• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাহ শ্ৰমিকলৈ ভূমিপট্টা প্ৰদানৰ সিদ্ধান্ত! কি কয় মজদুৰ সংঘই?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 1, 2025 9:55 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাৰ শীতকালীন অধিৱেশনত ৰাজ্যৰ চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তক লৈ চাহ বাগিচা অঞ্চলসমূহত উল্লাসৰ পৰিৱেশ বিৰাজ কৰিছে। বহুতে এই পদক্ষেপক আদৰণি জনাইছে যদিও একাংশই ইয়াক ৰাজনৈতিক ষড়যন্ত্ৰ বুলিও সন্দেহ কৰিছে। ইয়াৰ মাজতে তেজপুৰত অখিল ভাৰতীয় চাহ মজদুৰ সংঘই (অসম) সংবাদমেল সম্বোধন কৰি চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে আৰু ইয়াক “দীঘলীয়া সংগ্ৰামৰ সফলতা” বুলি উল্লেখ কৰে।

সংবাদমেলত সংগঠনৰ সাধাৰণ সম্পাদক ৰয়েল চৰেঙে কয় যে তেওঁলোকৰ মূল তিনিটা দাবী আছিল—মাটি, মজুৰি আৰু মৰ্যাদা। চৰকাৰে মাটিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত লৈ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয়, “২০০৮ চনৰে পৰা চলি অহা আন্দোলনে পৰৱৰ্তী সময়ত ২০১৭ চনৰ তেজপুৰৰ বিশাল অভিৱৰ্তন আৰু ২০২৪-২৫ চনত বিভিন্ন আন্দোলন-কাৰ্যসূচীৰ পথ অতিক্ৰম কৰিছে। চাহ শ্ৰমিক, আদিবাসী সংগঠন আৰু ছাত্ৰ সংগঠনৰ ঐক্যবদ্ধ দাবীৰ ফলত চৰকাৰে আজি এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে।” চৰেঙে অৱশ্যে এই সিদ্ধান্তৰ বাস্তৱায়নৰ ওপৰত চকু ৰখা হ’ব বুলিও মন্তব্য কৰে।

Apply Now

সংগঠনৰ সভাপতি দীনেশ নায়কে সংবাদমেলত ভূমিপট্টা প্ৰদান প্ৰক্ৰিয়াক লৈ কেইটামান গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে:

১. উচ্ছেদ প্ৰতিৰোধ: চাহ বাগিচাৰ বাহিৰৰ ভূমিত যি শ্ৰমিক তথা শ্ৰমিকৰ পৰিয়াল বহু দিন ধৰি বসবাস কৰি আছে, তেওঁলোকে যাতে কোনো কাৰণতে উচ্ছেদৰ সন্মুখীন হ’ব নালাগে। মাটিৰ পট্টা প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে স্পষ্ট ব্যৱস্থা লোৱাটো অত্যাৱশ্যক।

২. সমান বিতৰণৰ নিশ্চয়তা: চাহ বাগিচাত কেৱল এটা বিশেষ ধৰ্ম বা জাতিৰ লোক নাথাকে। জলাহ, কোচ ৰাজবংশী, বিহাৰী আদি বিভিন্ন জাতি-ধৰ্মৰ লোক চাহ শ্ৰমিক হিচাপে কাম কৰে। সেই সকলোকে লৈ কোনো প্ৰকাৰৰ ৰাজনৈতিক বা ধৰ্মীয় বিভাজন সৃষ্টি নকৰি সকলোকে সমানভাৱে ভূমিপট্টা দিয়াৰ নিশ্চয়তা চৰকাৰে দিব লাগিব।

৩. দালালচক্ৰৰ নিয়ন্ত্ৰণ: দালালচক্র যাতে এই প্ৰক্ৰিয়াত সোমাব নোৱাৰে, সেই দিশত কঠোৰ নিৰীক্ষণৰো তেওঁ আহ্বান জনায়।

৪. ব্যাপক অন্তৰ্ভুক্তি: চৰকাৰৰ দ্বাৰা ঘোষিত ভূমিপট্টা প্ৰদান কৰিবলগীয়া পৰিয়ালৰ সংখ্যা তুলনামূলকভাৱে কম। ৰাজ্যজুৰি ৫০-৬০ লাখ শ্ৰমিক আৰু প্ৰাক্তন শ্ৰমিক থকাৰ পৰিপ্ৰেক্ষিতত সকলোকে এই সুবিধাৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰাটো প্ৰয়োজনীয়।

ইফালে চি আই টি ইউৰ ৰাজ্যিক সম্পাদক তপন শৰ্মাই এই সংবাদমেলত উপস্থিত থাকি মন্তব্য কৰে যে সিদ্ধান্তটো সঠিক, কিন্তু চাহ শ্ৰমিকৰ আশা-অভিলাষ পূৰণ হ’ব নে নাই, সেইটো বাস্তৱায়নৰ ওপৰতেই নিৰ্ভৰ কৰিব। তেওঁ অভিযোগ কৰে যে আগতে দিয়া বহু প্ৰতিশ্ৰুতি বাস্তৱায়িত হোৱা নাই আৰু ইয়াৰ অভিজ্ঞতা জনতাৰ আছে।

তেওঁ চৰকাৰক পৰামৰ্শ দি কয় যে, চাহ বাগিচাৰ ভূমি চৰকাৰে বৰ্তমান লিজত দিয়া আছে। সেই ভূমি পুনৰ অধিগ্ৰহণ কৰি এক নতুন সমিতিৰ অধীনত পৰিচালনা কৰিব লাগিব।আৰু জিলা প্ৰশাসন, চাহ শ্ৰমিক সংগঠন তথা আদিবাসী ছাত্ৰ সংগঠনক লৈ এখন যৌথ সমিতি গঠন কৰাৰো প্ৰয়োজনীয়তা আছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd