• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চামগুৰিত বন্ধ সমৰ্থকৰ উদ্ভণ্ডালি : গুৰুতৰভাৱে আহত শিশু, মহিলা

বিদ্যুৎ জ্যোতি বৰা by বিদ্যুৎ জ্যোতি বৰা
November 3, 2018 9:40 pm
881
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰিবালি, গটঙা, লাওখোৱা আদি অঞ্চলত বন্ধ সমৰ্থকে পালন কৰা চূড়ান্ত বিক্ষোভ কাৰ্যসূচীত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ।

প্ৰাপ্ত তথ্য মতে নগাঁও জিলাৰ চামগুৰিৰ সোণাৰিবালিত আজি পুৱাৰে পৰা বন্ধ সমৰ্থকে টায়াৰ জ্বলাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰাৰ লগতে গুণোৎসৱৰ বাবে অহা বহু সংখ্যক শিক্ষক-কৰ্মচাৰীক পথতে আবদ্ধ কৰি ৰাখে।

আনহাতে বন্ধ সমৰ্থকৰ একাংশই ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথতে তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী এ এছ টি চি বাছখন ভাঙি লণ্ডভণ্ড কৰে। ফলত বাছখনৰ দুগৰাকীকৈ মহিলা যাত্ৰী গুৰুতৰভাৱে আহত হয়।

ইফালে ৰঙাগড়াত বন্ধ সমৰ্থকে কৰা শিলাবৰ্ষণত এটি প্ৰায় দুবছৰীয়া শিশু গুৰুতৰভাৱে আহত হয়। ফলত ততাতৈয়াকৈ জৰুৰী চিকিৎসাৰ বাবে শিশুটিক জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

একেদৰে যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী এ এছ ০১ ডি চি ৯৯৯৯ নম্বৰৰ শিৱানী নামৰ ব্যক্তিগত চুপাৰখনৰো সন্মুখৰ গ্লাছ ভাঙি ব্যাপক ক্ষতি সাধন কৰে।

শতাধিক মটৰচাইকেল লৈ অহা একাংশ বন্ধ সমৰ্থকে চামগুৰিৰ লাওখোৱা আৰু শান্তি বজাৰৰ দৈনিক বজাৰৰ দোকান-পোহাৰ দাবী ধমকিৰে বন্ধ কৰি দিয়ে বুলি জানিব পৰা গৈছে। আনকি বন্ধ সমৰ্থকৰ উদ্ভণ্ডালিৰ সন্মুখত আৰক্ষী প্ৰশাসনো নিৰ্বিকাৰ হৈ পৰা পৰিলক্ষিত হয়।

ইফালে বিয়লিৰ ভাগত চামগুৰি সোণাৰিবালি, গটঙাৰ লগতে আন কেবাঠাইৰ পৰা প্ৰায় ২৬ জনকৈ বন্ধ সমৰ্থকক চামগুৰি আৰক্ষীৰ লগতে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকসহ কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত আটক কৰিবলৈ সক্ষম হয়।

বাতৰি লিখা সময়লৈকে আটকাধীন লোক কেইজনক চামগুৰি আৰক্ষী থানাত সোধপোছ কৰি আছে যদিও একাংশ লোকে আটকাধীন ২৬ জন লোকৰ মকুলৰি অপেক্ষাত চামগুৰি থানা চৌহদত ভিৰ কৰা পৰিলক্ষিত হৈছে।

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd