোকচানৰ (Revenue leakage) তথ্য স্পষ্টভাৱে উন্মোচিত হৈছে।

এই হিচাপ পৰীক্ষাত ৰাজ্যৰ আঠখন জিলাত পৰিবহণ বাহনৰ অনুজ্ঞাপত্ৰ (পাৰ্মিট) প্ৰদানৰ ক্ষেত্ৰতো ব্যাপক বিসংগতি পোহৰলৈ আহিছে। তথ্য অনুসৰি, ২০১৯-২৪ বৰ্ষৰ ভিতৰত এই জিলাকেইখনত মুঠ ১,১৯,৩৬৯ খন পঞ্জীয়নভুক্ত বাহনৰ বিপৰীতে মাত্ৰ ২৬,১০৫ খন অনুজ্ঞাপত্ৰহে প্ৰদান কৰা হৈছিল। এই সন্দৰ্ভত প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে, “অনুজ্ঞাপত্ৰৰ নিয়ম কঠোৰভাৱে বলবৎ নকৰাৰ ফলতেই ৰাজহৰ বৃহৎ লোকচান, নিয়ন্ত্ৰণহীনতা আৰু অনিয়ন্ত্ৰিত বাণিজ্যিক পৰিবহণ ব্যৱস্থাৰ অস্বাভাৱিক বৃদ্ধি ঘটিছে।

ব্যৱস্থাটোৰ সংস্কাৰৰ বাবে কেগে প্ৰতিবেদনখনত কেইটামান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে:

আন্তঃগাঁথনিৰ উন্নয়ন: ড্ৰাইভিং লাইচেন্স প্ৰদানৰ বাবে চালকৰ পৰীক্ষা আৰু বাহনৰ ফিটনেছ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে উপযুক্ত আন্তঃগাঁথনি গঢ়ি তোলা।

কঠোৰ নিৰীক্ষণ ব্যৱস্থা: ড্ৰাইভিং স্কুল আৰু প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰসমূহক লাইচেন্স প্ৰদান তথা নৱীকৰণ প্ৰক্ৰিয়াটো কঠোৰভাৱে নিৰীক্ষণ কৰা।

শিক্ষানুষ্ঠানৰ বাছৰ সুৰক্ষা: ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাৰ স্বাৰ্থত শিক্ষানুষ্ঠানৰ বাছসমূহৰ অনুজ্ঞাপত্ৰ, ফিটনেছ আৰু সুৰক্ষা ব্যৱস্থাৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰা।

সংহত ব্যৱস্থাৰ প্ৰৱৰ্তন: বকেয়া কৰ, জৰিমনা, ফিটনেছ পৰীক্ষা, প্ৰদূষণ নিয়ন্ত্ৰণ পৰীক্ষা, বীমা আৰু অনুজ্ঞাপত্ৰ আদিক ইটোৰ লগত সিটো সংযোগ কৰিব পৰাকৈ এক সুশৃংখল আৰু সংহত ব্যৱস্থা (Integrated system) প্ৰৱৰ্তন কৰা, যাতে নিয়ম উলংঘাকাৰীয়ে সহজে সাৰি যাব নোৱাৰে।

ইয়াৰ উপৰিও, প্ৰতিবেদনখনত অসমত বাহনৰ দ্ৰুত বৃদ্ধিৰ তুলনাত পৰিবহণ বিভাগত কৰ্মচাৰীৰ অভাৱৰ দিশটোও গুৰুত্বসহকাৰে উল্লেখ কৰা হৈছে। বৰ্তমান বিভাগটোত ৩০ৰ পৰা ৫৭ শতাংশলৈকে পদ খালী হৈ আছে, যিয়ে বিভাগটোৰ আইন বলবৎকৰণৰ ক্ষমতাত তীব্ৰ বিৰূপ প্ৰভাৱ পেলাইছে বুলি কেগে প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd