• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

কেগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী তদাৰকৰ ফোপোলা স্বৰূপ; আচাৰ বিধি আৰু নিয়মীয়া বৈঠকৰ অভাৱত দিশহাৰা ৰাজ্যৰ সামাজিক নিৰীক্ষণ গোট

এন ই  নাও নিউজ, গুৱহাটী by এন ই নাও নিউজ, গুৱহাটী
June 14, 2026 3:58 pm
78
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ শেহতীয়া প্ৰতিবেদনত অসমৰ সামাজিক নিৰীক্ষণ গোটৰ পৰিচালনা আৰু কাৰ্যপ্ৰণালীত গুৰুতৰ বিসংগতি পোহৰলৈ আহিছে। গ্ৰামাঞ্চলৰ উন্নয়নমূলক কাৰ্যসূচীসমূহত স্বচ্ছতা আৰু উত্তৰদায়িত্ব নিশ্চিত কৰাৰ উদ্দেশ্যে গঠিত এই গোটটোৱে বিগত প্ৰায় পাঁচ বছৰ ধৰি বৈধ পঞ্জীয়ন অবিহনেই নিজৰ কাম-কাজ চলাই আছে। ছ’চাইটি পঞ্জীয়ন আইন, ১৮৬০ৰ অধীনত গোটটোৰ পঞ্জীয়ন ২০১৯ চনৰ ডিচেম্বৰ মাহতে উকলি যোৱাৰ পিছতো পৰিচালনা সমিতিৰ নিয়মীয়া বৈঠক অনুষ্ঠিত নকৰাৰ ফলতে এই গুৰুতৰ অনিয়ম সংঘটিত হোৱা বুলি ২০২৪ চনৰ মাৰ্চ মাহত অন্ত পৰা সময়ছোৱাৰ বাবে প্ৰস্তুত কৰা কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত সামাজিক নিৰীক্ষণ কৰাৰ বাবে ২০১৬ চনৰ ডিচেম্বৰত এই গোটটো পঞ্জীয়ন কৰা হৈছিল। মুখ্য সচিবৰ অধ্যক্ষতাত পৰিচালিত আৰু এজন স্বতন্ত্ৰ সঞ্চালকৰ দ্বাৰা নেতৃত্ব প্ৰাপ্ত এই গোটটোৰ পৰিচালনা সমিতিৰ বৈঠক নিৰ্ধাৰিত সময়ত অনুষ্ঠিত কৰাত হোৱা ব্যাপক বিফলতাই চৰকাৰী পৰ্যায়ত তদাৰকৰ অভাৱকে সূচায় বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। বৈঠক অনুষ্ঠিত নোহোৱাৰ বাবে গোটটোৰ বাজেট অনুমোদন আৰু বাৰ্ষিক হিচাপৰ প্ৰমাণীকৰণৰ দৰে গুৰুত্বপূৰ্ণ কামসমূহো বাধাগ্ৰস্ত হৈছে।

Apply Now

প্ৰতিবেদনখনত গোটটোৰ তীব্ৰ কৰ্মচাৰীৰ অভাৱৰ কথাও বিশেষভাৱে আঙুলিয়াই দিয়া হৈছে। বৰ্তমান গোটটোত সামগ্ৰিকভাৱে ৪৩ শতাংশ পদ খালী হৈ আছে, যিয়ে সামাজিক নিৰীক্ষণৰ লক্ষ্য পূৰণ আৰু সময়মতে নিৰীক্ষণ কাৰ্য সম্পূৰ্ণ কৰাত তীব্ৰ নেতিবাচক প্ৰভাৱ পেলাইছে। ২০১৭ চনৰ আগষ্ট মাহতে প্ৰস্তাৱিত মানৱ সম্পদ নীতি বিত্ত বিভাগৰ পৰ্যালোচনাৰ পিছতো আজিকোপতি চূড়ান্ত নোহোৱাটো এক চিন্তনীয় বিষয় হিচাপে চিহ্নিত হৈছে।

সামাজিক নিৰীক্ষণৰ মানদণ্ড অনুসৰি সহায়কসকলৰ বাবে এখন আচাৰ বিধি থকাটো বাধ্যতামূলক যদিও বৰ্তমানলৈকে তেনে কোনো বিধি প্ৰস্তুত কৰা হোৱা নাই। আনহাতে, নিৰীক্ষণত ধৰা পৰা পুঁজিৰ অপব্যৱহাৰৰ পাছত ধন উদ্ধাৰৰ হাৰো অতি হতাশাজনক। কেগৰ পৰ্যবেক্ষণ অনুসৰি, অপব্যৱহাৰ হোৱা ধনৰ মাত্ৰ চাৰি শতাংশতকৈয়ো কম অংশহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি কিছুমান গাঁও পঞ্চায়তে নিৰীক্ষণকাৰী দলক প্ৰয়োজনীয় নথিপত্ৰ যোগান নধৰাৰ কথাও প্ৰতিবেদনত প্ৰকাশ পাইছে, যিয়ে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ মাজত সামাজিক নিৰীক্ষণৰ গুৰুত্ব সম্পৰ্কে সজাগতাৰ অভাৱকে প্ৰতিফলিত কৰে।

নিৰীক্ষণৰ ফলাফলৰ ভিত্তিত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৰ ক্ষেত্ৰতো নিৰীক্ষণ ব্যৱস্থা অতি দুৰ্বল বুলি কেগে সমালোচনা কৰিছে। ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদে সামাজিক নিৰীক্ষণৰ প্ৰতিবেদন আৰু চৰকাৰে দাখিল কৰা ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদনসমূহ তদাৰক কৰাত ব্যৰ্থ হৈছে। তদুপৰি, গোটটোৱে গ্ৰামোন্নয়ন মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা আৰ্হিত প্ৰধান মহাহিসাপ পৰীক্ষক বা মহাহিচাপ পৰীক্ষকক ত্ৰৈমাসিক প্ৰতিবেদন দাখিল কৰাতো বিফল হোৱা বুলি প্ৰতিবেদনত উল্লেখ আছে।

এই সমগ্ৰ বিসংগতিসমূহ দূৰ কৰি পৰিস্থিতি উন্নত কৰাৰ বাবে কেগে এলানি গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ ভিতৰত পৰিচালনা সমিতিৰ বৈঠক নিয়মীয়াকৈ অনুষ্ঠিত কৰা, মানৱ সম্পদ নীতি শীঘ্ৰে চূড়ান্ত কৰি পৰ্যাপ্ত কৰ্মচাৰী নিযুক্তি দিয়া আৰু ব্লক তথা জিলা পৰ্যায়ত ৰাজহুৱা শুনানিৰ জৰিয়তে তদাৰক ব্যৱস্থা শক্তিশালী কৰা অন্যতম। গ্ৰামোন্নয়ন আঁচনিসমূহত অধিক স্বচ্ছতা আৰু উত্তৰদায়িত্ব নিশ্চিত কৰিবলৈ স্থানীয় নিকায়সমূহৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে আচাৰ বিধিখন তৎকালীনভাৱে প্ৰস্তুত কৰি কাৰ্যকৰী কৰিবলৈয়ো চৰকাৰক আহ্বান জনোৱা হৈছে।

 

এন ই  নাও নিউজ, গুৱহাটী

এন ই নাও নিউজ, গুৱহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd