DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱ; ৰাজ্য চৰকাৰৰ সঁহাৰিলৈ অপেক্ষা ডিমা হাচাও বন প্ৰাধিকাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2019 5:29 pm
Kaziranga

প্ৰতিনিধিত্বমূলক ফটো।

2.2k
VIEWS
Share on FacebookShare on Twitter

ইতিপূৰ্বে পাঁচখনকৈ ৰাষ্ট্ৰীয় উদ্যান বা সংৰক্ষিত বনাঞ্চল থকা অসমে আৰু এখন ৰাষ্ট্ৰীয় উদ্যান পাব পাৰে। এই সম্ভাৱনাই দেখা দিছে ডিমা হাচাও বন প্ৰাধিকাৰীয়ে জিলাখনত এখন সংৰক্ষিত বনাঞ্চলৰ প্ৰস্তাৱ আগ বঢ়োৱাৰ পৰিপ্ৰেক্ষিতত।

বন প্ৰাধিকাৰীয়ে উত্তৰ কাছাৰ পাৰ্বত্য (ডিমা হাচাও) স্বায়ত্বশাসিত পৰিষদৰ ওচৰত এই প্ৰস্তাৱটো দিছে।

প্ৰস্তাৱিত ৰাষ্ট্ৰীয় উদ্যানখনে ছিমলেং নদীৰ আশে-পাশে প্ৰায় ১০০ বৰ্গ কিলোমিটাৰ সামৰি ল’ব, যাৰ সীমাই কাষতে কাছাৰ জিলাৰ বৰালি বন্যপ্ৰাণী অভয়াৰণ্য আৰু মেঘালয়ৰ নামপুহ বন্যপ্ৰাণী অভয়াৰণ্যক স্পৰ্শ কৰি থাকিব। জিলাখনৰ প্ৰায় ৮০ শতাংশই বনভূমিৰে আবৰা যদিও এই পৰ্য্যন্ত এখনো ৰাষ্ট্ৰীয় উদ্যান বা সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য নাই।

“আমি জিলাখনত প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান পাবলৈ উৎসাহী হৈ আছো। পৰিষদে প্ৰস্তাৱটোত অনুমোদন দিলেই আমি ৰাজ্য চৰকাৰলৈ অধিক বিস্তাৰিত প্ৰতিবেদন প্ৰেৰণ কৰিম”, আছাম ট্ৰিবিউনত ডিমা হাচাও বন বিষয়াৰ এজনৰ উদ্ধৃতি।

যদি প্ৰস্তাৱটোৰ পৰৱৰ্তী অগ্ৰগতি সঠিক পথত থাকে, তেন্তে এইখন হ’ব অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় অভয়াৰণ্য। ইয়াৰ পূৰ্বে আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান। ভাৰতত মুঠ ১১০খন ৰাষ্ট্ৰীয় উদ্যান আছে (২০১৮ চনৰ জুলাই পৰ্য্যন্ত)।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যান আৰু বন্য প্ৰাণী অভয়াৰণ্যবোৰ Wildlife Protection Act, 1972 ৰ অধীনত ঘোষণা কৰা হয়। ভাৰতৰ পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ নিয়মমতে, ৰাজ্যবোৰে ইয়াৰ অন্তৰ্গত নিৰ্দিষ্ট বনভূমিক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিবলৈ অধিসূচনা জাৰি কৰিব পাৰে।

ৰাষ্ট্ৰীয় উদ্যান ঘোষিত হ’লে সংশ্লিষ্ট বনভূমিৰ চাৰিসীমাৰ ভিতৰত মানুহৰ সকলো ধৰণৰ ক্ৰিয়াকলাপ নিষিদ্ধ হয়, যদিহে মুখ্য বন্যপ্ৰাণী তত্ত্বাৱধায়কে বিশেষ অনুমতিৰে তাক সিদ্ধ নকৰে।

Recent News

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd