ৰাজ্যখনত ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি শিৱসাগৰ জিলা ছাত্ৰ সন্থা আৰু মহকুমা ছাত্ৰ সন্থাই শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
দুই শতাধিক বিক্ষোভকাৰী আছু কৰ্মীয়ে ‘মূল্যবৃদ্ধি ৰোধ কৰক, ৰাজ্য চৰকাৰ হায় হায়, আচ্ছে দিনৰ সপোন দেখুওৱা মোদী চৰকাৰ হায় হায়’ আদি শ্ল’গানেৰে বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
তাৰোপৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে তৎকালে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত আছুৱে ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি বিক্ষোভস্থলীৰ পৰা আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাই সকীয়াই দিয়ে।
আনহাতে জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ বৰগোহাঁয়ে দৰিদ্ৰ জনসাধাৰণক ভাল দিনৰ সপোন দেখুওৱা নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰ জনসাধাৰণক অধিক দৰিদ্ৰ কৰি পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰা বুলি অভিযোগ উত্থাপন কৰে।
আজিৰ বিক্ষোভস্থলীত উজনি অসম মুছলিম কন্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মণিৰুল ইছলাম বড়াই কয় যে বিগত বিধান সভা নিৰ্বাচনত অসমৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে বহু আশাৰে বিজেপিক ভোট দি ৰাজ্যৰ ক্ষমতাত অধিষ্ঠিত কৰিছিল। কিন্তু ৰাজ্য চৰকাৰে বৰ্তমান নিৰ্বাচনৰ পূৰ্বে দিয়া অধিকাংশ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে।
আজিৰ প্ৰতিবাদস্থলীত জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অমূল্য গগৈ, মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মণ্টু চাহু, সম্পাদক সুভাষ চন্দ্ৰ দাস, উপদেষ্টা ৰঞ্জন কোঁৱৰৰ উপৰিও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদককে ধৰি বহুসংখ্যক বিষয়ববীয়াই অংশ গ্ৰহণ কৰে।