DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰদেশ কংগ্ৰেছৰ অনুশাসন কমিটিৰ বৈঠকত অনুপস্থিত ৰমেন বৰঠাকুৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 7, 2019 5:50 pm
7k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে দুপৰীয়া ৰাজীৱ ভৱনত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অনুশাসন কমিটিৰ বৈঠকত উপস্থিত নাথাকিল প্ৰদেশ কংগ্ৰেছৰ নিলম্বিত সাধাৰণ সম্পাদক ও ৰাজ্যিক মুখপাত্ৰ ৰমেন বৰঠাকুৰ।

যোৱা ২৫ জুনৰ দিনা এক হোৱাটছএপ বাৰ্তাৰ জৰিয়তে বৰঠাকুৰক উপস্থিত হ’বলৈ কোৱা হৈছিল, য’ত বৰঠাকুৰক প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বুলি কোৱা হৈছিল। তাৰ পাছতে আজি পুৱা এক পত্ৰযোগে উক্ত বৈঠকত উপস্থিত নাথাকে বুলি অনুশাসন কমিটিলৈ বৰঠাকুৰে পত্ৰ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে, যোৱা ১৫ জুনৰ বৰ্ধিত কাৰ্য্য নিৰ্বাহক বৈঠকত ৰমেন বৰঠাকুৰ আৰু গৌতম ৰয়ক দল বিৰোধী কাৰ্য্যকলাপত লিপ্ত থকাৰ অভিযোগত প্ৰদেশ কংগ্ৰেছে দলৰ পৰা নিলম্বন কৰিছিল। তাৰ পাছতে দলৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে সৰব হৈ পৰিছিল নিলম্বিত নেতা ৰমেন বৰঠাকুৰ।

আনহাতে, নৰ্থ-ইষ্ট নাওৰ সাংবাদিকে বৰঠাকুৰ বৈঠকত উপস্থিত নথকাৰ কাৰণ জানিব বিচৰাত বৰঠাকুৰে কয় ‘মোক যদি নিলম্বন কৰা হ’লেই তেন্তে উক্ত কমিটিয়ে পতা বৈঠকলৈ কিয় যাব লাগে? নিলম্বন কৰাৰ পাছত কেতিয়াও বিচাৰ নহয়।‘

তদুপৰি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা তেওঁলৈ কোনোধৰণৰ নিলম্বন পত্ৰ দিয়া নাই বুলি আমাৰ সাংবাদিকৰ আগত তেওঁ প্ৰকাশ কৰে।

বৰঠাকুৰে কয় ‘মোক officially প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা নিলম্বনৰ কোনো কাগজ দিয়া হোৱা নাই। গতিকে মই ভাবো দলৰ পৰা নিলম্বন হোৱা নাই। সেয়েহে মই আজি দিয়া চিঠিখনত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ও ৰাজ্যিক মুখপাত্ৰ বুলি উল্লেখ কৰিছো। তেওঁলোকে দিয়া নিমন্ত্ৰণী বাৰ্তাটো ‘নিলম্বিত’ শব্দটো লিখা নাই।‘

আনহাতে, ৰিপুন বৰাই নিজক বচাবৰ বাবেহে সংবাদ মাধ্যমৰ আগত ৰমেন বৰঠাকুৰ আৰু গৌতম ৰয়ক নিলম্বন কৰা বুলি কৈছিল বুলি অভিযোগ কৰে বৰঠাকুৰে।

‘মই বুজা-বুজি কৰিবলৈ কংগ্ৰেছ কৰা নাই। মই কংগ্ৰেছক শুদ্ধ কৰিবৰ বাবেহে কাম কৰি আছো। তেওঁলোকে কাম কৰি সংবিধান পঢ়িছে। মই সংবিধান পঢ়ি কাম কৰিছো।‘ বৰঠাকুৰে কয়।

ইপিনে, ‘যোৱা ৪ জুলাইৰ দিনা ৰিপুন বৰাই মোৰ বিৰুদ্ধে মানহানি গোচৰ দিম বুলি কৈছিল, বৰ্তমানলৈকে কোনো গোচৰ দিয়া নাই কিয়?’ এইদৰে প্ৰশ্ন কৰি বৰঠাকুৰে লগতে কয় ‘মোৰ যিকেইটা অভিযোগ ৰিপুন বৰাৰ বিৰুদ্ধে আছিল, সেই কেইটা দলৰ ফালৰ পৰা অস্বীকাৰ কৰা নহ’ল। যদি ৰিপুন বৰাক দলৰ মানুহে ইমানেই ভাল পায় তেন্তে দলৰ মানুহে বৰাৰ অভিযোগৰ কথা অস্বীকাৰ কৰিব লাগিছিল।‘

অৱশ্যে, উক্ত বৈঠকত কি আলোচনা হ’ল, সেই সন্দৰ্ভত জানিবলৈ কমিটিৰ অধ্যক্ষ ৰকিবুল হুছেইনক যোগাযোগ কৰা হৈছিল যদিও তেওঁৰ সৈতে সংযোগ স্থাপন কৰিব পৰা নহ’ল।

Recent News

California Planes Collide

মধ্য আকাশতে দুই বিমানৰ সংঘৰ্ষ: মৃত্যু কেইবাগৰাকীও লোকৰ

forged documents

জাল নথিপত্ৰৰে যাত্ৰীক কৰি দিছিল আমেৰিকা যাত্ৰাৰ সুবিধা: পৰিল ফান্দত

On Camera Shot

প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই নৱম শ্ৰেণীৰ ছাত্ৰীক পথৰ মাজতে গুলীয়ালে যুৱকে

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd