দেশত চলি থকা ‘ME TOO’ৰ ধুমুহাৰ মাজতে এইবাৰ অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ। অসম আৰক্ষীৰ বৰ্তমানৰ অতিৰিক্ত সঞ্চালক প্ৰধান (আইন-শৃংখলা শাখাৰ) মুকেশ আগৰৱালাৰ বিৰুদ্ধে এই অভিযোগ আনিছে অসম আৰক্ষীৰে এগৰাকী শীৰ্ষ মহিলা বিষয়াই।
বৰ্তমান মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লীনা দলেই আগৰৱালাৰ বিৰুদ্ধে আনিছে এই অভিযোগ। ফেচবুক যোগে লীনা দলেই এই অভিযোগ আনি কৈছে, ‘ময়ো কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ বলি হোৱা এগৰাকী মহিলা।‘
উল্লেখযোগ্য যে ২০১২ চনত তদানীত্বন আৰক্ষী মহাপৰিদৰ্শক মুকেশ আগৰৱালাই লীনা দলেক অৱসৰ বিনোদনৰ বাবে যাবলৈ লগ ধৰিছিল৷ কিন্তু আগৰৱালাৰ সেই প্ৰস্তাৱ দলেই প্ৰত্যাখ্যান কৰিছিল। লীনাই মুকেশ আগৰৱালাৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছিল আৰু তেওঁৰ অভিযোগৰ ভিত্তিত তদন্তৰ বাবে এক তদন্তকাৰী গোট গঠন কৰা হৈছিল।
আনহাতে, এই অভিযোগৰ ছয় মাহ পিছতে লীনাৰ স্বামীয়ে আত্মহত্যা কৰিছিল৷ অৱশ্যে তেওঁৰ এই অভিযোগৰ লগত স্বামীৰ আত্মহত্যাৰ সম্পৰ্ক স্পষ্ট হোৱা নাই। লীনা দলেই প্ৰকাশ কৰা তথ্য অনুসৰি তেওঁৰ স্বামীৰ আত্মহত্যাৰ দিনাই তদন্তকাৰী বিষয়া লীনাৰ ঘৰত আহি উপস্থিত হৈছিল। ইমলী চৌধুৰী সেই সময়ত ৰাজ্য চৰকাৰৰ সহকাৰী প্ৰধান সচিব হিচাপে কৰ্মৰত আছিল।
তদন্তকাৰী বিষয়া চৌধুৰীয়ে মুকেশ আগৰৱালাৰ বিৰুদ্ধে দিয়া অভিযোগৰ লগত লীনাৰ স্বামীৰ মৃত্যুৰ কোনো সম্পৰ্ক নাই বুলি লীনা দলেক আশ্বাস দিছিল। ইয়াৰ পিছৰ পৰ্যায়ত আগৰৱালাৰ বিৰুদ্ধে লীনা দলে দিয়া অভিযোগ এক ভুল বুজাবুজি বুলি খাৰিজ কৰা হৈছিল। তদুপৰি, তদন্তকাৰী বিষয়াৰ সন্মুখত আগৰৱালাই লীনা দলেক স্বামীৰ অজ্ঞাতে অৱসৰ বিনোদনৰ বাবে যাবলৈ লগ ধৰাৰ কথাও স্বীকাৰ কৰিছিল।
আনহাতে, লীনা দলেৰ বিৰুদ্ধে মুকেশ আগৰৱালাৰ পত্নীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা এক মানহানিৰ গোচৰত দলেৰ পক্ষতে ৰায় দিছিল আদালতে। মুকেশ আগৰৱালাই এই সন্দৰ্ভত এতিয়াও মুখ খোলা নাই যদিও লীনা দলেই তেওঁৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি আশা প্ৰকাশ কৰিছে যে তেওঁৰ এই সাহসে এনে কাৰ্যৰ বিৰুদ্ধে আন বহুতকে আগবাঢ়ি আহিবলৈ সাহস দিব।