• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শংকিত বিজেপি? অখিল গগৈক লৈ ইখনৰ পিছত সিখন সংবাদমেল বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ

অখিল গগৈক কংগ্ৰেছে সাৰ-পানী যোগাইছে : বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 4, 2018 4:47 pm
Subhas VS Akhil
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচন তথা লোকসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে যেন শংকিত হৈ পৰিছে ৰাজ্যিক বিজেপি। বিশেষকৈ কৃষক মুক্তিৰ নেতা অখিল গগৈৰ নেতৃত্বত গঢ়ি উঠা খিলঞ্জীয়া লোকৰ ঐক্যবদ্ধ আন্দোলনে বাৰুকৈয়ে শংকিত কৰিছে চৰকাৰৰ নেতৃত্ব দি থকা দলটোক। ফলত দেখা গৈছে এদিন এৰি এদিন দলৰ মুখপাত্ৰসকলৰ ইজনৰ পিছত সিজনে অখিল গগৈক বিষয় কৰি লৈ সংবাদমেল দিয়া অব্যাহত ৰাখিছে।

কেৱল অখিল গগৈকে নহয়, চৰকাৰখনক সৰব ৰূপত সমালোচনা কৰা বুদ্ধিজীৱীসকলকো বাৰেপতি আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখিবলৈ পোৱা গৈছে।

Apply Now

দুদিনমান পূৰ্বে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰসকলৰ এজন মমিনুল আৱালে অখিল গগৈক ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ পাছতেই আজি পুনৰ সংবাদমেল অনুষ্ঠিত কৰি আন এজন ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্তই সংবাদমেল দি অখিল গগৈক কটাক্ষ কৰে।

আজিৰ সংবাদমেলত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্তই ‘অসমখন অশান্তময় কৰি ৰখাৰ বাবে কৃষক নেতা অখিল গগৈক কংগ্ৰেছে সাৰ-পানী যোগাইছে’ বুলিও তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ব্যাপক জনসমৰ্থন লাভ কৰা অখিল গগৈক উদ্দেশ্যিক দত্তই কয়, “নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে কেতবোৰ মনেসজা ভিত্তিহীন উদ্দেশ্য প্ৰণোদিত মন্তব্যৰে ৰাজ্যৰ জনসাধাৰণৰ মাজত অপপ্ৰচাৰ কৰি এক আৱেগিক পৰিবেশৰ সৃষ্টি কৰিছে। কাৰণ এইক্ষেত্ৰত তেওঁৰ ৰাজনৈতিক উদ্দেশ্য জড়িত হৈ আছে।”

আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ কমিউনিষ্ট যদিও নিজকে কমিউনিষ্ট বুলি পৰিচয় দিবলৈ লাজ পায় বুলি মুখপাত্ৰগৰাকীয়ে সংবাদমেলত কটাক্ষ কয়।

তেওঁ কয়, “অসমৰ ৰাইজৰ মাজত তেওঁ নিজকে কমিউনিষ্ট বুলি চিনাকি দি ৰাজনীতি নকৰে। ইয়াৰ উদাহৰণ হ’ল, কিছু দিন আগতে তেওঁ এটা ৰাজনৈতিক দল গঠন কৰিছিল। দলটো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বেনাৰতে গঠন হৈছিল আৰু অখিল গগৈ তাত মূল দায়িত্বত আছিল। কিন্তু আজি ৰাজনৈতিক দলটোৰ কোনো অস্তিত্ব নোহোৱা হ’ল।”

“অখিল গগৈয়ে ভালদৰে জানে, কমিউনিষ্টসকলক অসমৰ জনসাধাৰণে কেতিয়াও গ্ৰহণ নকৰে আৰু কেতিয়াও আদৰি নলয়। যেতিয়াই ৰাজনৈতিক পথাৰখনত তেওঁৰ গণভিত্তি নথকা বুলি বুজি পালে, তেতিয়াই তেওঁ পুনৰ কৃষক মুক্তি সংগ্ৰাম সমিতিলৈ ঘূৰি আহিল।” কৃষক নেতাগৰাকীক উদ্দেশ্যি এইদৰে কয় বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে।

জাতিধ্বংসী বিধেয়কখনৰ সপক্ষত থাকি ২০১৪ চনলৈকে ভাৰতলৈ অহা অমুচলিম বিদেশীসকলক সংস্থাপন দিব খোজা বিলখনক ‘অসমৰ ৰাইজৰ বাবে ক্ষতিকাৰক নহয়’ বুলি মত আগ বঢ়ায় সুভাষ দত্তই।

ৰাজ্যিক বিজেপিগৰাকীৰ মতে, “নাগৰিকত্ব সংশোধনী বিধেয়কখনত বিদেশৰ পৰা নতুনকৈ বিদেশী অনাৰ কথা উল্লেখ নাই। যুটীয়া সংসদীয় কমিটিয়ে তেওঁলোকৰ কোনো প্ৰতিবেদন এতিয়ালৈকে প্ৰকাশ কৰা নাই, কিন্তু তাৰ পাছতো কিছুমান ভুৱা তথ্যৰে অসমৰ ৰাইজক অখিল গগৈয়ে কৈছে যে বিদেশৰ পৰা এই বিধেয়কখনৰ জৰিয়তে অসমলৈ ২ কোটি জনতাক অনা হ’ব।”

আনহাতে, ২০১৪ চনত অখিল গগৈয়ে বিজেপি দলৰ সমৰ্থনত মন্তব্য কৰি বিজেপিক ভোট দিবলৈ কোৱা কথাষাৰ ‘অখিল গগৈৰ সুবিধাবাদী চৰিত্ৰ’ৰ প্ৰকাশ বুলি আখ্যা দিয়ে আজিৰ সংবাদমেলত।

অখিলক কটাক্ষ কৰি তেওঁ কয়, “যেতিয়া ৰাজনৈতিক আদৰ্শগত কোনো স্থিতি নাথাকে তেতিয়া অখিল গগৈৰ দৰে ব্যক্তিয়ে যিকোনো স্থিতি প্ৰকাশ কৰিব পাৰে। তেওঁ সেই সময়ত ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন জনোৱাৰ প্ৰয়োজন নাছিল, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনত জনসাধাৰণ একত্ৰিত হৈছিল। অখিল গগৈয়ে সেইসময়ত দেখিছিল জনসাধাৰণৰ ৰায় বিজেপিৰ পক্ষত আছিল, সেয়েহে তেওঁ সুবিধাবাদী স্থিতি গ্ৰহণ কৰি বিজেপি দলক সমৰ্থন জনাইছিল।”

তদুপৰি উক্ত সংবাদমেলতে তেওঁ অসমৰ বুদ্ধিজীৱীসকলো আক্ৰমণৰ লক্ষ্য কৰি লৈ কয়, “চীন আৰু পাকিস্তানক আওপকীয়াকৈ সমৰ্থন কৰা একাংশ বুদ্ধিজীৱীৰ নেতৃত্বত ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে সমালোচনা আৰম্ভ হৈছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমখনক প্ৰগতিৰ দিশত আগুৱাই নিবৰ সময়তে কেতবোৰ মনেসজা ভিত্তিহীন উদ্দেশ্য প্ৰণোদিত বক্তব্যৰে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত অপ-প্ৰচাৰ চলাইছে।”

উল্লেখযোগ্য যে শেহতীয়াকৈ অসমৰ পৰিস্থিতিৰ অৱনতিৰ এটা অন্যতম কাৰণ হ’ল ধৰ্ম, ভাষাৰ ভিত্তিত সাধাৰণ মানুহক মেৰুকৰণৰ ৰাজনীতি। ইয়াৰ পিছতো ৰাজ্যত চৰকাৰৰ দায়িত্ব লৈ থকা দলটোৱে আত্মসমালোচনা নকৰি আনৰ গাত বোকা ছটিওৱাহে দেখা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd