• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ হেলিকপ্টাৰ পৰ্যটন: প্ৰকৃতি সংগঠনৰ প্ৰৱল প্ৰতিৰোধৰ সম্ভাৱনা

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2021 11:15 pm
IMG-20210527-WA0024-750x375

ফটো সৌজন্য টুইটাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ অন্যতম বিচৰণভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত শেহতীয়াকৈ অসম চৰকাৰে হেলিকপ্টাৰ পৰ্যটনৰ সিদ্ধান্ত লৈছে ।

ৰাষ্ট্ৰীয় উদ্যান খনৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিব পৰা চৰকাৰৰ উক্ত সিদ্ধান্তৰ বিৰুদ্ধে প্ৰকৃতিপ্ৰেমীয়ে ব্যাপক প্ৰতিৰোধ গঢ়ি তোলাৰ সম্ভাৱনা ঘনীভূত হৈ পৰিছে।

Apply Now

অসম চৰকাৰে বৃহস্পতিবাৰে কাজিৰঙাৰ হেলিকপ্টাৰ পৰ্যটনত ব্যৱহাৰ কৰিবলৈ ৰাষ্ট্ৰীয় উদ্যান খনৰ কাষৰীয়া স্থানত দুখনকৈ হেলিপেড স্থাপনৰ সিদ্ধান্ত লৈছে। যদিও হেলিপেড দুখন নিৰ্দিষ্টকৈ কোন স্থানত স্থাপন কৰা হ’ব সেয়া সঠিককৈ কোৱা হোৱা নাই তথাপি ইয়াৰে এখন নগাঁও জিলা আৰু আন খন গোলাঘাট জিলাত স্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হেলিকপ্টাৰ পৰ্যটনৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কাজিৰঙা ৱাইল্ডলাইফ ছ’চাইটিৰ সম্পাদিকা প্ৰকৃতি কৰ্মী মুবিনা আখতাৰে নৰ্থ ইষ্ট নাওক কয় যে বহু দুস্প্ৰাপ্য বন্য জীৱ আৰু উদ্ভিদেৰে পৰিপূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হেলিকপ্টাৰ পৰ্যটনৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত আত্মঘাতী সিদ্ধান্ত হ’ব। তেওঁ কয়—’আমি জানিব পাৰিছো যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কাজিৰঙাৰ ওপৰেৰে হেলিকপ্টাৰত উঠি ভ্ৰমণ কৰিছে। এয়া অতি দুৰ্ভাগ্যজনক কথা’।

মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ যাত্ৰাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে। য’ত বহু বন্যপ্ৰাণী, বিশেষকৈ বনৰীয়া ম’হে হেলিকপ্টাৰৰ প্ৰচণ্ড শব্দ শুনি প্ৰাণৰ তাড়ণাত পলোৱাৰ চেষ্টা কৰা দেখা গৈছে।ভিডিঅ’টোৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে হেলিকপ্টাৰ খন মাটিৰ পৰা প্ৰায় ৪০০ৰ পৰা ৫০০ ফুট ওপৰৰে উৰি আছিল।ইয়াৰ ফলত বন্যপ্ৰাণীসমূহ আতংকগ্ৰস্ত হৈ দৌৰি পলাইছিল।

জানিব পৰা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গেলেকী মধ্য ইমৰাজী বিদ্যালয়ৰ খেলপথাৰৰ পৰা হেলিকপ্টাৰেৰে উৰা মাৰিছিল। সেই স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী ৰেঞ্জৰ নিচেই কাষতে অৱস্থিত।

মুখ্যমন্ত্ৰীৰ উপৰি হেলিকপ্টাৰ খনত তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাও আছিল আৰু মুখ্যমন্ত্ৰীৰ পত্নীয়েও ছ’চিয়েল মিডিয়াত হেলিকপ্টাৰৰ পৰা তোলা কাজিৰঙাৰ কিছু মনোৰম আলোকচিত্ৰ প্ৰকাশ কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হেলিকপ্টাৰ পৰ্যটনৰ আন এটা নেতিবাচক তথা বিপজ্জনক দিশৰ কথা আঙুলিয়াই দি মুবিনা আখতাৰে কয় যে হেলিকপ্টাৰৰ পৰা গ্ৰহণ কৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ দৃশ্যৰাজিয়ে চোৰাং চিকাৰীসকলক তেওঁলোকৰ দুষ্কাৰ্য সহজে সম্পন্ন কৰাত সহায় কৰিব।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হেলিকপ্টাৰ পৰ্যটন আৰম্ভ হ’লে প্ৰব্ৰজনকাৰী চৰাইৰ যাত্ৰা পথতো বাধাৰ সৃষ্টি কৰিব বুলি আখতাৰে মন্তব্য কৰে। উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে প্ৰায় ৪৭৮ টা প্ৰজাতিৰ (প্ৰব্ৰজনকাৰী আৰু স্থানীয়) চৰাইৰ বিচৰণভূমি।ইয়াৰে ২৫ টা প্ৰজাতি সমগ্ৰ বিশ্বতে বিপন্ন আৰু ২১ টা প্ৰজাতি প্ৰায় বিপন্নৰ তালিকাত স্থান পাইছে।

বাৰ্ডলাইফ ইণ্টাৰনেচনেলে চৰাইৰ উৎকৃষ্ট আবাসস্থল হিচাবে চিহ্নিত কৰা কাজিৰঙালৈ সেয়ে হেলিকপ্টাৰ পৰ্যটনে চৰাইৰ প্ৰতি বিপদহে মাতি আনিব বুলি তেওঁ কয়।

মুবিনা আখতাৰে এই প্ৰসংগতে ব্যাঘ্ৰ প্ৰকল্পৰ ওপৰেৰে হেলিকপ্টাৰ উৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে ২০১২ চনৰ ২৪ জুলাইত প্ৰদান কৰি থোৱা ৰায়টোৰ কথাও উল্লেখ কৰে।

শব্দ প্ৰদূষণে যিহেতু বন্যপ্ৰাণীৰ জীৱন-যাত্ৰাত নেতিবাচক প্ৰভাৱ পেলায় সেয়ে চৰকাৰৰ হেলিকপ্টাৰ পৰ্যটনৰ সিদ্ধান্তটো বুমেৰাঙতহে পৰিণত হ’ব বুলি বহু প্ৰকৃতিপ্ৰেমীয়ে মন্তব্য কৰিছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

September 19, 2026 9:00 am
প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

September 19, 2026 8:08 am
উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

September 19, 2026 9:00 am
প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

September 19, 2026 8:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd