• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্বহীদক অপমান!: স্বল্পখ্যাত বিতৰ্কিত লেখিকা শিখা শর্মাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ

NE NOW NEWS প্ৰাঞ্জল দেউৰী
গুৱাহাটী , April 8, 2021 11:41 am

2 min read

WhatsApp-I
486
VIEWS
Share on FacebookShare on Twitter

সামাজিক মাধ্যমত সততে বিতৰ্কিত পোষ্ট কৰি প্ৰায়ে ট্ৰ’লৰ সন্মুখীন হৈ অহা স্বল্পখ্যাত বিতৰ্কিত লেখিকা শিখা শৰ্মাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে।

উল্লেখ্য যে দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদক অপমান কৰাৰ অভিযোগত বিতৰ্কিত স্বল্পখ্যাত লেখিকাগৰাকীক মংলগবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পাণবজাৰ মহিলা আৰক্ষী থানালৈ হস্তান্তৰ কৰিছিল।

পাণবজাৰ মহিলা আৰক্ষীয়ে বুধবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছতে আদালতে শিখা শৰ্মাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰু শিখা শৰ্মাই ১৪ দিন কাৰাগাৰতে থাকিব লাগিব। ১৪ দিন কাৰাগাৰত কটোৱাৰ পিছতহে শিখা শৰ্মাই অন্তৱৰ্তীকালী জামিনৰ বাবে আদালতত আবেদন কৰিব পাৰিব।

যোৱা ৩ এপ্ৰিলত ছট্টিশগড়ত মাওবাদী আক্ৰমণত ২৪ জনকৈ নিৰাপত্তাৰক্ষীৰ মৃত্যু হোৱাৰ পিছতে ৫ এপ্ৰলিত শিখা শৰ্মাই নিজা ফেইচবুক ৱালত এক বিতৰ্কিত মন্তব্য পোষ্ট কৰিছিল।

“দৰমহা লৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে শ্বহীদ নহয়। তেনেকৈ হ’লে বিদ্যুৎস্পৃষ্ট হৈ মৰা বিদ্যুৎ কৰ্মচাৰীও শ্বহীদ। ৰাইজক আৱেগিক নকৰিব সংবাদ মাধ্যম।” শিখা শৰ্মাই পোষ্টত এইদৰে লিখিছিল।

ইয়াৰ পিছতে দুগৰাকী বিজেপি কৰ্মী তথা অধিবক্তাই দিছপুৰ আৰক্ষী থানাত শিখা শৰ্মাই শ্বহীদক অপমান কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল।

এই অভিযোগ পোৱাৰ পিছত দিছপুৰ আৰক্ষীয়ে শিখা শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৪৫ (অৱশিষ্ট জৰিমনা)ৰ সৈতে ১২৪ক (দেশদ্ৰোহ), ২৯৪ক (কাৰ্যালয়ত লটাৰী ৰখা), ৫০০ (মানহানি) আৰু ৫০৬ (অপৰাধমূলক ভাবুকি)ৰ অধীনত গোচৰ ৰুজু কৰি মংগলবাৰে সন্ধিয়া স্বল্পখ্যাত লেখিকাগৰাকীক গ্ৰেপ্তাৰ কৰে।

শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰালৈ নিক্ষেপ কৰাৰ পিছত ৰাজ্যৰ লগতে সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ লেখিকাগৰাকীৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ ধাৰা প্ৰয়োগ কৰাত এই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

শিখা শৰ্মাক গণধৰ্ষণৰ ভাবুকি প্ৰদান কৰাৰ লোকৰ বিৰুদ্ধে লেখিকাগৰাকী আৰক্ষী দ্বাৰস্থ হ’লেও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰা বুলিও একাংশই মন্তব্য কৰিছে সামাজিক মাধ্যমত।

আনহাতে সচেতন একাংশ লোকে ২০১৭ চনৰ এক আৰটিআই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে শ্বহীদ সম্পৰ্কে দিয়া স্পষ্টীকৰণৰ বিষয়ে উল্লেখ কৰি শিখা শৰ্মাক কাৰাগাৰলৈ নিক্ষেপ কৰাটোক চৰকাৰৰ হঠকাৰিতা বুলিও ক’ব খুজিছে।

উল্লেখ্য যে ২০১৭ চনৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ উক্ত উত্তৰটোত সেনা বা আৰক্ষীত ‘martyr’ বা ‘শ্বহীদ’ বুলি কোনো শব্দ নাই আৰু তাৰ পৰিৱৰ্তে কৰ্তব্যত নিহত হোৱা এজন সৈনিক বা আৰক্ষীক ‘যুদ্ধ হতাহত’ বা ‘অভিযানত হতাহত’ বুলি কোৱা হৈছিল।

Recent News

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

index

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

warrior

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

IMG-20210421-WA0040(1)

বোকাখাতৰ বৰচাপৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত দুই বাইক আৰোহী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd