মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ তাছখাইত এক ভয়ংকৰ বিস্ফোৰণে জোকাৰি যায়। তাত থকা কয়লা খনিত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণত কমেও ১০ জন শ্ৰমিক নিহত হয়। এজন শ্ৰমিক আহত হৈছে। আহত শ্ৰমিকজনক শ্বিলঙৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
আশংকা কৰা হৈছে যে আৰু বহুতেই ভিতৰত আবদ্ধ হৈ পৰিছে। উদ্ধাৰৰ কাম আৰম্ভ হৈছে। সেই স্থানত উপস্থিত হৈছে মেঘালয় আৰক্ষী।
প্ৰথম অৱস্থাত জনা গৈছে যে কয়লা খনিৰ ভিতৰতে বিস্ফোৰণ সংঘটিত হৈছে। তাত আছিল বহু শ্ৰমিক। আৰক্ষী অধীক্ষক বিকাশ কুমাৰে জনোৱা মতে, বিস্ফোৰণৰ সময়ত খনিটোৰ ভিতৰত কিমান শ্ৰমিক আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ফলত হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
বিস্ফোৰণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। কয়লা খননৰ বাবে ব্যৱহাৰ কৰা বিস্ফোৰক সামগ্ৰী বিস্ফোৰণৰ কাৰণ আছিল নে নাই সেই বিষয়ে তদন্ত অব্যাহত আছে। খনিটোত অবৈধ কয়লা খনন চলি আছিল নেকি সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
পৰিবেশৰ ক্ষতি আৰু জীৱনৰ শংকাৰ বাবে ২০১৪ চনত মেঘালয়ত ৰেট হোল কয়লা খনন নিষিদ্ধ কৰিছিল ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে। একে সময়তে কয়লা পৰিবহণতো বাধা আৰোপ কৰা হয়। ৰেট হোল খননত সাধাৰণতে ৩-৪ ফুট ওখ সংকীৰ্ণ আনুভূমিক সুৰংগ খন্দা হয়, যাৰ বাবে কয়লা উলিয়াবলৈ শ্ৰমিকসকলে ভিতৰলৈ হাউলি সোমাই যাব লাগে। এইটো অত্যন্ত কষ্টকৰ কাম।





