• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2026 6:00 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বানপানী সমস্যাক কেৱল প্ৰাকৃতিক দুৰ্যোগ হিচাপে নলৈ জলবায়ু পৰিৱৰ্তন, নদীৰ স্বাভাৱিক গতিৰ পৰিৱৰ্তন আৰু উন্নয়নৰ বৰ্তমান আৰ্হিৰ সৈতে ইয়াক সম্পৰ্কিত কৰি চাব লাগিব বুলি মত প্ৰকাশ কৰিছে অসম নাগৰিক সন্মিলনে। সংগঠনটোৰ মতে, বানপানীৰ স্থায়ী সমাধান উলিয়াব নোৱাৰিলে ভৱিষ্যতে অসমৰ অস্তিত্বই গভীৰ সংকটৰ সন্মুখীন হ’ব পাৰে।

এক বিবৃতিত হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, শান্তনু বৰঠাকুৰ আৰু আব্দুল মান্নানে কয় যে ১৯৫০ চনৰ বৰভূঁইকঁপৰ পিছত অসমৰ বহু নদীৰ চৰিত্ৰ আৰু গতিপথৰ পৰিৱৰ্তন ঘটিছিল। ব্ৰহ্মপুত্ৰৰ বুকু বাম হৈ যোৱাৰ পিছত বান নিয়ন্ত্ৰণৰ বাবে নদীত মথাউৰি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। কিন্তু সেই সিদ্ধান্ত কিমান বিজ্ঞানসন্মত আছিল, সেই লৈ এতিয়াও প্ৰশ্ন আছে বুলি তেওঁলোকে উল্লেখ কৰে।

Apply Now

সন্মিলনৰ মতে, আগতে অসমত প্ৰতি বছৰে বানপানী হৈছিল যদিও সেই বানপানী বৰ্তমানৰ দৰে ভয়াৱহ ৰূপ নলৈ প্ৰাকৃতিক পৰিৱেশৰ এক অংশ হিচাপেই কাম কৰিছিল। বানৰ পানীয়ে পথাৰত পলস পেলাই মাটি সাৰুৱা কৰিছিল আৰু খাল-বিল-নৈত মাছ-কাছৰ পৰিমাণ বৃদ্ধি পাইছিল। কিন্তু জলবায়ু পৰিৱৰ্তন আৰু উন্নয়নৰ অস্থিৰ আৰ্হিয়ে বৰ্তমান বান সমস্যাক অধিক জটিল কৰি তুলিছে।

বিবৃতিটোত কোৱা হয় যে জলবায়ু পৰিৱৰ্তনক অধিক তীব্ৰ কৰি তোলাত মানৱসৃষ্ট কাৰকৰ ভূমিকা আছে। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ফ্ৰেমৱৰ্ক কনভেনশ্বন, কিঅ’টো প্ৰট’কল আৰু পেৰিছ চুক্তিৰ দৰে আন্তঃৰাষ্ট্ৰীয় পদক্ষেপৰ কথা উল্লেখ কৰি সন্মিলনে কয় যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ বিশেষভাৱে স্পৰ্শকাতৰ হৈ পৰিছে।

শেহতীয়াকৈ উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত হোৱা আকস্মিক বানপানীৰ উদাহৰণ দি সংগঠনটোৱে দাবী কৰে যে অসমলৈ বৈ অহা বহু নদীৰ উৎস অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মেঘালয়ৰ পাহাৰীয়া অঞ্চল। সেই অঞ্চলসমূহত ব্যাপক নিৰ্মাণকাৰ্য, খনন আৰু নদীবান্ধৰ ফলত পানীৰ স্বাভাৱিক সোঁতত প্ৰভাৱ পৰাৰ আশংকা আছে বুলি সন্মিলনে মন্তব্য কৰে।

আনহাতে, অসমৰ ভৈয়াম অঞ্চলতো প্ৰকৃতিৰ বহনক্ষমতা বিবেচনা নকৰাকৈ নিৰ্মাণকাৰ্য চলোৱা হৈছে বুলি অভিযোগ কৰে সংগঠনটোৱে। ওখ-আহল-বহল পথ, নতুন ৰে’লপথ, বৃহৎ আন্তঃগাঁথনি প্ৰকল্প আৰু প্ৰাকৃতিক জলাধাৰ ধ্বংসৰ ফলত বৰষুণৰ পানীৰ স্বাভাৱিক গতিপথ বাধাগ্ৰস্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে বুলি তেওঁলোকে উল্লেখ কৰে। ২০২৩ চনত হাফলঙত সংঘটিত ভয়াৱহ পৰিস্থিতিৰ কথাও বিবৃতিটোত সোঁৱৰাই দিয়া হয়।

সন্মিলনৰ মতে, বনাঞ্চল, গছ-গছনি, খাল-বিল, নৈ-নিজৰা আৰু প্লাৱনভূমিয়ে পানীৰ সোঁতৰ তীব্ৰতা কমাই স্বাভাৱিকভাৱে পানী শোষণ আৰু নিষ্কাশনত সহায় কৰে। এই প্ৰাকৃতিক ব্যৱস্থাসমূহ ধ্বংস কৰি পানীক এটা স্থানত আবদ্ধ কৰি হঠাৎ তললৈ নামি অহাৰ পথ সৃষ্টি কৰিলে বানপানীৰ তীব্ৰতা অধিক ভয়ংকৰ হ’ব পাৰে।

কাজিৰঙাৰ ইক’-চেঞ্চেটিভ জ’নক লৈ চলি থকা বিতৰ্কৰ ক্ষেত্ৰতো সংগঠনটোৱে কঠোৰ স্থিতি প্ৰকাশ কৰিছে। বিল, প্লাৱনভূমি আৰু অৰণ্য সংৰক্ষণ নকৰিলে অসমৰ পৰিৱেশ আৰু জীৱ-বৈচিত্ৰ্য গভীৰ ক্ষতিৰ সন্মুখীন হ’ব বুলি উল্লেখ কৰি সন্মিলনে ইক’-চেঞ্চেটিভ জ’ন হ্ৰাস কৰাৰ বিৰোধিতা কৰে। অৱশ্যে এই অঞ্চলত বসবাস কৰা মানুহৰ স্বাভাৱিক জীৱনযাত্ৰা যাতে অযথা ব্যাহত নহয়, তাৰ প্ৰতিও প্ৰশাসনে মনোযোগ দিব লাগিব বুলি তেওঁলোকে কয়।

বিবৃতিটোত তেলংগানাৰ হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ কাষৰ কাঞ্চা গাচিবোৱলীৰ সেউজ ভূমিত ২০২৫ চনৰ মাৰ্চত গছ-গছনি ধ্বংস কৰাৰ ঘটনাৰ উদাহৰণ দি প্ৰাকৃতিক পৰিৱেশৰ ওপৰত বৃহৎ উন্নয়নমূলক প্ৰকল্পৰ প্ৰভাৱৰ কথাও উল্লেখ কৰা হয়। কাজিৰঙাত এনে পৰিস্থিতিৰ পুনৰাবৃত্তি হ’ব নোৱাৰিব বুলি সন্মিলনে স্পষ্ট কৰে।

অসম নাগৰিক সন্মিলনে কয় যে জলবায়ু পৰিৱৰ্তনৰ বৰ্ধিত প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত অসমৰ প্ৰায় সকলো মূল সমস্যাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে পৰিৱেশ। সেয়েহে বানপানীৰ সমস্যাৰ সমাধানৰ বাবে বিষয়টোক কেৱল বান নিয়ন্ত্ৰণৰ দৃষ্টিৰে নেদেখি পৰিৱেশ, নদী, ভূমি ব্যৱহাৰ, উন্নয়ন আৰু জলবায়ু পৰিৱৰ্তনৰ সামগ্ৰিক দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰাটো জৰুৰী।

এই উদ্দেশ্যে পৰিৱেশবিদ, বন বিশেষজ্ঞ, অভিযন্তা, নদী বিশেষজ্ঞ, ভূতত্ত্ববিদ, ইতিহাসবিদ, সমাজবিজ্ঞানী, ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজ, এক্টিভিষ্ট আৰু সংশ্লিষ্ট সকলো পক্ষৰ প্ৰতিনিধিক লৈ এখন অভিবৰ্তন আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি সংগঠনটোৱে জনায়। এই অভিবৰ্তনৰ জৰিয়তে সমস্যাটোৰ বিভিন্ন দিশ অনুসন্ধান কৰি প্ৰতিকাৰৰ বাবে পৰামৰ্শ প্ৰস্তুত কৰাৰ উদ্দেশ্যে এখন কমিটি গঠন কৰা হ’ব।

সন্মিলনৰ ভাষ্যত, অসমৰ বানপানী আৰু পৰিৱেশ সংকট এতিয়া কেৱল উন্নয়ন বা প্ৰশাসনৰ বিষয় নহয়; ই অসমৰ ভূখণ্ডৰ অস্তিত্বৰ সৈতে জড়িত এক মৌলিক প্ৰশ্ন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd